ETV Bharat / state

Polygamy in Assam: ৰাজ্যৰ বহুবিবাহ নিষিদ্ধকৰণৰ প্ৰস্তাৱিত আইনৰ বাবে নাগৰিকৰ পৰামৰ্শ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Aug 21, 2023, 7:15 PM IST

বহু বিবাহ নিষিদ্ধকৰণ প্ৰস্তাৱিত আইনখনৰ প্ৰসংগত বিচৰা হৈছে জনসাধাৰণৰ মতামত ৷ এই সন্দৰ্ভত জনসাধাৰণৰ প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো অসমবাসীলৈ জনাইছে আহ্বান ৷ পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্যৰে এক ই-মেইলৰো ব্যৱস্থা কৰিছে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ৷

Assam govt seeks Public Views
বহুবিবাহ নিষিদ্ধকৰণৰ প্ৰস্তাৱিত আইন

গুৱাহাটী, 21 আগষ্ট : ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰিবৰ বাবে সন্তপৰ্ণে আগবাঢ়িছে ৰাজ্য চৰকাৰে ৷ সমালোচনা বা বিতৰ্কৰ বাবে কোনো সুৰুঙা ৰাখিব বিচৰা নাই মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰে ৷ সেয়ে ৰাজ্যত বহু বিবাহ নিষিদ্ধকৰণ প্ৰস্তাৱিত আইনখনৰ প্ৰসংগত বিচৰা হৈছে জনসাধাৰণৰ মতামত ৷ এই প্ৰসংগত জনসাধাৰণৰ প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো অসমবাসীলৈ জনাইছে আহ্বান ৷

টুইটাৰত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ বিশেষ ৰাজহুৱা জাননী সংলগ্ন কৰি এই আহ্বান জনোৱা হৈছে ৷ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে বিশেষ এখন ৰাজহুৱা জাননী জাৰি কৰিছে ৷ এই জাননীখনত উল্লেখ কৰা হৈছে যে ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰা আইন প্ৰণয়ন কৰিবলৈ বিধানসভাৰ গ্ৰহণযোগ্যতা অধ্যয়নৰ বাবে অসম চৰকাৰে এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল ৷ বহুবিবাহ নিষিদ্ধকৰণৰ আইন প্ৰণয়ন কৰিবলৈ ৰাজ্যিক বিধানসভা গ্ৰহণযোগ্য বুলি পৰামৰ্শ দি বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰে ৷

  • Members of the public are requested to send us their suggestions on the proposed law to ban polygamy in Assam. pic.twitter.com/FpKl0MgYqB

    — Himanta Biswa Sarma (@himantabiswa) August 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অসম চৰকাৰে গঠন কৰা বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ কাৰ্যকৰী সাৰাংশ এনেধৰণৰ- "ভাৰতীয় সংবিধানে ৰাষ্ট্ৰ আৰু ৰাজ্যসমূহক কিছুমান বিষয়ত আইন প্ৰণয়নৰ কৰ্তৃত্ব প্ৰদান কৰে ৷ ’বিবাহ’ সমান্তৰাল তালিকাৰ অন্তৰ্গত, যাৰ ফলত কেন্দ্ৰ আৰু ৰাজ্য দুয়োখনেই আইন প্ৰণয়ন কৰিবলৈ সক্ষম হয় ৷" ৰাজ্যৰ আইনখনে যদি কেন্দ্ৰীয় আইনখনৰ বিৰোধিতা কৰে, তেন্তে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পূৰ্ব সন্মতি লাভ নকৰালৈকে ৰাজ্যৰ আইনখনক উলংঘা কৰা হ’ব ৷ সংবিধানৰ 25 আৰু 26 নং অনুচ্ছেদত বিবেকৰ স্বাধীনতা আৰু ধৰ্ম পালনৰ অধিকাৰ প্ৰদান কৰা হৈছে ৷ কিন্তু এই অধিকাৰসমূহ পৰম নহয় আৰু ৰাজহুৱা ব্যৱস্থা, নৈতিকতা, স্বাস্থ্য, আৰু সমাজ কল্যাণ আৰু সংস্কাৰৰ বাবে আইনগত বিধানৰ অধীনত থাকে ৷

ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে সুৰক্ষা লাভ কৰিবলৈ ধৰ্মীয় আচাৰ-ব্যৱহাৰ অত্যাৱশ্যকীয় আৰু ধৰ্মৰ সুৰক্ষাৰ অবিচ্ছেদ্য অংগ হ’ব লাগিব ৷ জাননীখনত লগতে কোৱা হৈছে “ইছলামৰ প্ৰতি সন্মান জনাই আদালতে ৰায় দিছে যে এগৰাকীতকৈ অধিক পত্নী থকাটো ধৰ্মৰ অপৰিহাৰ্য অংগ নহয় ৷ পত্নীৰ সংখ্যা সীমিত কৰা আইন প্ৰণয়নে ধৰ্ম পালনৰ অধিকাৰত বাধা নিদিয়ে আৰু ই "সামাজিক কল্যাণ আৰু সংস্কাৰৰ" পৰিসৰৰ ভিতৰত থাকে ৷ সেয়েহে এক পত্নীৰ পক্ষত থকা আইনসমূহে 25 নং অনুচ্ছেদ উলংঘা নকৰে ৷ এই নীতিসমূহ বিবেচনা কৰিলে, অসম ৰাজ্যত বহুবিবাহৰ অন্ত পেলাবলৈ ৰাজ্যিক বিধানসভাৰ থাকিব বিধান প্ৰণয়নৰ ক্ষমতা ৷ ৰাইজৰ সদস্য সকলক এতিয়া তেওঁলোকৰ পৰামৰ্শসমূহ জনাবলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷

অসমত বহুবিবাহ নিষিদ্ধকৰণৰ প্ৰস্তাৱিত আইনৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্যৰে এক ই-মেইলৰো ব্যৱস্থা কৰিছে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ৷ আগ্ৰহী সকলে এই প্ৰসংগত অহা 30 আগষ্টৰ ভিতৰত নিজৰ পৰামৰ্শসমূহ প্ৰেৰণ কৰিব পাৰিব ৷ ই-মেইলটো হ’ল—lawonpolygamy@assam.gov.in ৷ লগতে প্ৰধান সচিব, অসম চৰকাৰ, গৃহ আৰু ৰাজনৈতিক বিভাগ, অসম সচিবালয়, দিছপুৰ-781006 এই ঠিকনালৈয়ো ডাকযোগে পত্ৰ প্ৰেৰণ কৰিব পাৰিব বহু বিবাহ নিষিদ্ধকৰণ প্ৰস্তাৱিত আইনৰ প্ৰসংগত নিজৰ পৰামৰ্শ ৷ নাইবা ডাকযোগে বা ই-মেইলৰ জৰিয়তে home.assam@gov.in লৈয়ো পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব ৷ আগন্তুক বিধানসভাৰ শৰৎকালীন অধিৱেশনতে এই আইনখন অনুমোদনৰ বাবে বিধানসভাত উত্থাপনৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : MP Gaurav Gogoi PC: দুৰ্বল হৈছে বিজেপি, '২৪ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ, গৌৰৱ গগৈৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.