ETV Bharat / state

Muslim communities of Assam: পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ আৰ্থ-সামাজিক মূল্যায়নৰ সিদ্ধান্ত অসম চৰকাৰৰ - সংখ্যালঘু পৰিক্ৰমা বিভাগ

জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বৈঠক । ৰাজ্য চৰকাৰে অসমৰ পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্ৰদায় গৰিয়া, মৰিয়া, দেশী, চৈয়দ আৰু জলহাৰ উন্নয়ন সাধন কৰাৰ বাবে আৰ্থ-সামাজিক মূল্যায়ন কৰিব । সংশ্লিষ্ট কর্তৃপক্ষক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ।

socio economic assessment
five Indigenous Muslim communities of Assam
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 9:20 PM IST

গুৱাহাটী, ৩ অক্টোবৰ: ৰাজ্য চৰকাৰে অসমৰ পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্ৰদায় গৰিয়া, মৰিয়া, দেশী, চৈয়দ আৰু জলহাৰ সৰ্বাংগীন উন্নয়ন সাধনৰ বাবে আৰ্থ-সামাজিক মূল্যায়ন কৰিব । মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ আৰ্থ-সামাজিক মূল্যায়নৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট কর্তৃপক্ষক এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে আর্থ-সামাজিক মূল্যায়ন সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্য চৰকাৰে এই সম্প্ৰদায় কেইটাৰ আৰ্থ-ৰাজনীতিক, শৈক্ষিক, স্বাস্থ্য আদি দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে ।

  • In a meeting held at Janata Bhawan, HCM Dr @himantabiswa directed the officials concerned to carry out a socio-economic assessment of Assam's Indigenous Muslim communities (Goria, Moria, Deshi, Syed & Jolha).

    This findings of which will guide the Government to take suitable… pic.twitter.com/juQbXbs9yv

    — Chief Minister Assam (@CMOfficeAssam) October 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইতিমধ্যে ৰাজ্যিক কেবিনেটে এই মুছলমান সম্প্ৰদায় কেইটাক খিলঞ্জীয়াৰ মৰ্যাদা প্ৰদান কৰিছে । ৰাজ্যখনত পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ আৰ্থ-সামাজিক মূল্যায়নৰ সিদ্ধান্তই এই সম্প্ৰদায় কেইটাৰ স্বাস্থ্য সেৱা, সাংস্কৃতিক পৰিচয়, শিক্ষা, আৰ্থিক অন্তর্ভুক্তি, দক্ষতা বিকাশ, মহিলা সৱলীকৰণ আদি বিষয়ৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ দিশত সহায়ক হৈ উঠিব ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ সৰ্বাংগীন বিকাশ সুনিশ্চিত কৰাৰ বাবে খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ বুদ্ধিজীৱী আৰু অগ্ৰণী ব্যক্তিৰ সৈতে ‘‘আলাপ-আলোচনা: ধর্মীয় সংখ্যালঘুৰ সৱলীকৰণ’’ শীর্ষক এক মত-বিনিময়ৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল ।

ইয়াৰ পিছত ৰাজ্য চৰকাৰে খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ প্ৰতিনিধিৰে কেইবাখনো উপ-সমিতি গঠন কৰে । এই উপ-সমিতিসমূহে খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰি সমস্যাসমূহ সমাধানৰ দিশত যথোচিত ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ গ্ৰহণ কৰে । উপ-সমিতিসমূহে পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰক দাখিল কৰা প্ৰতিবেদনত পাঁচটা খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ জনসাধাৰণক সামৰি এক বিস্তৃত আর্থ-সামাজিক মূল্যায়নৰ পৰামৰ্শ আগবঢ়ায় ।

সেই উপ-সমিতিৰ প্ৰতিবেদনক বাস্তৱায়িত কৰাৰ বাবে আজি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । মঙলবাৰৰ বৈঠকত সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকী শীর্ষ বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক: Protest in Dibrugarh: ডিব্ৰুগড়ত ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবীত কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ যৌথ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.