ETV Bharat / state

Assam Edu Department: প্ৰাথমিক শিক্ষককলৈ ৰাজনীতি শিক্ষা বিভাগৰ; বিদ্যালয়ৰ বাৰ্ষিক অনুদান বন্ধ কৰি ‘শিক্ষা সেতু’ত সফলতা শিক্ষা বিভাগৰ - প্ৰাথমিক বিদ্যালয়

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক লৈ শিক্ষা বিভাগে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে শিক্ষা সেতু পৰ্টেলত তথ্য আপলোড নকৰা ১১,২৩৭ খন বিদ্যালয়ক বাৰ্ষিক অনুদান প্ৰদান কৰাৰ পৰা বিৰত আছিল শিক্ষা বিভাগ ৷ অৱশ্যে সেই অনুদান শেহতীয়াকৈ মুকলি কৰি দিলে শিক্ষা বিভাগে ৷

Assam Edu Department
Assam Edu Department
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 5:59 PM IST

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক লৈ অসমৰ শিক্ষা বিভাগে বিভিন্ন সময়ত ৰাজনীতি কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।‌ শেহতীয়াকৈ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়াকলৈ শিক্ষা বিভাগে বিভিন্ন প্ৰাথমিক শিক্ষক সংগঠনসমূহৰ মুখ বন্ধ কৰিছে ।

ইতিমধ্যে শিক্ষা বিভাগে বিভিন্ন চক্ৰান্ত কৰি শিক্ষা সেতু কামৰ‌ বিৰোধিতা কৰা সকলো প্ৰাথমিক শিক্ষকক চৰকাৰক উভতাই দিয়া টেবলেট ব্যৱহাৰ কৰিবলৈ বাধ্য কৰা দেখা যায় । শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়ত বাৰ্ষিক অনুদান‌ বন্ধ কৰি শিক্ষা সেতু কামত শিক্ষকসকলক জড়িত হোৱাৰ বাধ্য কৰে ৷

উল্লেখ্য যে শিক্ষা বিভাগে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান‌ শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত মৌখিক ঘোষণা কৰিছে । কিন্তু এই ক্ষেত্ৰত কোনো জাননী জাৰি কৰা নাই । যিসমূহ প্ৰাথমিক বিদ্যালয়ত ১৫০ জন‌ বা তাতকৈ বেছি ছাত্ৰ-ছাত্ৰী আছে সেইসমূহ বিদালয়ত প্ৰধান শিক্ষক নিযুক্তি দিব ।

আনহাতে যিসমূহ প্ৰাথমিক বিদ্যালয়ত ১৫০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী আছে সেইসমূহ বিদ্যালয় একত্ৰিকৰণ কৰি এজনকৈ প্ৰধান শিক্ষক নিযুক্তি দিব । ইফালে, প্ৰধান শিক্ষকৰ দৰমহা ৭৬০০ টকা Basic Grade Pay হ’ব ।

মনৰিবলগীয়া যে বিভিন প্ৰাথমিক শিক্ষক সংগঠনৰ ভিতৰচ’ৰাত একাংশ শিক্ষকৰ মাজত মতভেদ সৃষ্টি হৈছে । কিন্তু এই ক্ষেত্ৰত শিক্ষক সংগঠনসমূহ নীৰৱ হৈ আছে ।‌

উল্লেখ্য যে যোৱা চাৰিমাহ পূৰ্বে ৰাজ্যখনৰ সকলো বিদ্যালয়ৰে পঞ্জীয়ন বাধ্যতামূলক কৰি শিক্ষক আৰু শিক্ষাৰ্থীৰ বিতং তথ্য আপলোড কৰাটো বাধ্যতামূলক কৰিছিল বিভাগে । ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে ইয়াত আপত্তি কৰিছিল আৰু
কৈছিল যে এই ধৰণৰ ডাটা এন্ট্রিৰ কাম শিক্ষকসকলৰ নহয় ।

শিক্ষকসকলৰ অন্য দাবীৰ সমান্তৰালভাৱে শিক্ষা সেতুক লৈ অসহযোগৰ বিষয়টো অব্যাহত আছিল আৰু এই লৈ শিক্ষামন্ত্ৰীৰে বাকযুদ্ধও হৈছিল । শিক্ষামন্ত্ৰীৰ সকীয়নিয়েও প্রতিবাদী শিক্ষকসকলক টলাব পৰা নাছিল আৰু প্ৰাথমিক পৰ্যায়ৰ ১১,২৩৭ খন বিদ্যালয়ৰ পঞ্জীয়ন, সম্পূৰ্ণকৈ শিক্ষকৰ তথ্য আপলোড আদি হৈ উঠা নাছিল ।

ইয়াৰ মাজতে এই বিদ্যালয়ৰ শিক্ষকসকলক বাধ্য কৰাবৰ বাবে শিক্ষা বিভাগে এক বিশেষ পৰিকল্পনা কৰিছিল । সেই অনুসৰি, যোৱা ৯ জুলাইত বিদ্যালয়সমূহৰ বার্ষিক অনুদানৰ ধন মোকলাই দিয়া হয় । মুঠ ২৮,২১৯ খন প্রাথমিক বিদ্যালয়ৰ বাবে সেইদিনা এই অনুদানৰ বাবদ ৭৯.৮১ কোটি টকা মোকলাই দিয়া হয় ।

কিন্তু শিক্ষা সেতুত পঞ্জীয়ন নকৰা বা তথ্য আপলোড নকৰা ১১,২৩৭ খন বিদ্যালয়ক এই ধন দিয়া নহ’ল । স্বাভাৱিকতে বিপাঙত পৰিল এই বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ ।

কাৰণ এই অনুদানৰ ধনেৰেই বিদ্যুতৰ মাচুল পৰিশোধ কৰা, পৰীক্ষাৰ ব্যয় বহন কৰা, ডেস্ক-বেঞ্চৰ মেৰামতিকে ধৰি আনুষংগিক কামবোৰ কৰিব লাগে । এই ধন নোপোৱাত বিদ্যালয়সমূহ পৰিচালনাত গুৰুতৰ বেমেজালি ঘটিল আৰু শিক্ষকসকলেও ‘ডাটা এন্ট্রি’ কৰিবলৈ বাধ্য হ’ল ।

এতিয়া যোৱা শুকুৰবাৰে শিক্ষামন্ত্রীয়ে সগৌৰৱে ঘোষণা কৰিছে যে অসমৰ সকলো বিদ্যালয়ৰ ‘শিক্ষা সেতু’ত এনৰোলমেণ্ট সম্পন্ন হ’ল । সফলতা এশ শতাংশ ! ইয়াৰ লগে লগে বিভাগটোৱে অৱশিষ্ট ১১,২৩৭ খন প্রাথমিক বিদ্যালয়ৰ বাবে ১৫.৬১ কোটি টকাৰ বাৰ্ষিক অনুদান মোকলাই দিছে ৷

লগতে পঢ়ক: Shiksha Setu Assam: কাগজে-পত্রই থকা পাঁচ লক্ষাধিক শিক্ষাৰ্থীৰ অস্তিত্ব নাই শিক্ষা সেতু এপত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.