ETV Bharat / state

অসম আৰক্ষীৰ 220 গৰাকী কোভিড-19ত আক্ৰান্ত : আৰক্ষী সঞ্চালক প্ৰধান

author img

By

Published : Jul 6, 2020, 4:48 PM IST

সোমবাৰে এক ভাৰ্চুৱেল সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে, অসম আৰক্ষীত এই পৰ্যন্ত 220 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে । আক্ৰান্তসকলৰ মাজৰ একাংশ সুস্থ হৈ উঠিছে আৰু 171 গৰাকী আৰক্ষী বৰ্তমান চিকিৎসাধীন হৈ আছে ।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল

গুৱাহাটী, 6 জুলাই : অসম আৰক্ষীত এই পৰ্যন্ত 220 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে । সোমবাৰে এক ভাৰ্চুৱেল সংবাদমেলত এই কথা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । এই বিষয়ে বিতং তথ্য দাঙি ধৰি তেওঁ কয় যে, আক্ৰান্তসকলৰ মাজৰ একাংশ সুস্থ হৈ উঠিছে আৰু 171 গৰাকী আৰক্ষী বৰ্তমান চিকিৎসাধীন হৈ আছে । ইয়াৰে ভিতৰত 49 গৰাকী বিভিন্ন জিলাৰ, 12 গৰাকী বিভিন্ন বেটেলিয়নৰ, 10 গৰাকী নদী আৰক্ষীৰ জোৱান আৰু বিষয়া আৰু উপসৰ্গবিহীন আৰক্ষী 123 গৰাকী । বৰ্তমান কোৱাৰেণ্টাইনত থকা আৰক্ষীৰ সংখ্যা হৈছে 935 গৰাকী । এইসকলৰ মাজৰ 787 গৰাকী বিভিন্ন জিলাৰ, 145 গৰাকী বিভিন্ন বেটেলিয়নৰ আৰু 50 গৰাকী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত । দেওবাৰৰ দিনটোতে সুকীয়াকৈ অসম আৰক্ষীৰ 40 জনকৈ লোক কোভিড-19ত আক্ৰান্ত হৈছে ।

সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, সংক্ৰমিত আৰক্ষীৰ লোকসকলৰ সৈতে বিভাগীয়ভাৱে নিতৌ দুবাৰকৈ ফোন কৰি স্বাস্থ্যৰ বুজ লৈ থকা হৈছে । তেওঁলোকৰ পৰিয়ালৰ সৈতেও বিভাগে যোগাযোগ অব্যাহত ৰাখিছে । মুখ্যমন্ত্ৰীয়েও প্ৰতিদিনে সঞ্চালক প্ৰধানগৰাকীক দুবাৰকৈ ফোন কৰি পৰিস্থিতিৰ বুজ লৈ আছে ।

বৰ্দ্ধিত হাৰত আৰক্ষীৰ লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে দেৰগাঁৱত ইতিমধ্যে এখন হাস্পতাল সাজু কৰি তুলিছে বুলিও সঞ্চালক প্ৰধান মহন্তই সংবাদমেলযোগে প্ৰকাশ কৰে । 40 খন বিচনাযুক্ত এই হাস্পতালখনত 28 গৰাকী চিকিৎসক আৰু 250 গৰাকী নাৰ্চক নিয়োজিত কৰা হ’ব । ইয়াৰোপৰি, মৰিগাঁৱতো আন এখন হাস্পতাল স্থাপনৰ ব্যৱস্থা কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।

উচ্চ হাৰত আৰক্ষীৰ লোক ভাইৰাছত আক্ৰান্ত হ'লেও অসম আৰক্ষীৰ মনোবল ভঙা নাই আৰু নাভাঙে বুলি সঞ্চালক প্ৰধানগৰাকীয়ে দৃঢ়তাৰে মন্তব্য কৰে । আনহাতে, লক ডাউনৰ সময়ছোৱাত আইন অমান্য কৰাৰ বাবে 4,777 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 35,000 খন বাহন আৰক্ষীয়ে জব্দ কৰিছে । মাস্ক পৰিধান নকৰা, লক ডাউনৰ বিধি ভংগ কৰা আদিৰ বাবে প্ৰায় 4 কোটি 57 লাখ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে । ইপিনে, গৰ্গ চেটাৰ্জীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে, ইয়াৰ বাবে চেষ্টা অব্যাহত আছে । কিন্তু গ্ৰেপ্তাৰৰ ক্ষেত্ৰত কিছু পৰিমাণে ৰাজনৈতিক অসুবিধাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : বিগত ২৪ ঘণ্টাত ভাৰতত ২৪,৮৫০ গৰাকী ব্যক্তিৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.