ETV Bharat / state

Paddy Procurement : অসমত মাৰ্চ মাহলৈ চাৰি লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ অভিলেখ

author img

By

Published : Apr 1, 2023, 7:23 PM IST

লক্ষ্য ১০ লাখ মেট্ৰিক টন । এতিয়ালৈকে ছটা চৰকাৰী সংস্থাই কৃষকৰ পৰা প্ৰত্যক্ষভাৱে ক্ৰয় কৰিছে ৪ লাখ মেট্ৰিক টনতকৈ অধিক ধান (Assam Govt has purchased paddy)। অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে ক্ৰয় কৰিছে সৰ্বাধিক ২,২৬,০৩৯ মেট্ৰিক টন ধান ।

Paddy Procurement
ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিছে ১,৩২,৩১২ মেট্ৰিক টন

গুৱাহাটী, ১ এপ্ৰিল : পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে কম সময়ৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ ধান চৰকাৰী সংস্থাসমূহে ক্ৰয় কৰিছে । মাৰ্চ মাহ পর্যন্ত ৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে (Assam Govt has purchased paddy) । আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি সন্তুষ্টি ব্যক্ত কৰিছে ।

Paddy Procurement
অসমত মাৰ্চ মাহ পর্যন্ত ৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে

উল্লেখ্য যে, বিগত বৰ্ষত জুন মাহতহে চৰকাৰী সংস্থাসমূহে ৪ লাখ টন ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছিল (Assam Govt four lakh tonnes of paddy procurement as of March 2023) । কিন্তু এইবাৰ মার্চতেই ৪ লাখ টন ধান ক্ৰয় কৰিবলৈ সক্ষম হোৱাটো বৃহৎ সফলতা । তথ্য অনুসৰি, এতিয়ালৈ ৪,০০,০১১ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে । ধান ক্ৰয়ত মুঠ ছয়টা চৰকাৰী সংস্থাক নিয়োগ কৰা হৈছিল আৰু এই আটাইকেইটা সংস্থা মিলি এতিয়ালৈ ৪ লাখ মেট্ৰিক টনতকৈ অধিক ধান কৃষকৰ পৰা প্ৰত্যক্ষভাৱে ক্ৰয় কৰিছে ।

এই ছয়টা সংস্থাৰ ভিতৰত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে সৰ্বাধিক ২,২৬,০৩৯ মেট্ৰিক টন ধান ক্ৰয় কৰিছে । আনহাতে, ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিছে ১৩২৩১২ মেট্ৰিক টন । সেইদৰে আনকেইটা সংস্থাৰ ভিতৰত অসম কৃষি সামগ্ৰী বিপণন পৰিষদে ৪,২৬৬ মেট্ৰিক টন, এন এ চি অ’ এফে ৪,৩৪৪ মেট্ৰিক টন, নাফেডে ২৮,৬২২ মেট্ৰিক টন আৰু এন চি চি এফ নামৰ প্ৰতিষ্ঠানটোৱে এই পর্যন্ত ৪,৪২৮ মেট্ৰিক টন ধান ক্ৰয় কৰিছে ।

Paddy Procurement
ছটা চৰকাৰী সংস্থাই কৃষকৰ পৰা প্ৰত্যক্ষভাৱে ক্ৰয় কৰিছে ৪ লাখ মেট্ৰিক টনতকৈ অধিক ধান

ভাৰতীয় খাদ্য নিগমক অধিক পৰিমাণৰ ধান ক্ৰয়ৰ দায়িত্ব অর্পণ কৰা হৈছিল যদিও এই পর্যন্ত খাদ্য নিগমৰ তুলনাত খাদ্য আৰু অসামৰিক যোগান নিগমেহে সৰ্বাধিক পৰিমাণৰ ধান ক্ৰয় কৰিছে । লক্ষণীয় বিষয় যে, এইবাৰ ৰাজ্যখনত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে ৷

বিগত বছৰতো চৰকাৰে ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও সংস্থাসমূহে সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে । কিন্তু এইবাৰ ধান ক্ৰয়ত আগতীয়াকৈ যথেষ্ট আশানুৰূপ ফলাফল পৰিলক্ষিত হৈছে । অসমত এই পর্যন্ত ৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে যদিও দেশৰ কেইবাখনো ৰাজ্যত আকৌ অসম যথেষ্ট পিচপৰি আছে ।

Paddy Procurement
অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে ক্ৰয় কৰিছে সৰ্বাধিক ২,২৬,০৩৯ মেট্ৰিক টন ধান

তথ্য অনুসৰি, ১৫ মাৰ্চ পর্যন্ত অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত ২১.৬৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাটো সম্ভৱ হৈ উঠিছে । কিন্তু পশ্চিমবংগত ভাৰতীয় খাদ্য নিগমে অলপো ধান ক্ৰয় কৰা নাই । পশ্চিম বংগ চৰকাৰৰ অধীনস্থ সংস্থাইহে সেই ধান ক্ৰয় কৰিছে ।

একেদৰে ধান ক্ৰয়ত অসম চালুকীয়া অৱস্থাত থকাৰ সময়ত পঞ্জাৱত ১৮২.১১ লাখ মেট্ৰিক টন, ছট্টিশগড়ত ৮৭.৫৩ লাখ মেট্ৰিক টন, উত্তৰ প্ৰদেশত ৬৫.৫০ লাখ মেট্ৰিক টন, তেলেংগানাত ৬৪.৯২ লাখ মেট্ৰিক টন, ওড়িষাত ৬৩.২১ লাখ মেট্ৰিক টন, হাৰিয়ানাত ৫৮.৯৬ লাখ মেট্ৰিক টন আৰু মধ্য প্ৰদেশত ৪৬.১৬ লাখ মেট্ৰিক টন ধান চৰকাৰী সংস্থাসমূহে ক্ৰয় কৰিছে ।

দেশৰ আন কেইবাখনো ৰাজ্যত অসমৰ তুলনাত বহুগুণ অধিক ধান ক্ৰয় কৰা হৈছে । সেই তুলনাত অসমত মাত্ৰ ৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে । অৱশ্যে পূৰ্বৰ তুলনাত এই পৰিমাণ যথেষ্ট আশাব্যঞ্জক ।

লগতে পঢ়ক : Borjuli Wild Rice Site: বৰজুলি জৈৱ বৈচিত্ৰ সংৰক্ষিত অঞ্চলত বিৰল প্ৰজাতিৰ বনৰীয়া ধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.