ETV Bharat / state

Assam Flood 2023 : ৪ জিলা বানৰ কবলত; বছৰটোৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত প্ৰায় ২১ হাজাৰ লোক

ৰাজ্যৰ প্ৰথমটো বানৰ কবলত ৪ খন জিলা । ক্ষতিগ্ৰস্ত প্ৰায় ২১,০০০ লোক । বানৰ কবলত লখিমপুৰ, ধেমাজি, কাছাৰ আৰু কামৰূপ (মেট্ৰ') জিলা । পাঁচটা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ১৯ খন গাঁও বৰ্তমান পানীৰ তলত ।

Assam Flood 2023
Assam Flood 2023
author img

By

Published : Jun 15, 2023, 3:37 PM IST

গুৱাহাটী, ১৫ জুন : বছৰটোৰ প্ৰথমটো বানৰ কবলত ৰাজ্য । বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফোটোকাৰে বাঢ়ি আহিছে নৈ-উপনৈসমূহ । কেৱল সিমানে নহয়, বহু ঠাইত বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ খেতিপথাৰ । লগতে বানৰ পানীৰে প্লাৱিত হৈছে ৰাস্তা-ঘাট তথা ঘৰ-দুৱাৰ । আনহাতে, প্ৰথমটো বানতে বানে খহাইছে বহু ঠাইত মথাউৰি । অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বুধবাৰে প্ৰকাশ কৰা মতে, ৰাজ্যখনৰ চাৰিখন জিলা এই প্ৰথমটো বানৰ কবলত পৰিছে । ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ২১,০০০ লোক । অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) সূত্ৰত প্ৰকাশ পোৱা মতে, চলিত বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ জিলা । কেৱল লখিমপুৰ জিলাতে ২,৪৪৮ শিশুসহ মুঠ ২০,৭৬৮ জন লোক এই বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, শিঙৰা নদীয়ে বুধবাৰে লখিমপুৰ জিলাৰ দুটাকৈ মথাউৰি ভাঙে । আনহাতে, এতিয়ালৈকে মুঠ পাঁচটা মথাউৰি ভঙাৰ খবৰ লাভ কৰা হৈছে । ইফালে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন জিলাৰ ছয়টা পথো ক্ষতিগ্ৰস্ত হৈছে । "নেৰানেপেৰা বৰষুণৰ পিছতে ৰাজ্যৰ বহুতো নদীৰ জলস্তৰ বৃদ্ধি পাইছে ।" ASDMA-ৰ প্ৰতিবেদনত প্ৰকাশ । উল্লেখ্য যে চলিত বছৰটোত ৰাজ্যৰ প্ৰথমটো বানৰ ফলত লখিমপুৰ, ধেমাজি, কাছাৰ আৰু কামৰূপ (মেট্ৰ') জিলা প্ৰভাৱিত হৈছে ।

আনহাতে, পাঁচটা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ১৯ খন গাঁও বৰ্তমান পানীৰ তলত আছে । ইয়াৰ উপৰি এই বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে ১৭৮৭ টা পশুধনো । ASDMA-ৰ সূত্ৰই জনোৱা মতে, বানপীড়িত জিলাকেইখনত এই বানৰ ফলত ১৩.৫০ হেক্টৰ শস্যভূমি জলমগ্ন হৈ পৰিছে । ইফালে বাৰিষাৰ আৰম্ভণি আৰু ৰাজ্যজুৰি বৰষুণৰ ফলত বানপানীৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১১ জুনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে । ৰাজ্যিক প্ৰশাসনৰ বিষয়াসকলৰ লগতে সকলো জিলাৰ উপায়ুক্ত আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বানৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে । লগতে এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু সাহায্য ব্যৱস্থা সাজু কৰি ৰাখিবলৈ এক ভিডিঅ' কনফাৰেন্সযোগে সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায় ।

মুখ্যমন্ত্ৰীয়ে কয়, "ৰাজ্যখনত বাৰিষা আৰম্ভ হোৱাৰ লগে লগে NHAI, NHIDC, NDRF আৰু SDRF-কে ধৰি সকলো চৰকাৰী বিভাগে বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ ওচৰলৈ যাবলৈ সতৰ্ক হৈ থকা উচিত ।" আনহাতে, তেওঁ ASDMA-ক বানপানীৰ সম্ভাৱ্য ভাবুকিৰ বিৰুদ্ধে জনসাধাৰণক সতৰ্ক কৰিবলৈ বিপদৰ আশংকা থকাৰ ক্ষেত্ৰত যোগাযোগ আৰু আগতীয়া সতৰ্ক ব্যৱস্থা সক্ৰিয় কৰিবলৈও কয় ।

আনহাতে, বানপানীৰ ফলত দ বাসস্থানৰ অঞ্চলবোৰ ডুবি যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক সাহায্য শিবিৰ স্থাপন কৰিবলৈ আৰু সাহায্য বিতৰণ কেন্দ্ৰসমূহত সাহায্য বিতৰণ ব্যৱস্থা সুশৃংখল কৰিবলৈও কয় ।

লগতে পঢ়ক :SI Junmoni Rabha death case : জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ৪ টা গোচৰলৈ তদন্তত চি বি আইৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.