ETV Bharat / state

Liquor Price hike : ৰাজ্যত সুৰাৰ বন্যা বোৱাই আবকাৰী ৰাজহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ - Liquor Price hike

২০২২-২৩ বৰ্ষত সুৰাৰ পৰা চৰক‍াৰৰ ৪,০২৫ কোটি টকাৰ ৰাজহ সংগ্ৰহ। খাৰুৱা তেলৰ ৰয়েল্টীৰ সমীপত আবকাৰী ৰাজহ। উদং ৰাজকোষ টনকিয়াল কৰাৰ বাবে চৰকাৰে লক্ষ্য আবকাৰী ৰাজহ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুটা বছৰত সুৰা বিক্ৰী কৰিয়েই ৭০৭২.৪৬ কোটি টকা ৰাজহ সংগ্রহ। মূল্যবৃদ্ধি কৰাৰ লগতে সুৰাৰ বন্যা বোৱাই কৰ সংগ্ৰহৰ লক্ষ্যৰে নতুনকৈ দুই হাজাৰ সুৰাৰ দোকান খোলাৰ উদ্যোগ চৰকাৰৰ।

target is to increase revenue by flooding liquor in the state
ৰাজ্যত সুৰাৰ বন্যা বোৱাই আবকাৰী ৰাজহ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ
author img

By

Published : Jul 22, 2023, 5:04 PM IST

গুৱাহাটী, ২২ জুলাই: বৰ্তমান সময়ত সুৰাই যেন হৈছে পৰিছে অসম চৰকাৰৰ ৰাজহ সংগ্ৰহৰ অন্যতম প্ৰধান উৎস । উদং ৰাজকোষ টনকিয়াল কৰাৰ বাবে চৰকাৰখনে আবকাৰী ৰাজহকে লক্ষ্য কৰি লৈছে । সুৰাৰ মূল্যবৃদ্ধি কৰাৰ লগতে ৰাজ্যত সুৰাৰ বন্যা বোৱাই কৰ সংগ্ৰহৰ লক্ষ্যৰে নতুনকৈ দুই হাজাৰ সুৰাৰ দোকান খোলাৰ উদ্যোগ লৈছে ৰাজ্য চৰকাৰে।

লক্ষণীয় বিষয় যে আবকাৰী ৰাজহ সংগ্ৰহৰ পৰিমাণে পেট্র’লিয়ামজাত সামগ্ৰীৰ পৰা সংগৃহীত ৰয়েল্টীৰ লগত ফেৰ মাৰিব পাৰিছে । যাৰ বাবে চৰকাৰে এইক্ষেত্রক বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে । ঋণৰ ওপৰত ঋণ লৈ তৎ নোপোৱা ৰাজ্য চৰকাৰে ৰাজকোষ টনকিয়াল কৰাৰ ক্ষেত্রত সুৰাকে লক্ষ্য কৰি লৈছে । উল্লেখ্য যে পেট্রলিয়ামৰ পৰা এটা বছৰত চৰকাৰে যিমান পৰিমাণৰ ৰয়েল্টী সংগ্রহ কৰে সেই একেই পৰিমাণৰ ৰাজহ লাভ কৰে আবকাৰী ৰাজহৰ যোগেদি।

চৰকাৰী তথ্য মতে ২০২২-২৩ বৰ্ষত পেট্রলিয়ামজাত সামগ্ৰীৰ পৰা ৰয়েল্টী সংগ্ৰহ হৈছিল ৪০৮৮.৮৬ কোটি টকা। অসমৰ অৰ্থনীতিত ৰয়েল্টী ৰাজ্য চৰকাৰৰ আয়ৰ অন্যতম উৎস। শেহতীয়াকৈ আবকাৰী বিভাগৰ ৰাজহ সংগ্রহে পেট্রলিয়ামজাত সামগ্ৰীৰ ৰয়েল্টীৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ২০২২-২৩ বৰ্ষত সুৰা বিক্ৰীৰ পৰা আবকাৰী ৰাজহ সংগ্ৰহৰ মুঠ পৰিমাণ আছিল ৪০২৪.৪৮ কোটি টকা।

