গুৱাহাটী, 11 জুলাই: 1 লাখ চৰকাৰী চাকৰি, অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰে চমক সৃষ্টি কৰি অহা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে শেহতীয়াকৈ ৰাইজক আন এক চমক দিবলৈ সাজু হৈছে ৷ 3 লাখ গৃহ প্ৰৱেশ অনুষ্ঠানেৰে পুনৰ চমক সৃষ্টিৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে ৷ 13 জুলাইত ৰাজ্যত অনুষ্ঠিত হ’ব 3 লাখ প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰাম্য) ঘৰৰ গৃহ প্ৰৱেশ ৷
1 এপ্ৰিলৰ পাছত সম্পূৰ্ণ হোৱা 3 লাখ প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰাম্য) ঘৰৰ গৃহ প্ৰৱেশ কাৰ্যসূচী কলাক্ষেত্ৰত 13 জুলাইৰ দিনৰ 11 বজাত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাবে উদ্বোধন কৰিব ৷ ইয়াৰ পৰৱৰ্তী সময়ত দিনৰ 11.30 বজাত প্ৰতিখন জিলা, উন্নয়ন খণ্ড তথা পঞ্চায়ততে মাননীয় সাংসদ, মন্ত্ৰী, বিধায়ক, জিলা পৰিষদৰ সভাপতি-সভানেত্ৰী আৰু সদস্য-সদস্যাসকল, পঞ্চায়ত তথা আঞ্চলিক পঞ্চায়তৰ সভাপতি-সভানেত্ৰীসকলকে আদি কৰি বিশিষ্ট ব্যক্তিসকলে নিজ নিজ স্থানত এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব ৷ সংবাদমেলযোগে এই কথা সদৰী কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷
প্ৰধানমন্ত্ৰী আবাস যোজনাই (গ্ৰাম্য) অসমৰ গ্ৰামাঞ্চলত থকা সকলো গৃহহীন লোকক সামৰি ল'ব পৰা নাই ৷ যাৰ বাবে গ্ৰামাঞ্চলৰ একাংশ লোকে এতিয়াও প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰাম্য) আচঁনিৰ সুফল ভোগ কৰিব পৰা নাই ৷ এই সন্দৰ্ভত গুৱাহাটীত মঙলবাৰে অনুষ্ঠিত এক সংবাদমেলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, আগন্তক সময়ত অসমৰ গ্ৰামাঞ্চলত থকা সকলো গৃহহীন লোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব ৷ এই সন্দৰ্ভত চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে ৷
তেওঁ কয় 2011 চনৰ জৰীপৰ ভিত্তিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ (গ্ৰাম্য) জৰিয়তে অসমৰ গ্ৰামাঞ্চলত থকা সকলো গৃহহীন লোকক ঘৰ দিয়া হৈছে ৷ কিন্তু 2011 চনৰ জৰীপ সঠিকভাবে হোৱা নাছিল ৷ যাৰ বাবে প্ৰধানমন্ত্ৰী আবাস যোজনাই (গ্ৰাম্য) অসমৰ গ্ৰামাঞ্চলত থকা সকলো গৃহহীন লোকক সামৰি ল’ব পৰা নাই ৷ এই বিষয়ে ভাৰত চৰকাৰক অৱগত কৰা হৈছে বুলি কয় মন্ত্ৰীজনে ৷
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, ভাৰত চৰকাৰে ইতিমধ্যে নতুনকৈ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ (গ্ৰাম্য) অধীনত 79 হাজাৰ টা ঘৰ নিৰ্মাণৰ ধন আবন্টন দিছে ৷ ইয়াৰ কাম আৰম্ভ কৰা হৈছে ৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছত অসমত মুঠ 19 লাখ 10 হাজাৰ 823 টা পৰিয়ালক প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰাম্য) আঁচনিয়ে সামৰি লৈছে ৷ ইয়াৰে 12,41,559 টা পৰিয়ালৰ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ(গ্ৰাম্য) গৃহ ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷
2021 চনৰ 10 মে’ৰ পিছত 8,34,839 প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰাম্য ) ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷ বাকী থকা 6,69,264 প্ৰধানমন্ত্ৰী আবাস যোজনাৰ (গ্ৰাম্য) গৃহ অহা 2024 চনৰ মার্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য চৰকাৰৰ ৷ তেওঁ কয় যে দেশৰ ভিতৰতে অসমে সৰ্বাধিক প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰাম্য) গৃহ নিৰ্মাণৰ অভিলেখ গঢ়িছে ৷
লগতে পঢ়ক: CM In Jorhat: ঐতিহাসিক বৰভেটিত সেৱা ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই