গুৱাহাটী, 8 ফেব্ৰুৱাৰী : ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে কৰ সংগ্ৰহৰ পৰিমাণ ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমৰপৰা সংগ্ৰহ কৰিছে অভিলেখ পৰিমাণৰ প্রত্যক্ষ কৰ । ইয়াৰ পাচতো ৰাজ্য চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰখনৰ ওচৰত ঋণ লোৱা পৰিলক্ষিত হৈছে ৷ আনহাতে অসমত পৰোক্ষ কৰ জি এছ টি সংগ্ৰহৰ পৰিমাণ পূৰ্বতকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে (Assam create record in Tax collection) । এটা সময়ত কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা এহেজাৰ দুহেজাৰ কোটি টকাহে প্রত্যক্ষ কৰ সংগ্ৰহ কৰিছিল, কিন্তু শেহতীয়াকৈ অসমৰপৰা প্ৰায় ৬০০০ কোটি টকা প্রত্যক্ষ কৰ কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে ।
ৰাজ্য চৰকাৰে ২০২২ চনত পৰিবহন আইন ভংগ কৰাসকলৰ পৰাই সংগ্ৰহ কৰিছিল অভিলেখ সংখ্যক ৭৫ কোটি টকাৰ প্ৰত্যক্ষ কৰ । অসমৰ পৰা ২০২২ চনৰ ডিচেম্বৰ মাহত ১১৫০ কোটি টকাৰ জি এছ টি সংগ্রহ কৰা হৈছিল । ২০২১ চনৰ ডিচেম্বৰ মাহত ১০১৫ কোটি টকাহে চৰকাৰে জি এছ টি সংগ্ৰহ কৰিছিল । সম্প্রতি বছৰি চৰকাৰক পৰোক্ষ কৰ জি এছ টি গড়ে ১২-১৪ হাজাৰ কোটি টকা আদায় দি আছে । কিন্তু ইয়াৰ পিছতো ৰাজ্যত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পোৱাৰ বিপৰীতে ৰাজ্য চৰকাৰে যোৱা দুদিনত দহ বছৰীয়া বণ্ড জাৰিৰ যোগেদি চৰকাৰে পুনৰ ৮০০ কোটি টকাৰ ঋণ লৈছে ।
ইয়াকে ধৰি চলিত ২০২২-২৩ বিত্তীয় বছৰটোত বৰ্তমানলৈকে ১৮ হেজাৰ কোটি টকাৰ ঋণ লোৱা হ’ল বুলি তথ্যযোগে পোহৰলৈ আহিছে (Assam govt in debt) । বিত্ত বিভাগৰ তথ্য অনুসৰি এই বছৰৰ ৭ ফেব্ৰুৱাৰী, ৩১ জানুৱাৰী, ২৭ জানুৱাৰী আৰু ২৪ জানুৱাৰীত ৮০০ কোটি টকাকৈ মুঠ ৩২০০ কোটি টকাৰ ঋণ লোৱা হৈছে । যোৱা বছৰৰ ১৩ ডিচেম্বৰ, ২৯ নৱেম্বৰ, ১৫ নৱেম্বৰ, ১ নৱেম্বৰ, ২৫ অক্টোবৰ, ১১ অক্টোবৰ, ২০ ছেপ্টেম্বৰ, ৬ ছেপ্টেম্বৰ, ২৩ আগষ্ট, ৮ আগষ্ট আৰু ২ আগষ্টত ৮০০ কোটি টকাকৈ ঋণ লোৱা হৈছে । তাৰ আগেয়ে ১৯ জুলাই, ৫ জুলাই, ২৮ জুন আৰু ২১ জুনত এহেজাৰ কোটি টকাকৈ ঋণ লোৱা হৈছিল ।
এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত বিত্তীয় বছৰটোৰ বাকী থকা সময়খিনিত আৰু কমেও পাঁচ হেজাৰ কোটি টকা ঋণ লোৱাৰ সম্ভাৱনা আছে ৰাজ্য চৰকাৰখনে । মন কৰিবলগীয়া যে, পৰিবহন আইন উলংঘা কৰাৰ অভিযোগত যান-বাহনক জৰিমনা বিহি চলিত বিত্তীয় বছৰটোৰ ৯ মাহতে প্রায় ৭৫.৪৯ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে । পৰিবহন বিভাগৰ এটা সূত্ৰই এই কথা জানিবলৈ দি কয় যে যোৱা এপ্রিল মাহৰপৰা ডিচেম্বৰ মাহলৈকে বৃহৎ পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে । বিত্তীয় বছৰটোৰ বাকী থকা সময়খিনিত এই পৰিমাণ বৃদ্ধি হৈ কমেও এশকোটি হ’ব বুলি আশা কৰা হৈছে ।
পৰিবহন বিভাগৰ সূত্ৰটোৰ মতে, ইতিমধ্যে সংগ্রহ হোৱা পৰিমাণেই এই শিতানৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এক অভিলেখ হিচাবে পৰিগণিত হৈছে । ইয়াৰ আগেয়ে ২০২১-২২বৰ্ষত সর্বাধিক ২৪.৬৬ কোটি টকা জৰিমনা সংগ্ৰহ কৰা হৈছিল । ২০২০-২১ বৰ্ষত ১৪.৯৯ কোটি আৰু ২০১৯-২০ বৰ্ষত ১০.৩৭ কোটি টকা সংগ্রহ কৰা হৈছিল । উল্লেখযোগ্য যে, ৰাইজে পৰোক্ষ কৰ হিচাপে নিয়মীয়াকৈ জি এছ টিও আদায় দি আহিছে । প্রায় সকলো প্রয়োজনীয় সামগ্রী ক্ৰয় কৰা, বীমাৰ ধন জমা দিয়া, গাড়ীকে ধৰি ইলেক্ট্রনিক সামগ্রী ক্রয়, মটৰ চাইকেল ছাৰ্ভিচিং কৰাৰ পৰা ৰ’ড, চিমেণ্ট আদি মানুহৰ প্ৰয়োজনীয় সকলো দ্ৰব্যৰ বাবদ সাধাৰণ ৰাইজে জি এছ টি চৰকাৰক আদায় দি আহিবলগীয়া হৈছে ।
সম্প্ৰতি, পেকেটৰ মিঠাই, দৈ, গাখীৰ আদি সকলোৰে জি এছ টি আদায় দিব লাগে । জি এছ টিৰ সমান্তৰালকৈ পেট্র’ল-ডিজেলৰ কৰ, সম্পত্তি কৰ, বিদ্যুৎ ব্যৱহাৰৰ অতিৰিক্ত কৰকে ধৰি বিভিন্ন ধৰণৰ পৰোক্ষ কৰ আদায় দি আছে ৰাজ্যবায়ীয়ে । নিয়মীয়াকৈ অসমৰপৰা বিভিন্ন ধৰণৰ পৰোক্ষ কৰ আদায় দি থকাৰ সময়তেই কেন্দ্ৰীয় চৰকাৰে অভিলেখ পৰিমাণৰ প্রত্যক্ষ কৰ সংগ্ৰহ কৰাটোৱে বৰ্তমান সময়ত বহন কৰিছে বিশেষ তাৎপর্য ।
বিত্ত মন্ত্রণালয়ৰ তথ্য মতে, কেন্দ্ৰীয় চৰকাৰে অসমৰপৰা ২০২০-২১ চনত প্ৰত্যক্ষ কৰ ৪৫৫৫.৮৯ কোটি টকা সংগ্ৰহ কৰিছিল । কিন্তু ২০২১-২২ চনত ৫৬৮৮.৪৫ কোটি টকা সংগ্রহ কৰা হৈছে । ৰাজ্যত ৩ কোটি ১৬ লাখ লোকৰ প্ৰায় ৮৫ শতাংশৰে পান কার্ড আছে । বিত্ত মন্ত্রণালয়ৰ তথ্য মতে, ২০১৫-১৬ চনত অসমত আয়কৰ ৰিটাৰ্ন ফাইলাৰৰ সংখ্যা ৪,৭০,৬৮১ আছিল । ইয়াৰ পাছত ক্ৰমে ২০১৬-১৭ চনত ৫,৬২,২৪৮ গৰাকী, ২০১৭-১৮ চনত 5,৫৯,৬২১গৰাকী, ৭,৭৫,৩৯৯ গৰাকীয়ে আই টি আৰ দাখিল কৰিছিল । এই সংখ্যা বাঢ়ি গৈ ২০২১-২২ চনত ৯ লাখ ৩৫ হাজাৰ অতিক্ৰম কৰা পৰিলক্ষিত হৈছে ।
শেহতীয়াকৈ পোহৰলৈ অহা এই বিসংগতিপূৰ্ণ তথ্যই চিন্তান্বিত কৰি তুলিছে ৰাজ্যখনৰ সচেতন মহলত ৷
লগতে পঢ়ক : TMC MP Mahua Moitra on Adani: আদানী সন্দৰ্ভত চৰকাৰক তীব্ৰ আক্ৰমণ সাংসদ মহুৱা মৈত্ৰীৰ