ETV Bharat / state

Electricity Tariff in Assam: ২০২৩-২৪ বৰ্ষৰ বাবে কি নিৰিখ ধাৰ্য কৰিলে বিদ্যুৎ নিয়ামক আয়োগে ?

বিভিন্ন পক্ষৰ শুনানি গ্ৰহণৰ পাছত অৱশেষত ২০২৩-২৪ বৰ্ষৰ বাবে বিদ্যুৎ মাচুলৰ নিৰিখ ধাৰ্য কৰিলে অসম বিদ্যুৎ নিয়ামক আয়োগে(Assam Electricity Regulatory Commission revised the Electricity tariff) । পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুতৰ নতুন মাচুল নিৰ্ধাৰণ কৰিছে ।

Electricity Regulatory
অসম বিদ্যুৎ নিয়ামক আয়োগ
author img

By

Published : Mar 31, 2023, 12:20 PM IST

Updated : Mar 31, 2023, 1:16 PM IST

গুৱাহাটী, ৩১ মাৰ্চ: নিয়ামক আয়োগে বিদ্যুৎ মাচুল বৃদ্ধিৰ শক্তি বিভাগৰ প্ৰস্তাৱক নস্যাৎ কৰিলেও বিদ্যুৎ গ্ৰাহকৰ ফিক্সড চার্জ প্ৰতি মাহে প্ৰতি কে ডব্লিউ/কে ভিত ১০ টকাকৈ বৃদ্ধিত অনুমোদন জনাইছে । অর্থাৎ সাধাৰণ বিদ্যুৎ গ্ৰাহকে পূৰ্বতে ফিক্সড চাৰ্জৰ বাবদ অতি কমেও ১২০ টকা পৰিশোধ কৰি আহিছিল যদিও এতিয়াৰে পৰা প্ৰতি কে ডব্লিউ/কে ভিত ১০ টকাকৈ প্ৰায় ৪০ টকা অতিৰিক্ত মাচুল আদায় দিব লাগিব । অৱশ্যে আয়োগে আন এটা দিশত গ্ৰাহকক কিছু সকাহ প্ৰদান কৰিছে ।

বিদ্যুৎ নিয়ামক আয়োগে ২০২৩-২৪ বৰ্ষৰ বাবে সকলো ধৰণৰ এনাৰ্জী চার্জ প্ৰতি ইউনিটত ১০ পইচাৰ পৰা ২০ পইচা পর্যন্ত হ্ৰাস কৰিছে (Assam Electricity Regulatory Commission revised the Electricity tariff) । অসম বিদ্যুৎ নিয়ামক আয়োগে জাৰি কৰা জাননীৰ জৰিয়তে এ পি জি চি এল, এ ই জি চি এল, এছ এল ডি চি তথা এ পি ডি চি এলৰ বিদ্যুৎ নিৰিখ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰিছে । আয়োগে এ পি জি চি এল, এ ই জি চি এল, এছ এল ডি চি তথা এ পি ডি চি এলৰ ২০২২-২০২৩ বৰ্ষৰ বাৰ্ষিক কর্মক্ষমতা পর্যালোচনাৰ ভিত্তিত বিদ্যুতৰ নিৰিখ নতুনকৈ নিৰ্ধাৰণ কৰি কিছু সংশোধন আনিছে ।

এ পি ডি চি এলে ফিক্সড চার্জ প্ৰতিমাহে প্ৰতি কে ডব্লিউ/কে ভিত ১৫ টকাৰ পৰা ৭৫ টকা পর্যন্ত বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল । কোম্পানীটোৱে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকসকলৰ বাবে বর্তমান প্ৰযোজ্য হৈ থকা এফ পি পি পি এ চার্জকে ধৰি এনাৰ্জী চার্জ প্ৰতি ইউনিটত ১ টকাৰ পৰা ৩ টকা পর্যন্ত বঢ়োৱাৰো প্ৰস্তাৱ দিছিল । আবেদনকাৰী সংস্থাকেইটাৰ প্ৰস্তাৱসমূহ অংশীদাৰ তথা সহাঁৰি দিওঁতাসকলৰ ওজৰ-আপত্তি, পৰামৰ্শসমূহ আৰু অন্যান্য সংলিষ্ট দিশৰ পর্যালোচনাৰ ভিত্তিত নিৰিখ বৃদ্ধিৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি তাৰ পৰিৱৰ্তে নিয়ামক আয়োগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ বৰ্ষৰ বাবে নিৰিখ প্ৰায় ১.২ শতাংশ হ্ৰাস কৰাতহে অনুমোদন জনায় ।

নিয়ামক আয়োগে সকলো শ্ৰেণীৰ এনাৰ্জী চার্জ প্ৰতি ইউনিটত ১০পইচাৰ পৰা ২০ পইচা পৰ্যন্ত হ্ৰাস কৰিছে । কিন্তু নিৰিখ যুক্তিকৰণৰ তথা সামগ্ৰিক ৰাজহ সংগ্ৰহৰ স্বাৰ্থত আয়োগে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বাবে ফিক্সড চার্জ প্ৰতি মাহে প্ৰতি কে ডব্লিউ/কে ভিত ১০ টকাকৈ বৃদ্ধি কৰাত অনুমোদন জনাইছে । তদুপৰি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কাৰণে গড় যোগানৰ মূল্য প্ৰতি ইউনিটত ৮.০২ টকা কৰিছে । এই মূল্য এ পি ডি চি এলে প্ৰতি ইউনিটত ৯.৫২ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল । ২০২২-২৩ বিত্তীয় বৰ্ষৰ গড় যোগানৰ মূল্য প্ৰতি ইউনিটত আছিল ৮.১৪ টকা ।

নিৰিখ চূড়ান্ত কৰাৰ ক্ষেত্ৰত নিয়ামক আয়োগে প্ৰাকৃতিক গেছৰ মূল্য প্ৰতি এম এম বি টি ইউত ২.৯০ আমেৰিকান ডলাৰ হিচাপে গণ্য কৰিছে । ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ গেছৰ মূল্য হ্ৰাস হোৱা আৰু বিগত তিনি মাহৰ প্ৰাকৃতিক গেছৰ মূল্য গড়ে প্ৰতি এম এম বি টি ইউত ২.৯১ আমেৰিকান ডলাৰ হৈ থকাটোও হিচাপত অন্তৰ্ভুক্ত হৈছে । নিয়ামক আয়োগে প্ৰজ্বালকৰ শেহতীয়া মূল্যৰ ভিত্তিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কাৰণে সামগ্ৰীক উৎপাদন নিৰিখ প্ৰতি কে ডব্লিউএইচত ৩.৫৮ টকা হিচাপত অনুমোদন জনাইছে । আনহাতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কাৰণে ট্ৰেন্সমিচন নিৰিখ প্ৰতি কে ডব্লিউ এইচত ০.৫৭ টকাকৈ আৰু এছ এল ডি চি নিৰিখ প্ৰতি দিনে প্ৰতি মেগাৱাটত ১০৬.৮৪ টকাকৈ অনুমোদন জনাইছে । উল্লেখ্য যে নিয়ামক আয়োগে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি ৰাইজক কিছু সকাহ প্ৰদান কৰিলে ।

লগতে পঢ়ক : Mission against polythene: পলিথিনৰ বিৰোধিতাৰে ৰাজপথত নাৰী সমাজ

Last Updated : Mar 31, 2023, 1:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.