ETV Bharat / state

দুৰ্নীতিগ্ৰস্ত কোনো আৰক্ষীয়ে ৰেহাই নাপায়; পাণবজাৰ আৰক্ষী থানা পৰিদৰ্শন কৰি জি পি সিঙৰ

মঙলবাৰে পাণবজাৰ আৰক্ষী থানা পৰিদৰ্শন কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে । পৰিদৰ্শনকালত তেওঁ থানাখনৰ সমস্যাৰ বুজ লয় আৰু সমস্যাসমূহ যিমান পাৰি সোনকালে সমাধান কৰা হ'ব বুলি উল্লেখ কৰে ।

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 5:30 PM IST

GP Singh visited Panbazar police station
দুৰ্নীতিগ্ৰস্ত কোনো আৰক্ষীয়ে ৰেহাই নাপায়; পাণবজাৰ আৰক্ষী থানা পৰিদৰ্শন কৰি জিপি সিং
পাণবজাৰ আৰক্ষী থানা পৰিদৰ্শন জিপি সিঙৰ

গুৱাহাটী, ৫ ডিচেম্বৰ : মঙলবাৰে পাণবজাৰ আৰক্ষী থানা পৰিদৰ্শন কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে । পৰিদৰ্শনৰ সময়ত তেওঁ থানাখনৰ আন্তঃগাঁথনি, আৰক্ষীৰ অভাৱ-অভিযোগৰ বুজ লয় । পাণবজাৰ আৰক্ষী থানাত উপস্থিত হোৱাৰ পিছতেই প্ৰতিগৰাকী আৰক্ষী বিষয়াৰ লগত মত বিনিময় কৰি আৰক্ষীসকলৰ সমস্যা সন্দৰ্ভত বুজ লয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । পাণবজাৰ আৰক্ষী থানা পৰিদৰ্শন কৰি জিপি সিঙে কয় যে বছেৰেকীয়া পৰিদৰ্শনৰ অংশ হিচাপে ৰাজ্যত থকা ৩৩৪ খন থানা পৰিদৰ্শন কৰিব শীৰ্ষ আৰক্ষী বিষয়াসকেল ।

এইক্ষেত্ৰত তেওঁৰ দায়িত্বত থকা ৬ খন থানাৰ ভিতৰত মঙলবাৰে পাণবজাৰ থানা পৰিদৰ্শন কৰে জি পি সিঙে । এই সময়ছোৱাত তেওঁ থানাখনৰ সমস্যাৰ বুজ লয় । পৰিদৰ্শনকালত তেওঁ থানাখনত স্থায়ীভাৱে আৰক্ষীসকল থকাৰ ব্যৱস্থা নাই বুলি উল্লেখ কৰে । আনহাতে, পাণবজাৰ থানাত থকা পুৰণি জৰাজীৰ্ণ ভৱন ভাঙি আৰক্ষী থাকিব পৰাকৈ নতুনকৈ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰাৰ কথাও তেওঁ উল্লেখ কৰে ।

ইফালে থানাত জব্দকৃত বাহনসমূহ আইনগতভাৱে স্থানান্তৰ কৰিবলৈ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিয়া বুলি জনায় । লগতে আৰক্ষীৰ সকলো অভাৱ-অভিযোগৰ কথা জানি সেয়া সমাধান কৰিবলৈ চেষ্টা কৰিব বুলিও মন্তব্য কৰে । উল্লেখ্য যে হাৱালা চক্ৰৰ ধন আত্মসাতৰ ঘটনাৰ লগত আৰক্ষী জড়িত থকাৰ প্ৰসংগত তেওঁ কয়, "দুৰ্নীতিগ্ৰস্ত কোনো আৰক্ষীক ৰেহাই দিয়া নহ'ব ।"

ভাল কাম কৰিলে পুৰস্কাৰ পাব, বেয়া কৰিলে শাস্তি পাব বুলিও তেওঁ মন্তব্য কবে । আনহাতে, এপিএছচি প্ৰসংগত তেওঁ কয় যে এছআইটিয়ে এই সন্দৰ্ভত তদন্ত কৰি আছে আৰু পৰ্যায়ক্ৰমে তদন্ত প্ৰক্ৰিয়া চলি আছে । যিসকল দোষী তেওঁলোকক আইনগতভাৱে শাস্তি দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰে । লগতে যিসকলৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণ নাই, তেওঁলোকৰ বিভাগীয়ভাৱে ব্যৱস্থা লোৱা হ'ব ।

ইপিনে জালুকবাৰী থানাত কয়দীৰ আত্মহত্যা সন্দৰ্ভত তেওঁ কয় যে এই সন্দৰ্ভত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া কৰা লৈছে । এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হ'ব বুলিও তেওঁ কয় । এইক্ষেত্ৰত চিচিটিভি ফুটেজ বিচৰা হৈছে বুলি তেওঁ কয় । চাইবাৰ অপৰাধ সম্পৰ্কত তেওঁ কয় যে এই গোচৰৰ তদন্ত থমকি ৰোৱা নাই । কিন্তু দিনে-নিশাই অভিযান চলি থাকিলে কাগজ-পত্ৰৰ কাম ৰৈ যায় বাবে এতিয়া কাগজ-পত্ৰৰ কাম কৰি থকা বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে । কাছাৰ আৰক্ষী অধীক্ষকৰ অভিযোগ সন্দৰ্ভত মন্তব্য কৰি জিপি সিঙে কয় যে উচিত তথ্য-প্ৰমাণ পালে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক :অসমত ১৫ খন স্থানীয় ৰে’ল বন্ধ কৰিছে বিজেপি চৰকাৰে : কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.