গুৱাহাটী, ১৭ এপ্ৰিল: ২ মে'ত দিছপুৰত চৰকাৰ যাৰেই নহওক কিয়, প্ৰায় পাঁচ লাখ চৰকাৰী কৰ্মচাৰীৰ অনাদায় হৈ থকা মৰগীয়া বানচৰ তিনিটাকৈ কিস্তি আদায় দিব লাগিব নতুন চৰকাৰখনে । এক কথাত যোৱা পাঁচটা বছৰৰ কাৰ্যকালৰ এই চৰকাৰ এতিয়াও পাঁচ লক্ষাধিক চৰকাৰী কৰ্মচাৰীৰ ওচৰত ধৰুৱা হৈ আছে । প্ৰতি বছৰৰ জানুৱাৰী আৰু জুলাইত চৰকাৰে কৰ্মচাৰীক আদায় দিবলগীয়া দুটা কিস্তি এতিয়াও কৰ্মচাৰীক আদায় দিব পৰা নাই । বিত্ত বিভাগৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে বিগত বৰ্ষৰ জানুৱাৰী আৰু জুলাই মাহৰ দুটা কিস্তিৰ উপৰিও চলিত বৰ্ষৰ জানুৱাৰী মাহৰ কিস্তিকে ধৰি মুঠ তিনিটা কিস্তিৰ ধন এতিয়াও কৰ্মচাৰীক আদায় দিব পৰা নাই চৰকাৰে । ফলত ২ মে'ত দিছপুৰৰ গাদী দখল কৰা নতুন চৰকাৰখনে প্ৰথমেই কৰ্মচাৰীৰ এই তিনিটা কিস্তিৰ ধন পৰিশোধ কৰিব লাগিব ।
![Assam government on debt](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-govt-on-debt-7206058_17042021171131_1704f_1618659691_989.jpeg)
তাৎপৰ্যপূৰ্ণ কথা যে, অসমৰ বিত্তীয় অৱস্থা খুবেই ভাল বুলি সততে দাংকোপ মাৰি অহা দেখা যায় বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । তেনেক্ষেত্ৰত কিয় কৰ্মচাৰীৰ তিনিটাকৈ কিস্তিৰ ধন পৰিশোধ কৰিব পৰা নাই সেয়াহে ডাঙৰ প্ৰশ্ন । বিগত সময়ত ৰাজ্যত অগপ চৰকাৰৰ শাসন চলাৰ সময়ত বিধ্বস্ত হৈ পৰিছিল অসমৰ অৰ্থনীতি । আনকি ২০০১ চনত যেতিয়া অগপৰ হাতৰ পৰা ৰাজ্য শাসনৰ ভাৰ কংগ্ৰেছে গ্ৰহণ কৰিছিল তেতিয়া ৰাজকোষত ফুটাকড়ি এটাও নাছিল । ধাৰৰ বোজাত পোত গৈ আছিল অসম । সেই সময়ত আনকি বছৰৰ ৩৬৫ দিনৰ ভিতৰত ৩১৫ দিনেই অভাৰড্ৰাফ্ট হোৱাৰ ফলত ৰিজাৰ্ভ বেংকে বিত্তীয় লেনদেন বন্ধ কৰি দিবলৈ বাধ্য হৈছিল । ইয়াৰ পাছতে কংগ্ৰেছে শাসনভাৰ গ্ৰহণ কৰিছিল ।
![Assam government on debt](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-govt-on-debt-7206058_17042021171131_1704f_1618659691_165.jpeg)
ৰাজ্যৰ সেই সময়ৰ বিধ্বস্ত অৰ্থনৈতিক অৱস্থা দেখি সেই সময়ৰ কেইবাগৰাকীও আগশাৰীৰ অৰ্থনীতিবিদে ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ ৰখাই থবলৈ চৰকাৰক পৰামৰ্শ দিছিল যদিও চৰকাৰে সেই কাম কৰাৰ পৰিৱৰ্তে বিত্তীয় অৱস্থা ক্ৰমাৎ স্বাভাৱিক হোৱাৰ পিছত কৰ্মচাৰীক মৰগীয়া বানচ আদায় দিছিল । কিন্তু বিত্তীয় অৱস্থা টনকিয়াল বুলি দাবী কৰি অহা বৰ্তমানৰ চৰকাৰখনে মৰগীয়া বানচৰ তিনিটাকৈ কিস্তি আদায় দিব নোৱৰাটোহে গুৰুত্বপূৰ্ণ ।
লগতে পঢ়ক: কৰ্তব্যৰত আৰক্ষীক বিহুৰ শুভেচ্ছা মাৰোৱাৰী যুৱ মঞ্চৰ