ETV Bharat / state

Paper mill assets: দুটাকৈ কাগজ কলৰ বিশাল সম্পত্তি পানীৰ দৰত বিক্ৰী কৰিব চৰকাৰে - sell paper mill assets

পানীৰ দৰত নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ ভূমি-সম্পত্তি বিক্ৰী কৰাৰ আৰু লীজত দিয়াৰ বাবে নিবিদা আহ্বান কৰিছে অসম ঔদ্যোগিক উন্নয়ন নিগমে (government will sell paper mill assets at very low prices) । কাছাৰ কাগজ কলৰ ভূমি সম্পত্তি তিনিটা ভাগত বিভক্ত কৰি লীজত দিয়াৰ বিপৰীতে নগাঁও কাগজ কলৰ ভূমিক বাদ দি বাকী যন্ত্ৰাংশসমূহ বিক্ৰী কৰিব । কাগজ কল দুটাৰ ভূমি সম্পত্তি নিলামৰ নিবিদা প-পত্ৰ দাখিলৰ অন্তিম দিন ২০২৩ বৰ্ষৰ ৯ জানুৱাৰী । ৰাজহুৱা খণ্ডৰ উদ্যোগ দুটাৰ পুনৰুজ্জীৱিতকৰণৰ দাবীত আজিও অটল আছে কর্মচাৰীসকল ।

Assam govt will sell paper mills at water rates
দুটাকৈ কাগজ কলৰ বিশাল সম্পত্তি পানীৰ দৰত বিক্ৰী কৰিব অসম চৰকাৰে
author img

By

Published : Nov 24, 2022, 2:21 PM IST

গুৱাহাটী, ২৪ নৱেম্বৰ: কি হ’ব অসমৰ দুটাকৈ কাগজ কলৰ বিশাল সম্পত্তিৰ ভৱিষ্যত । দীৰ্ঘদিন ধৰি কাগজ কল দুটাকলৈ বিভিন্ন বিষয় চৰ্চিত হৈ আহিছে । ৰাজ্য চৰকাৰে কাগজ কল দুটা ল’লে যদিও এতিয়াও কোনো ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । শেহতীয়াকৈ নগাঁও (Nagaon Paper Mill) আৰু কাছাৰ (Cachar Paper Mill) কাগজ কলৰ কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে ১৮ মাহৰ বকেয়া আদায় দিয়াৰ পাছতেই ৰাজহুৱা খণ্ডৰ উদ্যোগ দুটাৰ ভূমি-সম্পত্তি বিক্ৰী তথা লীজত দিয়াৰ বাবে সাজু হৈছে অসম চৰকাৰ ।

উল্লেখ যে প্ৰায় ৫০ মাহৰো অধিক সময় দৰমহাৰ পৰা বঞ্চিত কাগজ কলৰ চাৰি কৰ্মচাৰীয়ে আত্মহত্যা আৰু শতাধিক কৰ্মচাৰীয়ে অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসা অবিহনে মৃত্যুক সাৱটি লৈছিল । ইয়াৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত কৰ্মচাৰীসকলক প্ৰায় ৭০০ কোটি টকা বকেয়া আদি দি কাগজ কলৰ ভূমি ত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল । কাগজ কলৰ কৰ্মচাৰী ইউনিয়নসমূহৰ সৈতে হোৱা সহমতৰ ভিত্তিতে চৰকাৰে ১৮ মাহৰ বকেয়া আদায় দিয়াৰ লগতে বহু কেইজন যোগ্য কম বয়সীয়া কৰ্মচাৰীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰা হৈছিল ।

Assam govt will sell paper mills at water rates
দুটাকৈ কাগজ কলৰ বিশাল সম্পত্তি পানীৰ দৰত বিক্ৰী কৰিব অসম চৰকাৰে

কৰ্মচাৰীসকলক বকেয়া আদায় দিয়াৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ দুটাৰ ভিতৰত কাছাৰ কাগজ কলক ব্যক্তিগত প্ৰতিষ্ঠানক দি পুনৰুজ্জীৱিত কৰিব বুলি ঘোষণা কৰাৰ বিপৰীতে নগাঁও কাগজ কলৰ ভূমিত আন উদ্যোগ তথা চৰকাৰী অনুষ্ঠান নির্মাণ কৰিব বুলিও ৰাজহুৱাভাৱে মন্তব্য কৰিছিল (Assam govt will sell paper mills) ।

উল্লেখ যে কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনৰ হিন্দুস্তান পেপাৰ ক’ৰ্পৰেশ্বনৰ অন্তৰ্গত নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ দাবীত কৰ্মচাৰী ইউনিয়নৰ এটা গোচৰ দিল্লী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে যদিও মুখ্যমন্ত্ৰীৰ পূৰ্বৰ ঘোষণা অনুসৰি পানীৰ দৰত কাগজ কল দুটাৰ ভূমি-সম্পত্তি বিক্ৰী তথা লীজত দিয়াৰ বাবে নিবিদা আহ্বান কৰিছেঅসম ঔদ্যোগিক উন্নয়ন নিগমে।

