ETV Bharat / state

বান বিভীষিকা : ৰাজ্যত বানে প্ৰাণ ল'লে 93 গৰাকীৰ

ৰাজ্যত এতিয়া বানে সৃষ্টি কৰিছে বিভীষিকাময় পৰিস্থিতিৰ ৷ উজনিৰ পৰা নামনিলৈ চৌদিশে কেৱল পানী আৰু পানী ৷ হাহাকাৰ পৰিস্থিতি বানাক্ৰান্তৰ ৷

author img

By

Published : Jul 24, 2020, 9:06 AM IST

Updated : Jul 24, 2020, 12:34 PM IST

assam-flood-20-93-people-have-lost-their-lives
ৰাজ্যত বানত মৃত্যুৰ সংখ্যা 93 গৰাকীলৈ বৃদ্ধি

নিউজ ডেস্ক,24জুলাই : ৰাজ্যত আজিও অপৰিৰ্বতি হৈ আছে বান পৰিস্থিতি ৷ ধেমাজী ,লখিমপুৰ,শোণিতপুৰ , বিশ্বনাথ, দৰঙ, বাক্সা, নলবাৰী, বৰপেটা, চিৰাঙ, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ , মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মজুলী, শিৱসাগৰ , তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং , আৰু কাছাৰ এই 26 খন জিলা এতিয়া বানৰ কবলত আছে ৷ ইয়াৰ লগতে 74 ৰাজহ চক্ৰ এলেকাৰ 2,634 খন গাঁও বানত প্ৰভাবিত হৈছে ৷ আনহাতে ব্ৰহ্মপুত্ৰ নদী যোৰহাট, তেজপুৰ, গুৱাহাটী, গোৱালপাৰা, ধুবুৰীত বিপদ সীমাৰ ওপৰে বৈ আছে ৷

ইয়াৰ লগে লগে গোলাঘাটত ধনশিৰি , শোণিতপুৰত জীয়াভৰালী , নগাঁৱত কপিলি , বৰপেটাত বেকী, কৰিমগঞ্জত কুশিয়াৰা আৰু গোলকগঞ্জত সোণকোষ নদী বিপদ সীমাৰ ওপৰে বৈ আছে ৷ 1,19,435,93 হেক্টৰ কৃষি ভূমি বানত বিনষ্ট হোৱাৰ লগতে 28,32,410 গৰাকী লোক বানৰ প্ৰভাত পৰিছে ৷ ৰাজ্য চৰকাৰে 456 টা আশ্ৰয় শিৱিৰ স্থাপন কৰি বান সাহায্য বিতৰণ কৰাৰ লগতে বানাক্ৰান্ত সকল এই শিৱিৰত আশ্ৰয়লৈ আছে ৷ উল্লেখযোগ্য যে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত বানৰ ফলত চাৰিজন ব্যক্তিয়ে মৃত্যু আকোঁৱালি লয় ইয়াকে লৈ ৰাজ্যত বানত মৃত্যু হোৱৰ সংখ্যা 93 গৰাকীলৈ বৃদ্ধি পালে ৷

লগতে পঢ়কঃ প্ৰতিদিনেই মৃত্যুৰ আশংকাৰে বিপদসংকুল যাত্ৰা...

Last Updated : Jul 24, 2020, 12:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.