ETV Bharat / state

খানাপাৰাত উন্মোচন 'অসম দৰ্শন আচঁনি'

author img

By

Published : Feb 24, 2020, 11:11 PM IST

আজি খানাপাৰাত অসম দৰ্শন আচঁনিৰ শুভ উন্মোচন কৰা হয় ৷ অসমৰ ৯১৫খন ধৰ্মানুষ্ঠানৰ আধ্যাত্মিক মুৰব্বীসকলৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়কৰ উপস্থিতিত এই আঁচনি উন্মোচন কৰা হয় ৷

খানাপাৰাত উন্মোচন 'অসম দৰ্শন আচঁনি'
খানাপাৰাত উন্মোচন 'অসম দৰ্শন আচঁনি'

খানাপাৰা, 24 ফেব্ৰুৱাৰীঃ অসমৰ ৯১৫খন ধৰ্মানুষ্ঠানৰ আধ্যাত্মিক মুৰব্বীসকলৰ উপস্থিতিত আজি খানাপাৰাত 'অসম দৰ্শন আচঁনি'ৰ শুভ উন্মোচন কৰা হয় ৷ এই উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্তৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক উপস্থিত থাকে ৷ সভাখনত উপস্থিত থাকি অসম দৰ্শন আঁচনিৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে ভাষণ আগবঢ়াই অসম চৰকাৰৰ মন্ত্ৰী পৰিষদে ৷

ঐতিহ্য সংৰক্ষণৰ বাবে এখন আইন গৃহীত কৰা হ'ব আহিবলগীয়া বিধানসভাতঃমন্ত্ৰী কেশৱ মহন্ত

এই আঁচনি সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই কয়, যোৱাবাৰ বাজেটত বিত্তমন্ত্ৰীৰ দ্বাৰা এই অসম দৰ্শন আঁচনিৰ বিষয়ে বিতংকৈ লিপিবদ্ধ কৰা হৈছিল ৷ তাত কিছুমান উল্লেখযোগ্য দিশ সাঙুৰি লোৱা হৈছিল ৷ আধ্যাত্মিক স্থানসমূহত সাধাৰণ প্ৰয়োজনখিনি পুৰণৰ বাবে 10 লাখকৈ টকা নিৰ্ধাৰণ কৰা হৈছে ৷ লগতে সেই আধ্যত্মিক অনুষ্ঠানসমূহলৈ যোৱা বাট পথৰ কামো আৰম্ভ কৰিছে ৷ ঐতিহ্য সংৰক্ষণৰ বাবে এখন আইন গৃহীত কৰা হ'ব আহিবলগীয়া বিধানসভা অধিৱেশনত ৷ অসম দৰ্শন আঁচনিয়ে অসমৰ পুনৰ নিৰ্মাণত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে বুলি মত প্ৰকাশ কৰে কেশৱ মহন্তই ৷

অসমৰ প্ৰত্যেকটো মঠ, মন্দিৰ, নামঘৰলৈ 25 লাখ টকাকৈ আগবঢ়াব অসম চৰকাৰেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সভাখনত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আৱেগৰ দ্বাৰা পৰিচালিত নহৈ জাতিৰ সম্পদসমূহক ৰাইজৰ মাজলৈ উলিয়াই আনি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা ৷ ৰাস্তাৰ আন্দোলনক জাতীয়তাবাদ বুলি কোৱা লোকৰ তেওঁ বিৰোধিতা কৰি কয়, যদি বটদ্ৰৱা সত্ৰক আমি বিশ্বৰ বুকুত পৰিচয় কৰি দিব পাৰো, তাতকৈ আৰু সুস্থ জাতীয়তাবাদ একোৱেই হ'ব নোৱাৰে ৷ অসমৰ প্ৰত্যেকটো মঠ, মন্দিৰ, নামঘৰলৈ 25 লাখ টকাকৈ আগবঢ়াব অসম চৰকাৰে ৷ লগতে অসমৰ ধৰ্মানুষ্ঠানসমূহলৈ যোৱা সকলো বাট পথ সুগম কৰি তোলা হ'ব ৷

বিজেপিৰ কাৰ্যকালত এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই, যি কাৰ্যই অসমৰ ভূমিপুত্ৰসকলৰ মনত বেদনা দিব পাৰেঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তেওঁৰ ভাষণৰ জৰিয়তে বিভিন্ন বিষয়ত আলোকপাত কৰে ৷ তেওঁ কয় যে, এই অনুষ্ঠানটোৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাতে বসবাস কৰা লোকসকলে মিলিত প্ৰচেষ্টাৰে সমন্বয়ৰ দ্বাৰা অসমখনক ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে গঢ় দি তুলিব ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ এই পৃথিৱীখনত বিশ্ব জয় কৰিব হ'লে উঠি অহা প্ৰজন্মক একো গৰাকী বীৰ লাচিত বা বীৰ চিলাৰায় হিচাপে গঢ় দিব লাগিব ৷ এইখন চৰকাৰে অসমৰ খিলঞ্জীয়া ভূমি পুত্ৰৰ বাবে অস্তিত্ব ৰক্ষাৰ যাত্ৰাত দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু পদক্ষেপ গ্ৰহণ কৰি যাব ৷ বিজেপিৰ কাৰ্যকালত এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই, যি কাৰ্যই অসমৰ ভূমিপুত্ৰসকলৰ মনত বেদনা দিব পাৰে ৷

লগতে পঢ়কঃ ইটিভিত সম্প্ৰচাৰিত বাতৰিৰ পিছতেই গা লৰিল জল সম্পদ বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.