ETV Bharat / state

সত্য প্ৰমাণিত হ'ল ই টিভিৰ বাতৰি : ৬০০ কোটি ঋণ লোৱাৰ আনুষ্ঠানিকতা আৰম্ভ চৰকাৰৰ - ৰাষ্ট্ৰীয়কৃত বেংক

ৰাজ্য চৰকাৰে মুকলি বজাৰৰ পৰা ৬০০ কোটি টকা ঋণ ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলি যোৱা ১২ ছেপ্টেম্বৰতে ইটিভি ভাৰতে পৰিবেশন কৰিছিল বাতৰি ৷ বৰ্তমান এই কথাক সত্য প্ৰমাণ কৰিছে ৰাজ্য চৰকাৰৰ ঘোষণাই ৷ সবিশেষ জানো আহক ৷

assam government will borrow a loan of 600 crore
সত্য প্ৰমাণিত হ'ল ই টিভিৰ বাতৰিঃ ৬০০ কোটি ঋণ লোৱাৰ আনুষ্ঠানিকতা আৰম্ভ চৰকাৰৰ
author img

By

Published : Sep 23, 2021, 10:25 PM IST

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : বিগত ১২ ছেপ্টেম্বৰত ই টিভি ভাৰতে এটা বাতৰি পৰিবেশন কৰিছিল যে, ৰাজ্য চৰকাৰে মুকলি বজাৰৰ পৰা ৬০০ কোটি টকা ঋণ লবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু খুব সোনকালেই এই প্ৰক্ৰিয়া আৰম্ভ হ’ব । যি সময়ত ৰাজ্যৰ বিত্তীয় অৱস্থা টনকিয়াল বুলি চৰকাৰৰ ফালৰ পৰা ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই থকা হৈছে ।

assam government will borrow a loan of 600 crore
সত্য প্ৰমাণিত হ'ল ই টিভিৰ বাতৰিঃ ৬০০ কোটি ঋণ লোৱাৰ আনুষ্ঠানিকতা আৰম্ভ চৰকাৰৰ

লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকৰ বেংক একাউন্টত ধন আদায় দি অহা হৈছে সেই হেন চৰকাৰখনে আকৌ ভিক্ষাপাত্ৰ হাতত ল’বলগীয়া হোৱাটো চিন্তনীয় । কিন্তু যি কি নহওক, ই টিভি ভাৰতে ১২ ছেপ্টেম্বৰত প্ৰকাশ কৰা সেই বাতৰি যে এক বিন্দুও ভুল নাছিল সেয়া আজি কাগজে কলমে প্ৰমাণ হ'ল ।

মুকলি বজাৰৰ পৰা সময় নিৰ্দ্ধাৰিত ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰ সাজু হোৱা বুলি বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই আজি জাননী জাৰি কৰিছে ।

অনাগত, ২৮ ছেপ্টেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে অনুষ্ঠিত কৰিব এক বিশেষ নিলাম । সেই নিলামতে ৰাজ্য চৰকাৰে বিভিন্ন ৰাষ্ট্ৰীয়কৃত বেংক, বীমা কোম্পানী আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ৬০০ কোটি টকাৰ ঋণ ল’ব । প্ৰতি ছমাহৰ মূৰে মূৰে চৰকাৰে ওভতাব লাগিব এই ঋণৰ সুত । তাৰোপৰি অহা দহ বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগিব মূলধন ।

লগতে পঢ়ক : ৬০০ কোটি ঋণ লোৱাৰ প্ৰস্তুতি ড৹ শৰ্মা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.