ETV Bharat / state

বন্দুক-বাৰুদেৰে অসমত অশান্তি বিয়পালে কঠোৰ হ’ব ডিজিপি

আলফা (স্বা)ক পুনৰ এবাৰ কঠোৰ সকীয়নি দিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে ৷ বন্দুক-বাৰুদেৰে অসমত অশান্তি বিয়পালে কঠোৰ পদক্ষেপ ল’ব আৰক্ষীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 7:53 PM IST

ULFA I militants
ULFA I militants
বন্দুক-বাৰুদেৰে অসমত অশান্তি বিয়পালে কঠোৰ হ’ব ডিজিপি

গুৱাহাটী, 29 নৱেম্বৰ : ‘‘৩০-৩৫ বছৰ পূৰ্বৰ অসম আৰু বৰ্তমানৰ অসম সম্পূৰ্ণ বেলেগ । ১৯৯২ সময়ৰ অসম আৰু আজিৰ অসমৰ মাজত কোনো তুলনা নাই ৷’’ এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ । বুধবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে অসমৰ প্ৰায় 90% স্থানত সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফচপা প্ৰত্যাহাৰ হৈছে । বাকী থকা ১০% আঁতৰাবলৈ চেষ্টা কৰি থকা হৈছে, তাত সকলোৱে সহায় কৰিব লাগে । য’তে ত’তে গ্ৰেণেড ফুটাই, সশস্ত্ৰ আইন পুনৰ বলবৎ কৰাৰ পোষকতা কোনেও নকৰে যেন ।

অলফা (স্বা)ক কঠোৰ সকীয়নী দি জি পি সিঙে কয়, ‘‘আলফা(স্বা)ৰ শিবিৰলৈ যোৱা অসমীয়া যুৱক-যুৱতীসকল যদি ওভতি আহিব বিচাৰে তেওঁলোকে আমাক খবৰ কৰক, তেওঁলোকক লৈ আহিম । স্বাৱলম্বী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম । কিন্তু যদি হাতত বন্দুক-বাৰুদ লৈ অসমখন অশান্ত কৰাৰ চেষ্টা কৰে তেন্তে ৰেহাই দিয়া নহ’ব । অসমখন অশান্ত হ'বলৈ নিদিওঁ । এতিয়া অসম আৰু আগৰ দৰে হৈ থকা নাই, অসম এতিয়া উন্নতিৰ পথত আগবাঢ়িছে ৷’’

‘‘আজি আলফা ৪ সদস্য ঘৰলৈ উভতি আহিছে । তেওঁলোকৰ ক্ষেত্ৰত আত্মসমৰ্পণ কৰা শব্দটো ব্যৱহাৰ নকৰোঁ ।’’ লগতেএইদৰে কয় আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৷

আৰক্ষীৰ বিশেষ শাখাৰ এ ডি জি হীৰেণ নাথে কয়, ‘‘চলিত বৰ্ষত সৰ্বমুঠ ১১ জন আলফা সদস্যই ঘৰলৈ উভতি আহি শান্তি প্ৰক্ৰিয়াত জড়িত হৈছে । ঘৰলৈ উভতি অহা সকলৰ ভিতৰত আছে তিনিচুকীয়া জিলাৰ ৫ জন, ডিব্ৰুগড়ৰ ৩ জন, শিৱসাগৰ ১ জন আৰু চৰাইদেউৰ ২ জন । এইসকলে মুঠ ৪ টা হেণ্ড গ্ৰেণেড, দুটা বিদেশত নিৰ্মিত পিষ্টল, ২৮ জাঁই গুলী জমা দিছে । আনহাতে এই বর্ষত ৰাজ্যৰ পাঁচটা স্থানত আৰক্ষী আৰু আলফাৰ মাজত সংঘৰ্ষৰ ঘটনা হৈছিল । এই সংঘৰ্ষত এজনৰ মৃত্যু হৈছে, ১৬ জন আলফা কেডাৰ গ্ৰেপ্তাৰ কৰা হৈছে, ২ টা বন্দুক, ১১ জাঁই গুলী আৰু ৩ টা গ্ৰেণেড জব্দ হৈছে ।’’

লগতে পঢ়ক: পৰেশ বৰুৱাক জীৱনৰ বাকী সময় অসমতে কটাবলৈ মাতিছে ড৹ শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.