গুৱাহাটী,15 জুলাই: অধিক অবৰ্ণনীয় পৰিস্থিতিৰ দিশে বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতি ৷ মঙলবাৰে ৰাজ্য়ত পুনৰ ন গৰাকী লোকে বানৰ কবলত পৰি প্ৰাণ হেৰুৱায় ৷ ইতিমধ্যে প্ৰায় 28 খন জিলাৰ 33 লাখ লোক বানৰ কবলত পৰিছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰি কৰিছে এই তথ্য ৷
ডিব্ৰুগড় জিলাত তিনিগৰাকী লোকে বানত প্ৰাণ হেৰুওৱাৰ পিছতে তিনিচুকীয়া আৰু বৰপেটাত দুগৰাকী লগতে বিশ্বনাথ আৰু গোলাঘাট জিলাত এগৰাকীকৈ লোকে বানত প্ৰাণ হেৰুৱায় ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দৈনন্দিন প্ৰকাশিত বান পৰিস্থিতিৰ শেহতীয়া খবৰত প্ৰকাশ পাইছে এই তথ্য ৷ এই সংখ্যা বৃদ্ধিৰ লগে লগে বছৰটোৰ বান-গৰাখহনীয়াত মৃত্য়ু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 85 গৰাকীলৈ ৷ মঙলবাৰ পৰ্যন্ত বানে হোজাই, ধেমাজি, লক্ষীমপুৰ, বিশ্বনাথ, শোণিতপুৰ, ওদালগুৰি, দৰং, বাক্সা, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ’), মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সৰ্বাধিক ক্ষতি কৰিছে ৷ ৰাজ্যৰ ভিতৰত বৰপেটা জিলাত সৰ্বাধিক ক্ষতি কৰিছে বানে ৷ জিলাখনৰ প্ৰায় 5.50 লাখ লোকৰ বিপৰীতে ধুবুৰী, মৰিগাঁও আৰু দক্ষিণ শালমাৰাত ক্ৰমে 4.11 লাখ, 4.08 লাখ আৰু 2.25 লাখ লোক জুৰুলা হৈছে বানত ৷ সোমবাৰৰ দিনটোলৈকে ৰাজ্য়ৰ প্ৰায় 27 খন জিলাৰ 22 লাখ লোক আক্ৰান্ত হৈছিল বানত ৷
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান বুৰাই পেলোৱাত যথেষ্ঠ সমস্যাৰ সৃষ্টি হোৱাৰ লগতে বন্যপ্ৰাণীসমূহ ঢাপলি মেলিছে ওখ স্থানলৈ ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা নাহৰফুটুকী বাঘে সোমবাৰে উদ্যানখনৰ অগৰাতলি ৰেঞ্জৰ কান্দলিমাৰী গাঁৱত ছাগলীৰ গড়ালত সন্ত্ৰাস সৃষ্টি কৰাৰো খবৰ লাভ কৰা গৈছে ৷ মঙলবাৰৰ দিনটোতো দুটাকৈ বাঘে বানৰ কবলৰ পৰা প্ৰাণৰক্ষাৰ উদ্দেশ্যে উদ্যানখনৰ সমীপৰ বাঘমাৰী গাঁৱলৈ ওলাই অহা বুলি উদ্যান কৰ্তৃপক্ষই সদৰি কৰিছে ৷ পৰৱৰ্তী সময়ত এটা বাঘে কাৰ্বি আংলং জিলাৰ ওখ স্থানলৈ গতি কৰা বুলি স্থানীয় লোকে প্ৰকাশ কৰে ৷ অন্যটো বাঘে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বৰ্তমানেও অৱস্থান কৰাৰ কথা জানিব পৰা গৈছে ৷ তদুপৰি মঙলবাৰে পুৱাৰ ভাগত অগৰাতলিৰ শুকনি কেম্পৰ ওচৰৰ পৰা এটা গঁড় উদ্ধাৰ কৰে বনকৰ্মীয়ে ৷ এইপৰ্যন্ত উদ্যানখনৰ বনকৰ্মীয়ে বানৰ কবলৰ পৰা 102 টা বন্য জীৱ-জন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বানত মৃত্যু ঘটিছে 51 টা জন্তুৰ ৷ ইয়াৰোপৰি বানৰ কবলত ৰাজ্যত বিনষ্ট হৈছে 1.28 হেক্টৰ কৃষি ভূমি ৷
ৰাজ্যৰ বান পৰিস্থিতি পৰিদৰ্শনৰ উদ্দেশ্যে ধেমাজিৰ জোনাইত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইয়াৰোপৰি লখিমপুৰ আৰু গৃহ সমষ্টি মাজুলীৰো বান পৰিস্থিতিৰ বুজ লয় মুখ্য়মন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সম্প্ৰতি ভগ্ন মথাউৰিৰ পুনৰ্নিমাণ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ প্ৰদান কৰে ৷ ৰাজ্যৰ জলসম্পদ বিভাগে সদৰি কৰা তথ্য অনুসৰি, জামুগুৰিত সোৱণশিৰি আৰু দিক্ৰং, জোনাইত চিয়াং নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰি সৃষ্টি কৰিছে বানৰ ৷ নদীকেইখনে মাজুলীৰ কেনমিলি মথাউৰিৰো বিস্তৰ ক্ষতি সাধন কৰি প্লাৱিত কৰি আহিছে বৃহত্তৰ অঞ্চল ৷ সম্প্ৰতি বিপদসীমাৰ থকা ব্ৰহ্মপুত্ৰ নৈৰ জলস্তৰ প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে এক চেণ্টিমিটাৰকৈ ৷ মুখ্যমন্ত্ৰী সোণোৱালে পৰিস্থিতি পৰিদৰ্শনৰ অন্তত জলসম্পদ বিভাগটোৰ সৈতে জড়িত অভিযন্তাসকলক ন ন প্ৰযুক্তিগত কৌশল প্ৰয়োগ কৰি মথাউৰি নিৰ্মাণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷
লগতে চাওকঃ পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে সুন্দৰীদিয়া সত্ৰবাসীক