ETV Bharat / state

Assam DGP urge to ULFA-I: আলফা (স্বাঃ)ৰ নিকৃষ্ট কাণ্ডক সৰ্বত্ৰে ধিক্কাৰ; দুই কেডাৰৰ মৃতদেহ বিচাৰি পুনৰ আহ্বান জি পি সিঙৰ

আলফা স্বাধীনে মৃত্যুদণ্ড বিহা সংগঠনটোৰ দুই কেডাৰ লাচিত হাজৰিকা ওৰফে এ জেদ শিৰোনাম অসম আৰু মহিলা কেডাৰ‌‌ নয়নমণি চেতিয়াৰ ওৰফে বৰ্ণালী অসমৰ মৃতদেহ পৰিয়ালক চমজাই দিয়াৰ বাবে আহ্বান আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ মৃতদেহ ৰখা স্থানৰ তথ্য প্ৰকাশ কৰিলে যিকোনো চৰকাৰৰ সৈতে সমন্বয় কৰি মৃতদেহ ঘূৰাই অনাৰ আশ্বাস সঞ্চালক প্ৰধানগৰাকীৰ ।

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 2:28 PM IST

Assam DGP urge to ULFA-I
দুই কেডাৰৰ মৃতদেহ বিচাৰি পুনৰ আহ্বান জি পি সিঙৰ

নিউজ ডেস্ক, ৪ অক্টোবৰ: আলফা স্বাধীনে মৃত্যুদণ্ড বিহা সংগঠনটোৰ দুই কেডাৰ লাচিত হাজৰিকা ওৰফে এ জেদ শিৰোনাম অসম আৰু মহিলা কেডাৰ‌‌ নয়নমণি চেতিয়াৰ ওৰফে বৰ্ণালী অসমৰ বাসগৃহত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ । শোকত ভাগি পৰিছে দুয়োৰে পৰিয়ালবৰ্গ । সংগঠনটোৰ এই সিদ্ধান্তৰ বাবে মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক ধিক্কাৰ আৰু গৰিহণা জনাই পৰিয়ালৰ লোকে শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে ঘূৰাই বিচাৰিছে মৃতদেহকেইটা ।

ইফালে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও সামাজিক মাধ্যমযোগে মৃতদেহ ঘূৰাই দিয়াৰ আহ্বান জনাইছে পৰেশ বৰুৱাক । বুধবাৰে জিপি সিঙে কয়, "আমি যিকোনো চৰকাৰৰ সৈতে সমন্বয় কৰি আমাৰ মানুহৰ মৃতদেহ ঘূৰাই আনিম । অনুগ্ৰহ কৰি আমাক জনাওক আপুনি মৃতদেহ ক'ত এৰি থৈ গৈছে । শোকত ভাগি পৰা পৰিয়ালবোৰে আপোনাৰ পৰা এইখিনি পোৱাৰ যোগ্য ৷"

  • আমি যিকোনো চৰকাৰৰ সৈতে সমন্বয় কৰি আমাৰ মানুহৰ মৃতদেহ ঘূৰাই আনিম। অনুগ্ৰহ কৰি আমাক জনাওক আপুনি মৃতদেহ ক'ত এৰি থৈ গৈছে। শোকত ভাগি পৰা পৰিয়ালবোৰে আপোনাৰ পৰা এইখিনি পোৱাৰ যোগ্য॥ https://t.co/u1MzSGRFCB

    — GP Singh (@gpsinghips) October 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, মঙলবাৰেও জি পি সিঙে X যোগে লাচিত হাজৰিকা আৰু নয়নমণি চেতিয়াৰ মৃতদেহ দুটা ঘূৰাই দিয়াৰ বাবে আহ্বান জনাইছিল । জি পি সিঙে কয়, "প্ৰেছ বিজ্ঞপ্তিৰ ভূমিকা সীমিত । অনুগ্ৰহ কৰি মৃতদেহবোৰ জংঘলৰ পৰা ঘূৰাই পঠাওক । পৰিয়ালৰ অন্তিম শ্ৰদ্ধা জনোৱাৰ সুযোগ হওক ।"

  • প্ৰেছ বিজ্ঞপ্তিৰ ভূমিকা সীমিত। অনুগ্ৰহ কৰি মৃতদেহবোৰ জংঘলৰ পৰা ঘূৰাই পঠাওক। পৰিয়ালক অন্তিম শ্ৰদ্ধা জনোৱাৰ সুযোগ হওক। https://t.co/alADrbuSU1

    — GP Singh (@gpsinghips) October 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মন‌ কৰিবলগীয়া যে পূৰ্বেও আলফা স্বাধীনে সংগঠনটোৰ দুগৰাকী কেডাৰক অসম আৰক্ষী আৰু সেনাৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত তথাকথিত আদালতৰ জৰিয়তে বিচাৰ চলাই হত্যা কৰিছিল । ইয়াৰ পাচতেই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । পুনৰবাৰ এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰি সমালোচনা আৰু ঘৃণাৰ পাত্ৰ হৈছে পৰেশ বৰুৱা নেতৃত্বতাধীন আলফা স্বাধীন । স্বাধীন অসমৰ সপোন দেখুৱাই অসমীয়া যুৱক-যুৱতীক সংগঠনত যোগদান কৰোৱাই‌ আকৌ হত্যা কৰা ঘটনা স্বাভাৱিকতে ঘৃণাৰ যোগ্য বুলি চৰ্চা হৈছে ।

লগতে পঢ়ক: ULFA I Executes Two Cadre: দুই কেডাৰক হত্যা কৰাৰ কাৰণ স্পষ্ট কৰিলে আলফা স্বাধীনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.