ETV Bharat / state

Assam tourism: নৱগ্ৰহ শ্মশানৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৪ কোটি টকা আবণ্টন ৰাজ্য চৰকাৰৰ - নৱগ্ৰহ মন্দিৰ

অসমক ধৰ্মীয় পৰ্যটনস্থলী হিচাবে গঢ় দিয়াৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ ৷ নৱগ্ৰহ মন্দিৰ , নৱগ্ৰহ শ্মশানকো ন-ৰূপ দিয়া হ’ব ৷ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Assam tourism
Assam tourism
author img

By

Published : Jul 8, 2023, 4:01 PM IST

নৱগ্ৰহ শ্মশানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী,৮ জুলাই: ন-ৰূপ পাব নৱগ্ৰহ মন্দিৰ, নৱগ্ৰহ শ্মশানে । শনিবাৰে নৱগ্ৰহ মন্দিৰ আৰু নৱগ্ৰহ শ্মশান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰ্যৱেক্ষণৰ পিচতে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

ধৰ্মীয় পৰ্যটনস্থলী হিচাবে নৱগ্ৰহ মন্দিৰক গঢ়ি তোলা হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ নৱগ্ৰহ মন্দিৰ পৰিচালন সমিতিৰ পৰা মন্দিৰৰ আন্তঃগাঁথনিৰো বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ নৱগ্ৰহ মন্দিৰ লগতে ভিমাশংকৰ মন্দিৰকো ধৰ্মীয় পৰ্যটনস্থনী হিচাবে গঢ়ি তোলা হ’ব ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত পৰ্যটনৰ অন্যতম কেন্দ্ৰ বিন্দু হৈছে ধৰ্মীয় অনুষ্ঠান । ধৰ্মীয় অনুষ্ঠানবোৰ উন্নতি হ’লে অসমত পর্যটক বাঢ়িব । যাৰ বাবে কামাখ্যা মন্দিৰত কৰিডৰ নিৰ্মাণ কৰা হ’ব, বটদ্ৰৱা থানখনো নতুনকৈ নিৰ্মাণ কৰা হ’ব । পৰ্যটনৰ ক্ষেত্ৰ হিচাবে অসমখনক গঢ় দিয়াৰ বাবে ধৰ্মীয় অনুষ্ঠানসমূহৰ ওপৰত গুৰুত্ব দিয়াৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

লগতে তেওঁ কয় যে নৱগ্ৰহ মন্দিৰটো জ্যোতি শাস্ত্ৰৰ কেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ বাবে চেষ্টা কৰা হ’ব । তদুপৰি নৱগ্ৰহ মন্দিৰলৈ শিলপুখুৰী হৈ অহা পথটো নিৰ্মাণ কৰাৰ লগতে পূজাৰীসকলৰ বাবে বাসগৃহ নিৰ্মাণ কৰা হ’ব ।

নৱগ্ৰহ শ্মশানৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৪ কোটি টকা আবণ্টন দিয়াৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ৷ আগষ্ট মাহৰ পৰা আৰম্ভ হ’ব ইয়াৰ কাম ৷ শ্মশানখনত মৃতদেহ জ্বলোৱাৰ বাবে ১১ টা স্থান থাকিব । ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন কৰা সকলৰ বাবে পৃথকে ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷

শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ কুইন ওজা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু মেয়ৰ মৃগেন শৰণীয়াই ৷

লগতে পঢ়ক: Weather Warning: ধেমাজি, লখিমপুৰ, বিশ্বনাথ জিলাত আজি ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.