গুৱাহাটী, 12 মার্চ: অভিলেখ গঢ়িলেও কিন্তু ঋণ লোৱাৰ ক্ষেত্ৰত অলপো থমকি ৰোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ ঋণৰ ওপৰত ঋণ লৈ অভিলেখ সৃষ্টি কৰা অসম চৰকাৰ পুনৰ ঋণ লোৱাৰ বাবে প্ৰস্তুত হৈছে ৷ ৰাজহ ঘাটি জোৰা মৰাৰ বাবে পুনৰ এক হাজাৰ কোটি টকা ঋণ ল’ব অসম চৰকাৰে (Assam govt take more loan) ৷
ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ বাবে নিবিদা প্ৰকাশ কৰিছে ৷ 14 মার্চ নিবিদা দাখিলৰ দিন ধার্য কৰি ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে চৰকাৰে ৷ চলিত বৰ্ষৰ প্ৰথম দুটা মাহতে অসম চৰকাৰে মুঠ 3,200 কোটি টকা ঋণ লোৱাৰ পাচত এইবাৰ পুনৰ 1000 কোটি টকা ঋণ লোৱাৰ বাবে নিবিদা আহ্বান কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন উৎসৰ পৰা অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ এই পর্যন্ত 1 লাখ 42 হাজাৰ কোটি টকালৈ বৃদ্ধি পালে (Debt on Assam govt) ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসম চৰকাৰে মুকলি বজাৰৰ পৰাও কোটি কোটি টকা ঋণ লৈছিল ৷ বিত্ত বিভাগৰ এক সূত্ৰই সদৰী কৰা মতে ঋণৰ বাবদ অসম চৰকাৰে প্ৰায় 35 হাজাৰ কোটি টকা সুদ পৰিশোধ কৰিবলগীয়া হৈছে (Outstanding debt of Assam govt) ৷ পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ তুলনাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অধিক ঋণ লোৱাৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ৷ ইফালে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ ঋণৰ পৰিমাণ আছিল 35,690 কোটি টকা ৷
উল্লেখ্য যে, অসম চৰকাৰে হিতাধিকাৰী আঁচনিৰ ধনৰ জোৰা মৰাৰ বাবে প্ৰতি মাহে ঋণ ল'বলগীয়া হৈছে ৷ কৰ্মচাৰীক বেতন আৰু পেঞ্চন প্ৰদান কৰাৰ নামতে ৰাজ্য চৰকাৰখনে প্ৰতি মাহে ব্যয় কৰে কেইবা হাজাৰ কোটি টকা ৷ হিতাধিকাৰী আঁচনিৰ নামতো চৰকাৰখনৰ ব্যয় হয় বুজন পৰিমাণৰ পুঁজি ৷
অৰুণোদয় আঁচনিৰ(Assam Orunodoi scheme) নামতে চৰকাৰখনে চলিত বৰ্ষত 3,489 কোটি টকা ব্যয় কৰিছে ৷ প্ৰায় 17 লাখ মহিলাক অৰুণোদয় আঁচনিৰ সুবিধা দিছিল যদিও চলিত মাৰ্চৰ ভিতৰত 10.57 লাখ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰ উপৰি চলিত বৰ্ষতে পুনৰ 8 লাখ পৰিয়ালৰ মহিলাক অৰুণোদয় আঁচনিৰ অধীনত চৰকাৰে সামৰি ল'ব ৷ অর্থাৎ 2023 চনৰ ভিতৰত ৰাজ্যৰ 35 লাখ মহিলা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ’ব ৷ যাৰ ফলত অৰুণোদয়ৰ নামতে বছৰি পাঁচ হাজাৰ কোটিতকৈ বেছি টকা ব্যয় হ’ব ৷ তদুপৰি চৰকাৰখনে উচ্চতৰ মাধমিকত প্ৰথম বিভাগত উত্তীর্ণ সকলক স্কুটী প্ৰদান কৰা, মাইক্ৰ’ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক সাহায্য প্ৰদান কৰা আদিৰ নামতো বৃহৎ পুঁজি ব্যয় কৰি আহিছে ৷
ইফালে 14 এপ্ৰিলত বিহুনাচক গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰাৰ বাবে অসম চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৷ 11 হাজাৰ বিহুৱা-বিহুৱতীয়ে একেলগে প্ৰদৰ্শন কৰিব বিহুনাচ ৷ অনুষ্ঠানটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও উপভোগ কৰিব ৷ এই বিয়াগোম অনুষ্ঠানটোৰ নামতো 100 কোটিৰো অধিক টকা ব্যয় হ’ব ৷ লক্ষণীয় বিষয় যে অসম চৰকাৰে পুঁজিৰ ক্ষেত্ৰত সদায়ে কেন্দ্ৰৰ ওচৰত নিৰ্ভৰশীল যদিও এতিয়া জি এছ টিৰ ক্ষতিপূৰণৰ ধনো বন্ধ কৰি দিছে কেন্দ্ৰই ৷ যাৰ পৰিপ্ৰেক্ষিতত সংকটত পৰিছে অসম চৰকাৰ ৷ কিন্তু বিত্তীয় সংকটৰ পাচতো চৰকাৰখনে চমক সৃষ্টিৰ পৰা বিৰত থকা নাই (Financial crisis facing by Himanta Govt) ৷
লগতে পঢ়ক: Akhil Gogoi Press Meet: অসমৰ ইতিহাসত সৰ্বাধিক ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: অখিল গগৈ