ETV Bharat / state

আন্দামানৰ কাৰাগাৰ চাবলৈ অসমৰ ১০০০ যুৱক পঠিয়াব চৰকাৰে

author img

By

Published : Aug 17, 2022, 10:48 PM IST

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনত(Assam Assembly special session) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংকল্প প্ৰস্তাৱ । স্বাধীনতা যুঁজৰ সেনানীসকলে আন্দামানৰ জেলত ‘জীৱন্ত শ্বহীদ’ৰ দৰে জীৱন কটাবলগীয়া হৈছিল । সেই বিষয়ে গভীৰভাৱে অধ্যয়ন আৰু গৱেষণা হ’ব লাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । অধিৱেশনখন সৌহাৰ্দ্যপূৰ্ণ আছিল বুলি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই ।

Assam Assembly special session
আন্দামানৰ কাৰাগাৰ চাবলৈ অসমৰ ১০০০ যুৱক পঠিয়াব চৰকাৰে

গুৱাহাটী, ১৭ আগষ্ট: ৰাজ্যৰ এক হাজাৰ যুৱকক আন্দামানৰ চেলুলাৰ কাৰাগাৰ চাবলৈ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে । বুধবাৰে অসম বিধানসভাৰ বিশেষ অধিৱেশনত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি আয়োজন কৰা অসম বিধানসভাৰ বিশেষ অধিৱেশনত সংকল্প প্ৰস্তাৱ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে স্বাধীনতাৰ অমৃত মহোৎসৱত আমি সিদ্ধান্ত লৈছোঁ যে এহেজাৰ যুৱকক আন্দামানৰ চেলুলাৰ কাৰাগাৰ(Cellular jail in Andaman) চাবলৈ প্ৰেৰণ কৰিম ।

স্বাধীনতা যুঁজৰ সেনানীসকলে আন্দামানৰ জেলত ‘জীৱন্ত শ্বহীদ’ৰ দৰে জীৱন কটাবলগীয়া হৈছিল । সেই বিষয়ে গভীৰভাৱে অধ্যয়ন আৰু গৱেষণা হ’ব লাগে । এইবেলি ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ আহ্বান জনোৱাৰ লগেলগে ৰাজ্যবাসীয়ে ইয়াক জন আন্দোলনত পৰিণত কৰিলে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমি ১৩ আগষ্টৰ পৰা ‘হৰ ঘৰ ত্ৰিৰংগ’ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছিলোঁ । কিন্তু ৰাজ্যবাসীয়ে ১৩ আগষ্টৰো আগৰ পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ব্যাপক উৎসাহেৰে নামি পৰিল ।

বিদ্ৰোহী সংগঠনৰ আহ্বানৰ পাছতো ৰাইজৰ সঁহাৰি অতি আশাব্যঞ্জক আছিল বুলি মন্তব্য কৰি মুখ্যমন্তিৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰে কৰা বিদ্ৰোহৰ প্ৰতি ৰাইজৰ সমৰ্থন নাই বুলি এই কথাই প্ৰমাণ কৰিছে । তেওঁ লগতে কয় যে স্বাধীনতা যুঁজত অসমৰ অৱদান অপৰিসীম । অসমত ব্ৰিটিছৰ বিৰুদ্ধে গোমধৰ কোঁৱৰে(Ahom prince Gomdhar Konwar) প্ৰথমে বিদ্ৰোহ আৰম্ভ কৰিছিল । অসমতে প্ৰথম কৃষক বিদ্ৰোহ হৈছিল (Peasant revolt in Assam)। জালিয়ানাৱাগৰ দৰে পথৰুঘাটৰ ৰণো আছিল ঐতিহাসিক । কিন্তু পথৰুঘাটৰ ৰণৰ যি নির্মম হত্যাকাণ্ড চলিল সেই সন্দৰ্ভত আজিও ভালদৰে প্ৰচাৰ নহ'ল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

লাচিত বৰফুকনৰ জীৱনক লৈ সমগ্ৰ ভাৰতৰ পাঠ্যক্ৰমত লিপিবদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ কথা তেওঁ উল্লেখ কৰে (Lachit Borphukan in Textbook)। তেওঁ লগতে কয় যে যোৰহাটৰ কাৰাগাৰৰ ১৫০ বিঘা ভূমিত ১২৫ কোটি টকা ব্যয় কৰি স্থাপন কৰা হ’ব অমৃত উদ্যান । কমলা মিৰি আৰু তেজা বাউৰীৰ নামত উচৰ্গা কৰা হ’ব উক্ত উদ্যান । মুখ্যমন্ত্ৰীৰ ভাষণৰ পাছত বিধায়ক বসন্ত দাসে ৰাজ্য চৰকাৰে সিদ্ধান্ত লোৱা আদর্শ বিদ্যালয়সমূহ মহাত্মা গান্ধীৰ নামত উচৰ্গা কৰাৰ বাবে আহ্বান জনায় ।

আনহাতে জিলাসমূহত স্থাপন কৰিবলগীয়া অমৃত সৰোবাৰসমূহো স্বাধীনতা সেনানীৰ নামত উচৰ্গা কৰাৰ তেওঁ আহ্বান জনায় । সেইদৰে আমিনগাঁৱৰ ৰে'ল ষ্টেচনটো শ্বহীদ কনকলতা বৰুৱাৰ নামত উচৰ্গা কৰাৰ বাবে আহ্বান জনায় । বিশেষ অধিৱেশনত বিধায়ক পদ্ম হাজৰিকাই পিয়লি ফুকন নাটৰ সংলাপ আওৰোৱাৰ উপৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘যুদ্ধ’ শীর্ষক কবিতাটো আবৃত্তি কৰে ।

অধিৱেশনত বিধায়ক হাফিজ বচিৰ আহমেদ কাছিমী, মন্ত্ৰী অতুল বৰা, বিধায়ক উৎপল বৰা, নন্দিতা দাস, মন্ত্ৰী অজন্তা নেওগ, ইউ জি ব্ৰহ্ম আদিয়েও স্বাধীনতা যুঁজৰ ইতিহাসৰ কথা স্মৰণ কৰে । বিশেষ অধিৱেশনত শাসক-বিৰোধী উভয় পক্ষৰে বিধায়কসকলে স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতি ৰোমন্থন কৰে । বিয়লি ৩ বজাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত বিশেষ অধিৱেশনখন সৌহাৰ্দ্যপূৰ্ণ আছিল বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । তেওঁ কয় যে স্বাধীনতা সংগ্ৰামত নিজৰ জীৱন ত্যাগ কৰাসকলক আজি বিধানসভাত স্মৰণ কৰা হয় । প্ৰতিগৰাকী সদস্যই আজি কোনো ধৰণৰ সমালোচনা নকৰাকৈ সৌহাৰ্দ্যপূৰ্ণ আলোচনাত ভাগ লয় ।

লগতে পঢ়ক: বিধানসভাৰ বিশেষ অধিবেশনত বিশেষ ৰূপত বিধায়ক অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.