ETV Bharat / state

ৰাজ্যত বানত নিহতৰ সংখ্যা 103 গৰাকীলৈ বৃদ্ধি

author img

By

Published : Jul 28, 2020, 11:42 AM IST

64 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 1,966 খন গাঁও ৷ তদুপৰি ৰাজ্যত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে 20,04,017 গৰাকী ব্যক্তি ৷ আনহাতে বানত বিনষ্ট হৈছে 96,452.20 হেক্টৰ কৃষি ভূমি ৷ বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা হৈছে 259 টা সাহায্য শিবিৰ ৷ এই শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰিছে 45,550 গৰাকী বানাক্ৰান্তই ৷ গোলাঘাটত এগৰাকী ব্যক্তিয়ে বানত প্ৰাণ হেৰুওৱাৰ ফলত বানত নিহতৰ সংখ্যা বৃদ্ধি পাইছে 103 গৰাকীলৈ ৷

Assam flood Report Etv Bharat news
বানত নিহতৰ সংখ্যা বৃদ্ধি 103 গৰাকীলৈ

নিউজ ডেস্ক,28 জুলাই: পূৰ্বৰ তুলনাত কিছু শাম কাটিছে ৰাজ্যৰ বান পৰিস্থিতি ৷ মঙলবাৰৰ দিনটোলৈ ৰাজ্যৰ 22 খন জিলাত অপৰিৱৰ্তিত হৈ আছে বান ৷ পৰিস্থিতি সামান্য উন্নত হ’লেও বিপদসীমাৰ ওপৰেৰে বৈ আছে মুখ্য নৈ ব্ৰহ্মপুত্ৰ ৷ যোৰহাটৰ নিমাতীঘাট, তেজপুৰ, গোৱালপাৰা, ধুবুৰী আদি এলেকাত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ ৷ ধেমাজি, বিশ্বনাথ, শোণিতপুৰ, চিৰাং, দৰং, বাক্সা, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ’), মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত বানে সৰ্বাধিক ক্ষতি কৰাৰ তথ্য প্ৰকাশ কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৷

তদুপৰি 64 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 1,966 খন গাঁও ৷ তদুপৰি ৰাজ্যত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে 20,04,017 গৰাকী ব্যক্তি ৷ আনহাতে বানত বিনষ্ট হৈছে 96,452.20 হেক্টৰ কৃষি ভূমি ৷ বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা হৈছে 259 টা সাহায্য শিবিৰ ৷ এই শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰিছে 45,550 গৰাকী বানাক্ৰান্তই ৷ এনডিআৰএফ, এছডিআৰএফ বাহিনীৰ লগতে স্থানীয় প্ৰশাসনে অবিৰতভাৱে বান বিধ্বস্ত এলেকাসমূহত চলাই গৈছে উদ্ধাৰ অভিযান ৷ মঙলবাৰে গোলাঘাটত এগৰাকী ব্যক্তিয়ে বানত প্ৰাণ হেৰুওৱাৰ ফলত বানত নিহতৰ সংখ্যা বৃদ্ধি পাইছে 103 গৰাকীলৈ ৷

ইফালে বানৰ সমান্তৰালকৈ অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ ৷ ৰাজ্যৰ ভিতৰতে সৰ্বাধিক খহনীয়াৰ সন্মুখীন হৈছে মাজুলী ৷ মাজুলীৰ কেইবাটাও স্থানত ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰি খহাই নিছে জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল ৷

লগতে চাওকঃ বজ্ৰপাতত নিহত 11, আহত 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.