ETV Bharat / state

বহলাব হেনো পথ ! অমৃত বৃক্ষ ৰোপণৰ হাতেৰেই এফালৰ পৰা কাটি গৈছে মূল্যবান গছ

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 9:22 PM IST

হাতবোৰ একেবোৰেই, মানুহবোৰো একেই ৷ অমৃত বৃক্ষ ৰোপণ কৰা হাত দুখনেই এতিয়া বৃক্ষ ধ্বংসকাৰী ৷ অজুহাত মাত্ৰ এটাই- উন্নয়ন, বিকাশ ৷

guwahati deforestation
অমৃত বৃক্ষ ৰোপনৰ হাতেৰেই এফালৰ পৰা কাটি গৈছে মূল্যবান গছ

গুৱাহাটী, 21 নৱেম্বৰ : পথবোৰ বহল হ’ব লাগে, তেতিয়া যাতায়তৰ সুবিধা হয় ৷ কেৱল যাতায়তৰ সুবিধাই নহয়, পথবোৰ বহল কৰিলে চৰকাৰেও নিজৰ গুণ বখানিবলৈ সুবিধা পায় ৷ তাৰ বাবে যি পৰ্যায়লৈকে যাব লাগে চৰকাৰ যাব ৷ সেয়ে অমৃতবৃক্ষ ৰোৱা হাত দুখনেৰেই এফালৰ পৰা কাটি গৈছে উশাহৰ সাহ গছবোৰ ৷ উন্নয়নৰ জয়গান গুণগুণায়েই কাটি আছে গছবোৰ ৷ ৰাজধানী চহৰ গুৱাহাটীৰ নাতিদূৰৈৰ এটা দৃশ্য দেখিলে শোক এটাই খুন্দা মাৰি ধৰিব ৷ কংক্ৰিটৰ মহানগৰখনৰ দৰেই এই অঞ্চলৰ সেউজীয়াবোৰ লাহে লাহে ৰূপান্তৰিত হৈছে ধূসৰতালৈ ৷

এটা বৃহৎ অঞ্চলত সৃষ্টিৰ কুচকাৱাজেৰে চলিছে ধ্বংস ৷ যাতায়ত সুচল কৰাৰ বাবে উশাহ বন্ধ কৰাবলৈও সাজু চৰকাৰ ৷ অঞ্চলটোত হেনো পথ বহল কৰিব ৷ ৰাইবৰীৰ পৰা ভিআইপিলৈকে প্ৰায় দুই কিলোমিটাৰ পথত থকা শাল, চেগুন, ৰাধাচূড়া, আম আদিকে ধৰি প্ৰায় ২৮০ জোপা মূল্যবান গছ কটাৰ হুকুম দিছে বন বিভাগে ৷ ফলত স্থানীয় লোকৰ চকু সেমেকা কৰি প্ৰায় ৭০/৮০ বছৰ ধৰি দেখি অহা গছবোৰ নিমিষতে কাটি তহিলং কৰা হৈছে উন্নয়নৰ স্বাৰ্থত ৷

কেৱল গুৱাহাটীয়েইনে ! চৰকাৰৰ সৃষ্টিৰ নামত অবাধে বনধ্বংস কৰাৰ ভুক্তভোগী হৈ ইতিমধ্যে গোৱালপাৰাবাসীয়ে হেৰুৱালে এখন অটব্য অৰণ্য ৷ তাৰ পাচতে পাল পৰিল গুৱাহাটীবাসীৰ ৷ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত উক্ত পথৰ কাষৰ গছবোৰ নিৰ্দয়ভাৱে কাটি থকা দেখি আবেগিক হৈ পৰিছে স্থানীয় লোক ৷ কিন্তু উপায় নাই, চৰকাৰৰ বিৰুদ্ধে মাত কোনে মাতিব ! লাগে উন্নয়নো ৷

উন্নয়নৰ দোহাই দি গছ কাটি বহল কৰা হৈছে পথ, স্থাপন কৰা হৈছে উদ্যোগ ৷ নিজকে জীৱশ্ৰেষ্ঠ বুলি ঘোষণা কৰি যি মন যায় তাকেই কৰা মানুহবোৰে কেতিয়া ভাবিব সিঁহতৰ কথা, যি চৰাই-চিৰিকটিয়ে দৈনিক হেৰুৱাইছে একোখনকৈ ঘৰ !

লগতে পঢ়ক : উচ্ছেদৰ দ্বাৰা হাতী-মানুহৰ সংঘাত ৰোধৰ চেষ্টা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.