ETV Bharat / state

Sattriya dance festival next year:কণার্ক ডান্স ফেষ্টিভেলৰ আৰ্হিত আগন্তুক জানুৱাৰীত হ’ব তিনিদিনীয়াকৈ সত্ৰীয়া নৃত্য উৎসৱ - সত্ৰীয়া নৃত্য

কণার্ক ডান্স ফেষ্টিভেল হৈছে পাঁচিদিনীয়া এটা ডান্স ফেষ্টিভেল ৷ তাৰ আৰ্হিতেই ৰাজ্যৰ সাংস্কৃতিক বিভাগে এইবাৰ অসমত পাতিবলৈ আগবাঢ়িছে সত্ৰীয়া নৃত্য উৎসৱ ৷

sattriya dance festival next year
সত্ৰীয়া নৃত্য উৎসৱ
author img

By

Published : Aug 4, 2023, 10:56 PM IST

গুৱাহাটী, ৪ আগষ্ট : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি তথা দেশৰ অন্যতম শাস্ত্ৰীয় নৃত্যশৈলীৰূপে স্বীকৃত সত্ৰীয়া নৃত্যৰ জনপ্ৰিয়তা আৰু প্ৰসাৰ বৃদ্ধিৰ বাবে অসম চৰকাৰে হাতত লৈছে এক আদৰণীয় তথা প্ৰশংসনীয় পদক্ষেপ । সেই উদ্দেশ্যেই শুকুৰবাৰে সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ সভাপতিত্বত দিশপুৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

কণার্ক ফেষ্টিভেলৰ আৰ্হিত আগন্তুক বৰ্ষৰ ৫,৬ আৰু ৭জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সত্ৰীয়া নৃত্য উৎসৱ আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ বিষয়াসকলৰ উপস্থিতিত দিশপুৰৰ সভাখনত সত্ৰীয়া নৃত্য উৎসৱ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয় ।

ওড়িশাৰ কণাৰ্কস্থিত সূৰ্য মন্দিৰৰ পটভূমিত প্ৰতিবছৰে ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে কণার্ক ডান্স ফেষ্টিভেল অনুষ্ঠিত হয় ৷ ১৯৮৬ চনৰ পৰা ওড়িশা পৰ্যটন আৰু ওড়িশি গৱেষণা কেন্দ্ৰই যুটীয়াভাৱে এই উৎসৱৰ আয়োজন কৰি আহিছে ৷ বৈচিত্ৰ্যপূৰ্ণ ভাৰতীয় নৃত্য ঐতিহ্যৰ লগতে কণাৰ্ক মন্দিৰ আৰু ওড়িশাক পৰ্যটনস্থলী হিচাপে জনপ্ৰিয় কৰাই এই কণার্ক ডান্স ফেষ্টিভেলৰ মূল উদ্দেশ্যে ।

অসম চৰকাৰে অনুষ্ঠিত কৰিবলৈ আগবঢ়া সত্ৰীয়া নৃত্য মহোৎসৱৰ একেখন মঞ্চতে দেশৰ অন্যান্য শাস্ত্ৰীয় নৃত্যশৈলীসমূহো পৰিৱেশিত হ’ব । প্ৰতিটো নৃত্য শৈলীৰে একক, দ্বৈত, তিনিজনীয়া আৰু দলীয়ভাৱে নৃত্য পৰিৱেশন হ'ব ৷ এই নৃত্য উৎসৱত প্ৰতিদিনে আলোচনা চক্র, মত বিনিময় অনুষ্ঠান আদিৰ ব্যৱস্থা থাকিব । এই সন্দৰ্ভত বিষদভাৱে আলোচনা কৰাৰ বাবে এক বিশদ পৰিকল্পনা যুগুতাই উলিওৱাৰ লগতে পৰৱৰ্তী পৰ্যায়ত সত্ৰীয়া নৃত্য বিশেষজ্ঞ তথা অনুষ্ঠান সমূহৰে এক বৈঠক আহ্বান কৰিব ৰাজ্যৰ সাংস্কৃতিক বিভাগে ৷

লগতে পঢ়ক : G R Ravindra Raju: বাজপেয়ী ভৱন আহি পালে জি আৰ ৰবীন্দ্ৰ ৰাজু; শনিবাৰে তামুলপুৰত বিষয়বীয়াৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.