ETV Bharat / state

Prateek Hajela: প্ৰতীক হাজেলাৰ স্বেচ্ছামূলক অৱসৰ মঞ্জুৰ

author img

By

Published : Aug 1, 2023, 9:38 PM IST

Updated : Aug 1, 2023, 9:52 PM IST

প্ৰতীক হাজেলাৰ স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে অসম চৰকাৰে ৷ উল্লেখ্য যে এন আৰ চি প্ৰকাশৰ পাচতে নিৰাপত্তাজনিত কাৰণত মধ্যপ্ৰদেশলৈ ডেপুটেচনত গৈছিল প্ৰতীক হাজেলা ৷ প্ৰতীক হাজেলাৰ বিৰুদ্ধে NRC ৰূপায়ণৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ আছে ৷

Prateek Hajela
Prateek Hajela

গুৱাহাটী, ১ আগষ্ট: এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই সন্দৰ্ভত যোৱা ৩১ জুলাইত ৰাজ্য চৰকাৰে এখন জাননী জাৰি কৰিছে । উল্লেখ্য যে বিতৰ্কিত প্ৰশাসনিক বিষয়াগৰাকী বৰ্তমান মধ্যপ্ৰদেশত কৰ্মৰত হৈ আছে ।

Prateek Hajela
প্ৰতীক হাজেলাৰ স্বেচ্ছামূলক অৱসৰ

উল্লেখ্য যে এন আৰ চিৰ (NRC) খচৰা প্ৰস্তুত কৰাৰ পাচত নিৰাপত্তাৰ দোহাই দি এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই তিনিবছৰৰ বাবে গৃহ ৰাজ্য মধ্যপ্ৰদেশলৈ ডেপুটেচনত গৈছিল । এন আৰ চিক লৈ থকা অসমবাসীৰ সপোন চূৰমাৰ কৰি ডেপুটেচনত যোৱা প্ৰতীক হাজেলা পুনৰ অসমলৈ অহাৰ কথা চলি আছিল ।

উল্লেখ্য যে ২০১৩ চনৰ পৰা অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হৈছিল আৰু প্ৰতীক হাজেলা এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বত আছিল । এন আৰ চি প্ৰকাশ পোৱাৰ পাচতে নিৰাপত্তাজনিত কাৰণত তেওঁ তিনিবছৰীয়া ডেপুটেচনত মধ্যপ্ৰদেশলৈ গুচি গৈছিল । ২০১৯ চনৰ ১ নবেম্বৰত তেওঁ অসম ত্যাগ কৰি ডেপুটেচনত মধ্যপ্ৰদেশলৈ গৈছিল ।

উল্লেখ্য যে এন আৰ চি প্ৰকাশৰ পাচতে নিৰাপত্তাজনিত কাৰণত মধ্যপ্ৰদেশলৈ ডেপুটেচন বিচাৰি উচ্চতম ন্যায়ালয়ত তেওঁ আবেদন কৰিছিল । সেই সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল ৰঞ্জন গগৈ । ন্যায়ালয়ে তেওঁৰ আবেদন অনুমোদন জনোৱাত তেওঁ মধ্যপ্ৰদেশলৈ যায় ।

লক্ষণীয় বিষয় যে প্ৰতীক হাজেলাই ডেপুটেচনৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে পুনৰ আবেদন জনাইছিল যদিও কেন্দ্ৰীয় চৰকাৰে তেওঁৰ আবেদন খাৰিজ কৰিছিল । উল্লেখ্য যে আসাম পাব্লিক ৱৰ্কচে প্ৰতীক হাজেলাৰ বিৰুদ্ধে কেলেংকাৰীৰ বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ সমান্তৰালকৈ ‘কেগ’ৰ প্ৰতিবেদনতো প্ৰতীক হাজেলাৰ দুৰ্নীতি-অনিয়মৰ বহু তথ্য প্ৰকাশ পাইছে ।

লগতে পঢ়ক: Prateek Hajela: ৰাকেশ পালৰ খালী ঠাই পূৰণ কৰি জে’লৰ ৰান্ধনী কৰক হাজেলাক: অভিজিৎ শৰ্মা

Last Updated : Aug 1, 2023, 9:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.