ETV Bharat / state

ৰাজ্যত বানত মৃত্যু 35 জনৰ - বৰ্তমানো জলমগ্ন হৈ

শনিবাৰৰ পুৱালৈ ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 35 জনলৈ ৷ বৰ্তমানো জলমগ্ন হৈ আছে 18 খন জিলাৰ 46 টা ৰাজহ চক্ৰৰ 1,568 গাঁও ৷ আনহাতে বানৰ কৱলত পৰিছে 1,68,140.28 হেক্টৰ কৃষিভূমি ৷

assam-flood-overall
ৰাজ্যত বানত মৃত্যু 35 জনৰ
author img

By

Published : Jul 4, 2020, 2:53 PM IST

গুৱাহাটী, 4 জুলাই : ৰাজ্যত অব্যাহত আছে বান পৰিস্থিতি ৷ শনিবাৰৰ পুৱালৈ ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 35 জনলৈ ৷ বৰ্তমানো জলমগ্ন হৈ আছে 18 খন জিলাৰ 46 টা ৰাজহ চক্ৰৰ 1,568 খন গাঁও ৷ আনহাতে বানৰ কৱলত পৰিছে 1,68,140.28 হেক্টৰ কৃষিভূমি ৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰে এই তথ্য ৷

অসমৰ ধেমাজি, বিশ্বনাথ, কোকৰাঝাৰ, দৰং, নলবাৰী, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ’, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া জিলাত বৰ্তমানো অব্যাহত আছে বানৰ সংহাৰ ৷ বানত বৰ্তমানলৈ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ 12.28.884 গৰাকী লোক ৷ বানাক্ৰান্ত লোকৰ সাহাৰ্যৰ্থে প্ৰশাসনে বৰ্তমানলৈ 323 টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে ৷ এই আশ্ৰয় শিবিৰত শনিবাৰৰ পুৱালৈ মুঠ 65,884 জন লোকে আশ্ৰয় লৈছে ৷

আনহাতে যোৰহাটৰ নিমাতিঘাট, গোৱালপাৰা, ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰত জীয়া ভৰালী, নগাঁও ধৰমতুলাত কপিলী নৈ আৰু নলবাৰীত পগলাদিয়া নদীৰ জলস্তৰ বৰ্তমানো বিপদসীমাৰ ওপৰেদি বৈছে ৷ বানে বৰ্তমানলৈ ৰাজ্যৰ 21 খন জিলাৰ 135 টা মথাউৰি ছিঙাৰ লগতে 17 খন জিলাৰ 73 খন দলং উটুৱাই নিছে বলিয়া বানে ৷

লগতে পঢ়কঃ পৰীক্ষা অবিহনেই হোজাইত কৰ'ণা পজিটিভ এগৰাকী লোক!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.