ETV Bharat / state

World Environment Day : বিশ্ব পৰিৱেশ দিৱসত ১০৬ স্থানত বাটৰ নাট প্ৰদৰ্শন; মন্ত্রী বিমল বড়াৰ ঘোষণা

author img

By

Published : Jun 3, 2023, 8:51 PM IST

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৫ জুনৰ দিনা পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে (minister Bimal Bora on World Environment Day) । পৰিৱেশ দিৱসৰ দিনাখন প্ৰকৃতি সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যজুৰি বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব । এক সংবাদমেলত মন্ত্ৰী বিমল বড়াই এই কথা কয় ।

World Environment Day
World Environment Day
বিশ্ব পৰিৱেশ দিৱসত বাটৰ নাটৰ আয়োজন

গুৱাহাটী,৩ জুন : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এইবাৰ অসম চৰকাৰে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে (World Environment Day to observed in Assam) । অহা ৫ জুনত অসম চৰকাৰে ৰাজ্যজুৰি ব্যতিক্ৰমী ৰূপত উদযাপন কৰিব বিশ্ব পৰিবেশ দিৱস । এই সন্দৰ্ভত শনিবাৰে সাংস্কৃতিক মন্ত্রী বিমল বড়াই গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰে (Assam govt initiatives on World Environment Day) । সংবাদমেলত মন্ত্রী বিমল বড়াই কয় যে এইবাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৫ জুনৰ দিনা পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে (cultural minister Bimal Bora on World Environment Day) ।

পৰিৱেশ দিৱসৰ দিনাখন প্ৰকৃতি সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যজুৰি বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব । 'প্লাষ্টিক এৰো পৃথিৱী গঢ়ো' শীৰ্ষক বাটৰ নাটখন ৫ জুনৰ দিনা ৰাজ্যৰ ৩১ খন জিলাৰ মুঠ ১০৬ টা স্থানত প্ৰদৰ্শন কৰা হ'ব (street play on occasion of World Environment Day) । ইয়াৰ বাবে ১০৬ টা নাট্য দল সাজু কৰা হৈছে । উল্লেখ্য যে এই একেটা দিনতেই এই নাট্যদলসমূহে ১০৬ টা স্থানত বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব ।

আনহাতে, বাটৰ নাট উপভোগ কৰিবলৈ অহা দৰ্শকক বন বিভাগৰ তৰফৰ পৰা একোটিকৈ মূল্যৱান গছৰ পুলি উপহাৰ হিচাপে প্ৰদান কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মন্ত্রী বিমল বড়াই লগতে কয় যে বিশ্ব পৰিৱেশৰ দিনাখন ১ লাখৰো অধিক গছপুলি বিতৰণ কৰা হ'ব । প্ৰকৃতি ৰক্ষাৰ এই কাৰ্যসূচীত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে মন্ত্রীগৰাকীয়ে ।

উল্লেখ্য যে প্ৰতিবছৰে ৫ জুনত আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টি আৰু পদক্ষেপ গ্ৰহণক উদগনি দিয়াৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । চৰকাৰী-বেচৰকাৰী স্তৰত সমগ্ৰ বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ।

১৯৭৩ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছিল বিশ্ব পৰিৱেশ দিৱস । তেতিয়াৰে পৰা সামুদ্ৰিক প্ৰদূষণ, অত্যধিক জনসংখ্যা, গোলকীয় উষ্ণতা বৃদ্ধি, বহনক্ষম বিকাশ আৰু বন্যপ্ৰাণী অপৰাধৰ দৰে পাৰিপাৰ্শ্বিক বিষয়বোৰৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ এক মঞ্চ হৈ আহিছে বিশ্ব পৰিৱেশ দিৱস ।

লগতে পঢ়ক :Heatwave hits Assam: উৎকট গৰম; বিদ্যালয়ৰ পাঠদান পুৱা 7.30 বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.