ETV Bharat / state

Russia Ukraine conflict : ইউক্ৰেইনত আৱদ্ধ অসমীয়াৰ বাবে চৰকাৰৰ হেল্পডেস্ক মুকলি

author img

By

Published : Feb 27, 2022, 8:57 AM IST

ইউক্ৰেইনত আৱদ্ধ অসমৰ লোকক উদ্ধাৰৰ বাবে অসম চৰকাৰৰ অনলাইন হেল্পডেস্ক মুকলি (Helpdesk for Assam People trapped in Ukraine) ৷ অসম চৰকাৰে মুকলি কৰা এই বিশেষ হেল্পলাইন নম্বৰ কেইটি ৷

assam-government-opens-helpdesk-for-assamese-trapped-in-ukraine
ইউক্ৰেইনত আৱদ্ধ অসমীয়াৰ বাবে চৰকাৰৰ হেল্পডেস্ক মুকলি

গুৱাহাটী, 27 ফেব্ৰুৱাৰী : যুদ্ধজৰ্জৰ ইউক্ৰেইনত আৱদ্ধ হৈ থকা অসমৰ সকলো লোকক (People of Assam stuck in Ukraine) নিৰাপদে উদ্ধাৰ কৰি আনিব পৰাকৈ শনিবাৰে অসম চৰকাৰে মুকলি কৰে অনলাইন হেল্পডেস্ক, এটা টোল ফ্ৰী নম্বৰ আৰু এটা হোৱাটচ এপ নম্বৰ (Helpdesk for Assam People trapped in Ukraine) ৷

অসমৰ যিকোনো লোকে তেওঁলোকৰ পৰিয়ালৰ কোনো লোক যদি ইউক্ৰেইনত আৱদ্ধ হৈ আছে, তেন্তে সেই তথ্যৰ অনলাইন হেল্পলাইন ডেস্কত সবিশেষ দাখিল কৰিলে অসম চৰকাৰে গ্ৰহণ কৰিব যাৱতীয় ব্যৱস্থা । হেল্পলাইন ডেস্কৰ বাবে চৰকাৰৰ ফালৰ পৰা দিয়া এই লিংকটো হ'ল https://tinyurl.com/ypwrwrm3 ।

আনহাতে, কামৰূপ(মেট্ৰ’) জিলা বা গুৱাহাটীৰ কোনো লোক যদি ইউক্ৰেইনত আৱদ্ধ হৈ আছে, তেন্তে তেনেলোকৰ পৰিয়ালে সবিশেষ তথ্য চৰকাৰক জনাব পৰাকৈ এটা টোল ফ্ৰী নম্বৰ আৰু এটা হোৱাটচ এপ নম্বৰ মুকলি কৰা হৈছে ৷ চৰকাৰে মুকলি কৰা টোল ফ্ৰী নম্বৰটো হ'ল ১০৭৭ আৰু হোৱাটচ এপ নম্বৰটো হ'ল ৯৩৬৫৪-২৯৩১৪ ।

উল্লেখ্য যে, যুদ্ধত বিধ্বস্ত ইউক্ৰেইনত অধ্যয়নসূত্ৰে বসবাস কৰি থকা অসমৰ প্ৰায় এশগৰাকী ছাত্ৰ-ছাত্ৰী সম্প্ৰতি আৱদ্ধ হৈ আছে (Assam Students stuck in Ukraine) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে প্ৰকাশ কৰে এই তথ্য ।

সম্প্ৰতি দেশখনত আৱদ্ধ হৈ থকা অসমৰ ছাত্ৰ-ছাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰি অনাৰ ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাই শনিবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ বহিৰাষ্ট্ৰ মন্ত্ৰণালয়ৰ সৈতেও যোগাযোগ অব্যাহত ৰাখে ।

লগতে পঢ়ক : Russia Ukraine War: ইউক্ৰেইনৰ পৰা উভতিল বাইহাটাৰ জিতেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.