পূৰ্বতে নেচনেল কোম্পানী আইন ট্ৰিবিউনেলৰ লিকুইডেটৰ কুলদীপ বাৰ্মাই অসম কাগজ কল দুটাৰ নিলামৰ মূল্যৰ প্ৰায় ১,৩০০ কোটি টকা নিৰ্ধাৰণ কৰিছিল । এতিয়া অসম চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কলৰ ভূসম্পত্তিৰ পানীৰ দৰত নিলামৰ নিৰিখ নিৰ্ধাৰণ কৰাত স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অসম ঔদ্যোগিক উন্নয়ন নিগমে শেহতীয়াকৈ জাৰি কৰা নিবিদা অনুসৰি কাছাৰ কাগজ কলৰ ভূমি সম্পত্তি তিনিটা ভাগত বিভক্ত কৰি লীজত দিয়াৰ বিপৰীতে নগাঁও কাগজ কলৰ ভূমিক বাদ দি বাকী যন্ত্ৰাংশসমূহ বিক্ৰী কৰিব ।

অর্থাৎ কাছাৰ কাগজ কলক পুনৰ কাগজ কল হিচাপেই ব্যক্তিগত প্ৰতিষ্ঠানে ক্ৰয় কৰিব পাৰিব । নিবিদাত প্ৰকাশ কৰা অনুসৰি কাছাৰ কাগজ কলৰ ৬৫৯ বিঘা ভূমিসহ যন্ত্ৰাংশ ৩০ বছৰৰ বাবে লীজত দিয়া হ’ব । অর্থাৎ এই ভূমি আৰু যন্ত্ৰাংশ কাগজ কল হিচাপেই ব্যৱহাৰ কৰিব লাগিব । নিবিদা অনুসৰি ইয়াৰ প্ৰতিমাহৰ নিৰিখ নিৰ্ধাৰণ কৰিছে ১৪.৯৭ কোটি টকা । দ্বিতীয়তে কাছাৰ কাগজ কলৰ ৯২৪ বিঘা ভূমিৰ আৱাসিক এলেকাও প্ৰতিমাহে ১৮.৫৩ কোটি টকাত লীজত দিয়াৰ নিৰিখ নিৰ্ধাৰণ কৰিছে ।

তৃতীয়তে কাছাৰ কাগজ কলৰ ১,৩৩৩ বিঘা খালী ভূমিও প্ৰতিমাহে ২৬ কোটি টকাৰ নিৰিখত লীজত দিয়াৰ বাবে নিবিদা আহ্বান কৰিছে । আনহাতে জাগীৰোডস্থিত নগাঁও কাগজ কলৰ ভূমিক বাদ দি সকলো যন্ত্ৰাংশ ৬২.৫১ কোটি টকাত বিক্ৰীৰ বাবেও নিবিদাত নিৰিখ ধার্য কৰা হৈছে । কাগজ কল দুটা ভূমি সম্পত্তি নিলামৰ নিবিদা প-পত্ৰ দাখিলৰ অন্তিম দিন ২০২৩ বৰ্ষৰ ৯ জানুৱাৰী নিৰ্ধাৰণ কৰিছে ঔদ্যোগিক উন্নয়ন নিগমে । ইফালে ৰাজ্য চৰকাৰৰ এই নিবিদাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাগজ কল কৰ্মচাৰী সংগঠনৰ নেতা মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে ।

এই সন্দৰ্ভত চক্ৰৱৰ্তীয়ে কয় যে কাগজ কলৰ ১১০ জন কৰ্মচাৰীয়ে অৰ্থৰ অভাৱত মৃত্যু হোৱাৰ পাছত অসম চৰকাৰে কিছু আৰ্থিক সকাহ প্ৰদান কৰিলে । কিন্তু ৰাজহুৱাখণ্ডৰ উদ্যোগ দুটাৰ পুনৰুজ্জীৱিতকৰণৰ দাবীত আজিও কর্মচাৰীসকল অটল আছে । পুনৰুজ্জীৱিতকৰণৰ দাবীত ন্যায়ালয়তো গোচৰ বিচাৰাধীন হৈ আছে বুলি তেওঁ কয় । তেওঁ কয় যে আমি বিচাৰো নগাঁও আৰু কাছাৰ কাগজ কল দুয়োটাই পুনৰুজ্জীৱিত কৰা হওক ।

কেৰেলা আৰু মধ্যপ্ৰদেশ চৰকাৰে যদি ৰাজহুৱাখণ্ডৰ উদ্যোগ হিচাপে দুটা মৃত কাগজ কল জীয়াই তুলিব পাৰে অসম চৰকাৰে কিয় ৰাজহুৱাখণ্ডৰ উদ্যোগ হিচাপে নগাঁও আৰু কাছাৰ কাগজ কলক জীয়াই তুলিব নোৱাৰে বুলি তেওঁ প্ৰশ্ন কৰে । অৱশ্যে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক: Goalpara Broken Bridge : কোটি টকীয়া দলঙৰ দুৰৱস্থা, পাৰ হ'বলৈ ভয় ৰাইজৰ..!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.