ETV Bharat / state

শোচনীয় ৰাজ্যৰ বান পৰিস্থিতিঃ বান-ভূমিস্খলনত মৃত্যু 92 গৰাকীৰ

author img

By

Published : Jul 16, 2020, 10:18 AM IST

অসমত বানৰ লগতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত চলিত বৰ্ষত বতৰ্মান পৰ্যন্ত 92 গৰাকীয়ে মৃত্যুক আকোঁৱালি লৈছে ৷ সমান্তৰালকৈ 26 খন জিলাৰ 36 লাখ লোক প্ৰভাৱিত হৈছে চলিত বৰ্ষৰ বানত ৷ 426 টা শিবিৰ স্থাপন কৰি সমগ্ৰ অসমতে বানাক্ৰান্তক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে ৷

assam floods claim 7 more lives 36 lakh hit in 26 districts
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি

গুৱাহাটী,16জুলাইঃ ৰাজ্যত কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ লোৱাৰ সময়তে বানেও সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ বুধবাৰৰ দিনটোতে অসমত বানৰ ফলত সাত গৰাকী লোকে মৃত্যুক আকোঁৱালি ল'বলগীয়া হয় ৷ ইপিনে অসমৰ 26 খন জিলাই বানৰ কবলত পৰাৰ লগতে 36 লাখ লোক বানত প্ৰভাৱিত হৈছে ৷ অসম দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি মৰিগাঁও জিলাত তিনিগৰাকী, বৰপেটাত দুগৰাকী, শোণিতপুৰ আৰু গোলাঘাট জিলাত এজনৈ ব্যক্তিৰ মৃত্যু হয় বুধবাৰে ৷ ইয়াকে লৈ ৰাজ্যত বানৰ লগত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত 92 গৰাকী লোকে মৃত্যু আকোঁৱালি লৈছে ৷ তথ্য অনুসৰি চলিত বৰ্ষত বানত 66 গৰাকী আৰু ভূমিস্খলত 26 গৰাকীয়ে মৃত্যুক সাৱিতি লৈছে ৷ বানৰ কবলত পৰা জিলা সমূহ হৈছে ধেমাজী, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপমেট্ৰ, মৰিগাঁও, নগাঁও, হোজাই, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড, তিনিচুকীয়া আৰু কাৰ্বি আংলঙ ৷ ইয়াৰে সৰ্বাধিক ধুবুৰী জিলাত 5.51 লাখ, বৰপেটাত 5.30 লাখ আৰু গোৱালপাৰাত 4.28 লাখ গৰাকী লোক বানৰ প্ৰভাবত পৰিছে ৷

  • Our Govt is working on a war footing to provide all necessary assistance to the flood-affected people. District admin, @assampolice, SDRF, @NDRFHQ & other depts are rescuing the marooned people.

    Visited a flood relief camp at Teok & interacted with the inmates. pic.twitter.com/ZzwPNOrPxs

    — Sarbananda Sonowal (@sarbanandsonwal) July 15, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইপিনে মঙলবাৰে দিনটোলৈকে ৰাজ্যত 28 খন জিলা বানৰ কবলত থকাৰ লগতে 33 লাখ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছিল ৷ এচ ডি আৰ এফ, এন ডি আৰ এফ, জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগত যোৱা 24 ঘন্টাত 180 খন নাওৰে 3,991 গৰাকী লোকক উদ্ধাৰ কৰা হৈছে ৷ মুখ্যমন্ত্ৰী সৰ্বান্দ সোণোৱালে যোৰহাট জিলাৰ বান পৰিস্থিতি পযৰ্বেক্ষণ কৰি ৰাজবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা আশ্ৰয় শিবিৰত থকা লোকসকলৰ লগত বাৰ্তলাপ কৰে ৷ লগতে তেওঁ উল্লেখ কৰে যে, চৰকাৰে বানত প্ৰভাবিত লোক সকলক প্ৰযোজনীয় সামগ্ৰী যোগান ধৰিবলৈ যুদ্ধকালীন প্ৰস্তুতিৰে কাম কৰি আছে ৷ জিলা প্ৰশাসন ,অসম আৰক্ষী, এচ ডি আৰ এফ, এন ডি আৰ এফ আৰু বিভিন্ন বিভাগৰ সহযোগত বানাক্ৰান্ত সকলক উদ্ধাৰ অভিযান চলাই আছে ৷ ইপিনে অসম দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমান 3,376 খন গাঁও পানীৰ তলত থকাৰ বিপৰীতে সমগ্ৰ ৰাজ্যখনৰ 1,27,647,25 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্থ হৈছে ৷ 23 খন জিলাৰ 629 টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে আৰু বতৰ্মান পৰ্যন্ত 36,320 গৰাকী লোকে আশ্ৰয় লৈ আছে ৷

লগতে পঢ়কঃ প্ৰৱল গৰাখহনীয়াত ভীতিগ্ৰস্ত দিচাং পৰীয়া ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.