ইয়াৰে আবকাৰী শুল্ক ২৫১৯.৬১ কোটি আৰু ভেট সংগ্ৰহৰ পৰিমাণ ১৫০৪.৮১ কোটি টকা আছিল । চৰকাৰে ধার্য কৰি দিয়াতকৈ আবকাৰী শুল্ক আৰু মূল্য সংযোজিত কৰ সংগ্ৰহৰ পৰিমাণ ক্ৰমাৎ বৃদ্ধি হৈছে । বিগত বছৰত বিত্ত বিভাগে আবকাৰী শুল্ক সংগ্রহ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ২৪১২ কোটি টকা ।

এই লক্ষ্য অতিক্রমি আবকাৰী বিভাগে ২৫১৯.৬৭ কোটি টকা আবকাৰী শুল্ক সংগ্রহ কৰে । ৰাজ্য চৰকাৰে আন আন কেইবাটাও বিভাগৰ লগতে আবকাৰী বিভাগকো কৰ সংগ্ৰহৰ প্রধান আহিলা কৰি লৈছে । সুৰা বিক্ৰী কৰি ৰাজকোষ টনকিয়াল কৰিবলৈকে অলপতে দেশত নির্মিত বিদেশী সুৰাৰ দাম ২৫ শতাংশ পর্যন্ত বৃদ্ধি কৰিছে ।

জানিব পৰা মতে চলিত বিত্তীয় বৰ্ষত তিনি হাজাৰ কোটি টকা আবকাৰী শুল্ক সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুটা বছৰত সুৰা বিক্ৰী কৰিয়েই মুঠ ৭০৭২.৪৬ কোটি টকা ৰাজহ সংগ্রহ কৰা হৈছে । ৰাজহ সংগ্ৰহৰ এই পৰিমাণ আৰু বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে সুৰাৰ মূল্য বৃদ্ধি কৰাৰ উপৰি নতুনকৈ সুৰাৰ বিপণী মুকলি কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, ২০২১-২২ বৰ্ষত ৰাজ্যত সুৰা বিক্ৰীৰ পৰা সংগ্ৰহ হোৱা আবকাৰী শুল্কৰ পৰিমাণ আছিল ১৯৩০.৬৭ কোটি টকা আৰু ভেট আছিল ১১১৭.৩১ কোটি টকা। সেই বিত্তীয় বৰ্ষটোত সুৰা বিক্ৰীৰ পৰা ৰাজকোষলৈ আহিছিল ৩০৪৭.৯৮ কোটি টকা । তেনেদৰে ২০২২-২৩ বিত্তীয় বৰ্ষত আবকাৰী শুল্ক সংগ্ৰহ হৈছিল ২৫১৯.৬৭ কোটি টকা আৰু ভেট সংগ্ৰহ হৈছিল ১৫০৪.৮১ কোটি টকা । মুঠ আবকাৰী ৰাজহৰ পৰিমাণ আছিল ৪০২৪.৪৮ কোটি টকা ।

ৰাজ্যৰ বিত্তীয় অৱস্থা টনকিয়াল কৰাৰ ক্ষেত্রত সুৰাৰ যে অন্যতম ভূমিকা আছে সেই কথা আবকাৰী ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধিয়ে স্পষ্ট কৰিছে । নতুনকৈ সুৰাৰ বিপণী খোলাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে জনাই অহা প্ৰতিবাদক অলপো গুৰুত্ব নিদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আবকাৰী ৰাজহ বৃদ্ধিতহে গুৰুত্ব দিছে ৷

লগতে পঢ়ক: ARTFED: মৃত্যুৰ ক্ষণ গণিছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আর্টফেডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.