ETV Bharat / state

ৰাজ্যত এই পৰ্যন্ত বানত মৃত্যু 34 জনৰ

author img

By

Published : Jul 3, 2020, 1:13 PM IST

যোৰহাটৰ নিমাতিঘাট,গোৱালপাৰা,ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী,গোলাঘাটৰ নুমলীগড়ত ধনশিৰি নৈ,শোণিতপুৰত জীয়া ভৰলী, নগাঁও ধৰমতুলাত কপিলী,নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে ৷

ASSAM FLOOD OVERALL
ৰাজ্যত বানত মৃত্যু 34 জনৰ

নিউজ ডেস্ক, 3 জুলাই : ৰাজ্যত অব্য়াহত আছে বানৰ সংহাৰ ৷ বৃহস্পতিবাৰে পুনৰ গোৱালপাৰাত মৃত্যু হয় এজন লোকৰ ৷ ইয়াৰ লগতে ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 34 জনলৈ বৃদ্ধি পাইছে ৷ বানত বৰ্তমানো জলমগ্ন হৈ আছে 21 খন জিলাৰ 58 টা ৰাজহ চক্ৰৰ 2,044 খন গাঁও ৷ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বিভাগে প্ৰকাশ কৰে এই কথা ৷

ৰাজ্যত বানত মৃোৰাজ্যত এই পৰ্যন্ত বানত মৃত্যু 34 জনৰত্যু 34 জনৰ

ৰাজ্যৰ ঠায়ে ঠায়ে জলস্তৰ হ্ৰাস পাইছে যদিও অব্যাহত আছে বানৰ সংহাৰ ৷ ধেমাজি, লখিমপুৰ,বিশ্বনাথ,দৰং,নলবাৰী,বৰপেটা,বঙাইগাঁও,চিৰাং,কোকৰাঝাৰ, ধুবুৰী,দক্ষিণ শালমাৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ৰ’,মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট,শিৱসাগৰ,ডিব্ৰুগড়,তিনিচুকীয়া জিলাত বানৰ ফলত সৃষ্টি হৈছে অৱৰ্ণনীয় পৰিস্থিতিৰ ৷ বান প্ৰভাৱান্বিত জিলাসমূহত জিলা প্ৰশাসনে বৰ্তমানলৈ 90 টা আশ্ৰয় শিবিৰ মুকলি কৰিছে ৷ এই আশ্ৰয় শিবিৰত মুঠ 12,447 জন লোকে আশ্ৰয় লৈছে ৷

ASSAM FLOOD OVERALL
ৰাজ্যত এই পৰ্যন্ত বানত মৃত্যু 34 জনৰ

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অগৰাতলি ৰেঞ্জত 36 টা,কাজিৰঙাত 48 টা,বাগৰিত 38 টা, বুঢ়াপাহাৰত 25 টা আৰু বোকাখাটত 7 টা বন শিবিৰ স্থাপন কৰা হৈছে ৷ ৰাষ্ট্ৰীয় উদ্য়ানখনৰ ষষ্ঠ সংযোজন বিশ্বনাথ উপ সংমণ্ডলত 30 টা আৰু নগাঁও উপ সংমণ্ডলত 38 টা বন শিবিৰ স্থাপন কৰা হৈছে ৷ একেদৰে ওৰাং আৰু পবিতৰা ৰাষ্ট্ৰীয় উদ্যানতো অব্যাহত আছে বানৰ সংহাৰ ৷ বানৰ ফলত কৃষিভূমিৰো বিস্তৰ ক্ষতিসাধন হৈছে ৷ ৰাজ্যত বৰ্তমানলৈ বানৰ ফলত 1,68,110.98 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে ৷

যোৰহাটৰ নিমাতিঘাট, গোৱালপাৰা, ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী, গোলাঘাটৰ নুমলীগড়ত ধনশিৰি নৈ, শোণিতপুৰত জীয়া ভৰলী, নগাঁও ধৰমতুলাত কপিলী, নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈছে বুলি প্ৰকাশ কৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ৷

লগতে পঢ়ক : লেহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী আৰু বিপিন ৰাৱট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.