ETV Bharat / state

ক'ভিড পৰীক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সংশোধিত নিৰ্দেশনা জাৰী - স্বাস্থ্য বিভাগৰ সংশোধিত নিৰ্দেশনা জাৰী

ৰাজ্যত ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে শেহতীয়াভাৱে ক'ভিড পৰীক্ষা আৰু ক'ভিড ৰোগী আৰু অনান্য জৰুৰীকালীন চিকিৎসাৰ ক্ষেত্ৰত সংশোধিত নিৰ্দেশনা জাৰী কৰিছে (Assam government issues new guideline for covid management)। চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত অস্ত্ৰোপ্ৰচাৰৰ বাবে অহা ৰোগী আৰু প্ৰসূতিৰ ক্ষেত্ৰত ক'ভিড পৰীক্ষাৰ ফলাফলৰ বাবে চিকিৎসাত পলম কৰিব নোৱাৰে ।

Assam
ক'ভিড পৰীক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সংশোধিত নিৰ্দেশনা জাৰী
author img

By

Published : Jan 19, 2022, 2:04 PM IST

গুৱাহাটী,১৯ জানুৱাৰী : ৰাজ্যত যোৱা দুদিনত ক'ভিড-১৯ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে শেহতীয়াভাৱে ক'ভিড পৰীক্ষা আৰু ক'ভিড ৰোগী আৰু অন্যান্য জৰুৰীকালীন চিকিৎসাৰ ক্ষেত্ৰত সংশোধিত নিৰ্দেশনা জাৰী কৰিছে (Assam govt new guideline for covid management)। স্বাস্থ্য বিভাগে শেহতীয়াভাৱে জাৰী কৰা নিৰ্দেশনা অনুসৰি চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত অস্ত্ৰোপ্ৰচাৰৰ বাবে অহা ৰোগীৰ আৰু প্ৰসূতিৰ ক্ষেত্ৰত ক'ভিড পৰীক্ষাৰ ফলাফলৰ বাবে চিকিৎসাত পলম কৰিব নোৱাৰে ।

Assam
ক'ভিড পৰীক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সংশোধিত নিৰ্দেশনা জাৰী

চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত কোনো ধৰণৰ ক'ভিডৰ লক্ষণ নথকা ৰোগীৰ ক্ষেত্ৰত ক'ভিড পৰীক্ষাৰ ফলাফল অপেক্ষা কৰাৰ নামত চিকিৎসাত কোনোধৰণৰ পলম কৰিব নোৱাৰে । হাস্পতালত ক'ভিড পৰীক্ষাৰ বাবে অহা লোকক ক'ভিড পৰীক্ষা নকৰাকৈ ঘূৰাই পঠাব নোৱাৰিব । হাস্পতালসমূহত ক'ভিড পৰীক্ষা কৰা অথবা ক'ভিড পৰীক্ষাৰ বাবে প্ৰয়োজনীয় নমুনা সংগ্ৰহ কৰাৰ ব্যৱস্থা মজুত থাকিব লাগিব । স্বাস্থ্য সেৱাৰ লগত জড়িত সকলোৱে ক'ভিড প্ৰট'কল কঠোৰ বাবে পালন কৰাতো বাধ্যতামূলক । এই ক্ষেত্ৰত কোনোধৰণৰ অসাৱধানতা গ্ৰহণযোগ্য নহ'ব (New guideline for covid management)।

স্বাস্থ্য বিভাগে জাৰী কৰা নিৰ্দেশনা অনুসৰি চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত চিকিৎসা গ্ৰহণ কৰা ক'ভিড ৰোগী পাঁচ দিন চিকিৎসা প্ৰদানৰ পিছত হাস্পতালৰ পৰা ঘৰলৈ যাব পাৰিব । আকৌ ঘৰত দুদিন হোম আইচ'লেশ্যনত থকাৰ পিছত ৰোগীজনক ক'ভিড মুক্ত বুলি বিবেচনা কৰা হ'ব ।

স্বাস্থ্য বিভাগে জাৰী কৰা নিৰ্দেশনা অনুসৰি চৰকাৰী আৰু বেচৰকাৰী হাস্পতালত চিকিৎসা গ্ৰহণ কৰা ক'ভিড ৰোগী পাঁচ দিন চিকিৎসা প্ৰদানৰ পিছত হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ সময়ত পুনৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক নহয় । আনহাতে হোম আইচ'লেশ্যনত থকা ক'ভিড ৰোগী সাত দিনৰ বাবে হোম আইচ'লেশ্যনত থকাটো বাধ্যতামূলক কৰা হৈছে ।

উল্লেখ্য যে, স্বাস্থ্য বিভাগৰ তথ্য মতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৮,০৭২ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে গুৱাহাটী মহানগৰীৰ ১,৯৯২ গৰাকী । যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৬ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । যোৱা ২৪ ঘন্টাত ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ১২.৬২ শতাংশ আৰু আৰোগ্যৰ হাৰ ৯৪.৩৯ শতাংশ ।

লগতে পঢ়ক :ৰাজ্যৰ আঠখন জিলাত জটিল হৈছে ক’ভিড পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.