ETV Bharat / state

GP Singh: অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক কেন্দ্ৰীয় চৰকাৰৰ সঞ্চালক প্ৰধানৰ সমমৰ্যাদা প্ৰদান - অসম আৰক্ষীৰ সঞ্চালক প্ৰধান

কেন্দ্ৰীয় চৰকাৰৰ সঞ্চালক প্ৰধানৰ সমমৰ্যাদা লাভ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ এই পদোন্নতিৰ পাচতে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

GP Singh
GP Singh
author img

By

Published : Aug 8, 2023, 5:05 PM IST

গুৱাহাটী, ৮ আগষ্ট: কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি কমিটিয়ে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক কেন্দ্ৰীয় চৰকাৰৰ সঞ্চালক প্ৰধানৰ সমমৰ্যাদা প্ৰদান৷ দেশৰ ১৪ গৰাকী আই পি এছ বিষয়াৰ তালিকাত অসমৰ সঞ্চালক প্ৰধান জি পি সিঙৰ নাম প্ৰকাশ পাইছে ।

এই তালিকা প্ৰকাশ পোৱাৰ পিচতে সামাজিক মাধ্যমত সঞ্চালক প্ৰধান জি পি সিঙে মা কামাখ্যা আৰু অসমবাসীৰ আশীৰ্বাদত এই পদোন্নতি পোৱা বুলি প্ৰকাশ কৰিছে । উল্লেখ্য যে ১৯৯১ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া জি পি সিং ৷ চলিত বৰ্ষৰ ৩১ জানুৱাৰীত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰাৰ পিচতে আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে জি পি সিঙে ।

সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে বিশেষ আৰক্ষী সঞ্চালক হিচাবে দায়িত্বত আছিল জি পি সিং ৷ অসম-মেঘালয় কেডাৰৰ ১৯৯১ বেচৰ আই পি এছ বিষয়া সিঙে ছবছৰ ধৰি বিশেষ সুৰক্ষা গোট আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ সৈতে কাম কৰি আহিছে, আৰু অসমকে কেইবাটাও ঠাইত ১৮ বছৰতকৈও অধিক সময় ধৰি কাম কৰি আহিছে ।

১৯৬৭ চনৰ ৮ নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ৷ হায়দৰাবাদৰ প্ৰতিষ্ঠিত এছভিপি নেশ্যনেল পুলিচ একাডেমীত প্ৰাৰম্ভিক প্ৰশিক্ষণৰ অন্তত জিপি সিঙে ১৯৯২ চনত আই পি এছৰ প্ৰশিক্ষাৰ্থী হিচাবে অসমত যোগদান কৰে যেতিয়া উত্তৰ-পূবৰ বাকী অংশৰ লগতে ৰাজ্যখন বিদ্ৰোহীৰ কাৰ্যকলাপৰ উত্থানৰ সাক্ষী হৈ পৰে ৷

সহকাৰী আৰক্ষী অধীক্ষক শোণিতপুৰ, মহকুমা আৰক্ষী বিষয়া ৰঙিয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক নলবাৰী হিচাবে তেওঁ অসমত বিদ্ৰোহ বিৰোধী অভিযানত সক্ৰিয় অংশগ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: Assam New DGP : ডিজিপিৰ দায়িত্ব লৈয়েই জনসাধাৰণক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক সকিয়নী জি পি সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.