নিউজ ডেস্ক, 16 মাৰ্চ : বিবেক অগ্নিহোত্ৰীৰ নৱতম ছবি "দ্য কাশ্মীৰ ফাইল্ছ" মুক্তিৰ পিছতে দেশজুৰি ব্যাপকভাৱে চৰ্চিত হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) মঙলবাৰে মুখ্যমন্ত্ৰীয়ে ছবিখন উপভোগ কৰিব বিচৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অৰ্ধছুটী ঘোষণা কৰিছে (Half day leave for government staff in Assam) ৷
মুখ্যমন্ত্ৰীয়ে টুইটযোগে সদৰী কৰে যে, ছবিখন উপভোগ কৰিব বিচৰা কৰ্মচাৰীসকলে কেৱল তেওঁলোকৰ উচ্চপদস্থ বিষয়াসকলক এই বিষয়ে অৱগত কৰিব লাগিব আৰু পিছদিনা তেওঁলোকৰ টিকট জমা দিব লাগিব ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে মহানগৰীৰ এটা ছবিঘৰত তেওঁৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰী আৰু বিজেপি বিধায়কসকলক লৈ চিনেমাখন উপভোগ কৰিছিল ।
-
Glad to announce that our Govt employees will be entitled for half-day special leave to watch #TheKashmirFiles.
— Himanta Biswa Sarma (@himantabiswa) March 15, 2022 " class="align-text-top noRightClick twitterSection" data="
They will have to only inform their superior officers and submit the tickets the next day. pic.twitter.com/RNQzOk9iCK
">Glad to announce that our Govt employees will be entitled for half-day special leave to watch #TheKashmirFiles.
— Himanta Biswa Sarma (@himantabiswa) March 15, 2022
They will have to only inform their superior officers and submit the tickets the next day. pic.twitter.com/RNQzOk9iCKGlad to announce that our Govt employees will be entitled for half-day special leave to watch #TheKashmirFiles.
— Himanta Biswa Sarma (@himantabiswa) March 15, 2022
They will have to only inform their superior officers and submit the tickets the next day. pic.twitter.com/RNQzOk9iCK
দ্য কাশ্মীৰ ফাইলছত 1990 চনত কাশ্মিৰী পণ্ডিতসকলৰ ওপৰত কৰা আক্ৰমণৰ (exodus of Kashmiri pandits) ফলত তেওঁলোক উপত্যকাটোৰ পৰা প্ৰস্থান কৰা দৃশ্যাংশ দেখুওৱা হৈছে । ইতিমধ্যে কেইবাখনো বিজেপি শাসিত ৰাজ্যই ছবিখনৰ মনোৰঞ্জন কৰ ৰেহাই দিছে (The Kashmir Files gets tax free status) ।
শেহতীয়াকৈ, ত্ৰিপুৰাৰ মখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৰাজ্যখনৰ জনসাধাৰণক চিনেমাখন চাবলৈ আহ্বান জনাই ৰাজ্যখনত দ্য কাশ্মীৰ ফাইলছক কৰ মুক্ত ঘোষণা কৰিছিল ।
লগতে পঢ়ক : The Kashmir files ৰ দৰ্শক হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা