ETV Bharat / state

ৰাজপথত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে কঠোৰ হ'ব চৰকাৰ: মুখ্যমন্ত্ৰী - 12 vehicles are open for speed testing

শীঘ্ৰেই ৰাজপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব কঠোৰ পদক্ষেপ(Assam Government strict to control vehicle speed) ৷ লগতে গাড়ীৰ গতিবেগ পৰীক্ষা কৰা ১২ খন অত্যাধুনিক বাহন মুকলি কৰিব চৰকাৰে ৷

assam-government-strict-to-control-vehicle-speed
ৰাজপথত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে কঠোৰ হ'ব চৰকাৰ : মুখ্যমন্ত্ৰী
author img

By

Published : May 13, 2022, 8:02 PM IST

গুৱাহাটী, 13 মে': গুৱাহাটী তথা ৰাজ্যত শীঘ্ৰেই ৰাজপথত বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ পথত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ৷ শুকুৰবাৰে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam Government strict to control vehicle speed) ।

উল্লেখ্য যে, গুৱাহাটীৰ ফাঁচীবজাৰত শুকুৰবাৰে অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰকীয়ে কয় যে, গুৱাহাটী তথা ৰাজ্যত দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে ।

ৰাজপথত তীব্ৰবেগী বাহনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাজপথত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে ১২ খন অত্যাধুনিক বাহন মুকলি কৰিব চৰকাৰে ৷ (12 vehicles are open for speed testing)।

ৰাজপথত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে কঠোৰ হ'ব চৰকাৰ : মুখ্যমন্ত্ৰী

তেওঁ কয় যে, ৰাজপথত গাড়ীৰ গতিবেগ কিমান হ'ব লাগিব সেই সন্দৰ্ভত শীঘ্ৰেই আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটীত এবছৰত দুচকীয়া বাহনত চালক আৰু আৰোহীয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰাৰ পিছত গুৱাহাটীত দুৰ্ঘটনাত নিহত তথা আহতৰ সংখ্যা ৫০ শতাংশ হ্ৰাস পাইছে । দুৰ্ঘটনাৰ পৰিমাণ এবছৰত ২১ শতাংশ হ'লেও হ্ৰাস পাইছে ।

তেওঁ কয় যে, চৰকাৰে দুচকীয়া বাহনত চালক আৰু আৰোহীয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে এয়া সম্ভৱপৰ হৈছে । সেয়ে ৰাজপথত বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে চৰকাৰ এইবাৰ কঠোৰ হ'ব । এই ক্ষেত্ৰত কোনো আপোচ কৰা নহয় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পৰিবহন বিভাগত প্ৰায় সকলো ধৰণৰ কাম এতিয়াৰে পৰা অনলাইন কৰা হ'ব । যাতে মানুহে সময় নষ্ট কৰি দালালৰ কবলত পৰি কামৰ বাবে পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ আহিব নালাগে ।

ইতিমধ্যে, চালকৰ learner licenceৰ বাবে অনলাইন ব্যৱস্থা কৰা হৈছে । বিগত এবছৰত ৭ লাখ মানুহে অনলাইন ব্যৱস্থাৰে learner license লাভ কৰিছে । 2021 বৰ্ষত পৰিবহন বিভাগে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে, অনাগত দিনত গুৱাহাটীৰ খানাপাৰাৰ পৰা বৰঝাৰলৈ ৰ'পৱে নিৰ্মাণ কৰা হ'ব । মাজে মাজে যাত্ৰীৰ বাবে ষ্ট'পেজৰ ব্যৱস্থাও কৰা হ'ব । গুৱাহাটীৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আনুষ্ঠানিকভাৱে সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : No Helmet No Fuel campaign: হেলমেট পৰিধান নকৰিলে পেট্ৰল ডিপোত নাপাব তেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.