ETV Bharat / state

Heatwave hits Assam: উৎকট গৰম; বিদ্যালয়ৰ পাঠদান পুৱা 7.30 বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ - Heatwave in Assam

গ্ৰীষ্মপ্ৰৱাহৰ ফলত স্তব্ধ ৰাজ্যবাসীৰ স্বাভাৱিক জীৱন-যাত্ৰা ৷ অত্যন্ত গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানসমূহৰ বাবে শিক্ষা বিভাগে জাৰি কৰিছে নিৰ্দেশনা ৷ প্ৰয়োজন হ’লে পুৱা 7.30 বজাৰ পৰা পাঠদান আৰম্ভ কৰাৰ নিৰ্দেশ (Heatwave situation in Assam) ৷

Heatwave hits Assam
Heatwave hits Assam
author img

By

Published : Jun 3, 2023, 7:16 PM IST

নিউজ ডেস্ক, 3 জুন: প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদান প্ৰক্ৰিয়া 9 বজাৰ পৰা আৰম্ভ কৰাৰ পৰিৱৰ্তে পুৱা 7.30 বজাৰ বজাৰ আৰম্ভ কৰাৰ আহ্বান ৷ এক টুইটযোগে এই কথা সদৰী কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (Ranoj Pegu on heatwave) ৷

শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰতিখন জিলাৰ আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছে নিৰ্দেশনা ৷ অৱশ্যে জিলাসমূহৰ গ্ৰীষ্মপ্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তসকলক সিদ্ধান্ত গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে (Education department notice for heatwave) ৷

উল্লেখ্য যে প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা ৷ ৰাজ্যৰ কেইবাখনো বিদ্যালয়ত গৰমৰ বাবে শিক্ষাৰ্থী মূৰ্ছা যোৱাৰো ঘটনা পোহৰলৈ আহিছে ৷ এনে পৰিস্থিতিত অভিভাৱকসকলকে ধৰি সকলোৱে বিদ্যালয়সমূহৰ পাঠদানৰ সূচী সলনি কৰাৰ বাবে অনুৰোধ জনাইছিল শিক্ষা বিভাগক ৷ শেহতীয়াকৈ প্ৰবল গ্ৰীষ্মপ্ৰবাহৰ কবলত পৰা ৰাজ্যত সৰ্বাধিক 38 ডিগ্ৰী চেলছিয়ালৈকে উঠিছে পাৰাস্তম্ভ (Heatwave in Assam)৷

প্ৰখৰ ৰ’দত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটোৱেই সমস্যা হৈ পৰিছে জনসাধাৰণৰ বাবে । বিশেষকৈ স্কুলীয়া ছাত্র-ছাত্ৰীসকলৰ বাবে প্ৰচণ্ড গৰমত বিদ্যালয়লৈ অহা-যোৱা কৰা তথা পাঠ গ্ৰহণ কৰাটো কষ্টদায়ক হৈ পৰিছে । ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া শিক্ষা বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ বিভিন্ন কাম-কাজত বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হোৱা লোকসকলৰো এখন্তেক হ’লেও জিৰণি লোৱাৰ বাবে বিশাল গছৰ ছাঁ একমাত্র আশ্রয়স্থল হৈ পৰিছে (Heat wave hits normal life in Assam) ।

উল্লেখ্য যে দ্ৰুত জলবায়ু পৰিৱৰ্তনৰ বাবে সম্প্ৰতি সমগ্ৰ দেশ জুৰি বৃদ্ধি পাইছে গ্ৰীষ্মপ্ৰৱাহ ৷ গৰমৰ ফলত অধিক সংখ্যক লোকৰ মৃত্যু হোৱা দেশসমূহৰ তালিকাতো আছে ভাৰতবৰ্ষ ৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান BBCৰ এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি ভাৰতত 1992 চনৰ পৰা 2015 চনলৈকে অত্যাধিক গৰমৰ বাবে মৃত্যু হৈছে অতিকমেও 22 হাজাৰ লোকৰ ৷

লগতে পঢ়ক: Heatwave hits Assam: ৰাজ্যত গ্ৰীষ্মৰ প্ৰকোপ ! 38 ডিগ্ৰী অতিক্ৰম কৰিছে পাৰাস্তম্ভই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.