গুৱাহাটী, ৪ মে': ক্ৰমাৎ জটিলতাৰ দিশে গতি কৰিছে অসমৰ ক'ভিড পৰিস্থিতি । দিনক দিনে বৃদ্ধি পাব ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা । লগতে বৃদ্ধি পাব ধৰিছে মৃত্যুৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত ২৯ গৰাকী লোকৰ মৃত্যু হয় ।
উল্লেখ্য যে, দেওবাৰৰ দিনটোত ক'ভিডে প্ৰাণ কাঢ়িছিল ৩০ গৰাকী লোকৰ । বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৪,৪৮৯ গৰাকী লোক নতুনকৈ কৰ'ণা মহামাৰীৰ কবলত পৰে ।
মৃত্যু হোৱা ২৯ গৰাকী লোকৰ ভিতৰত ১৩ গৰাকী কামৰূপ মহানগৰ জিলাৰ, ৪ গৰাকী ডিব্ৰুগড় জিলাৰ, ৩ গৰাকী কৰিমগঞ্জ জিলাৰ, ২ গৰাকী ওদালগুৰি জিলাৰ আৰু এগৰাকীকৈ বঙাইগাঁও, কাছাৰ, গোৱালপাৰা, কামৰূপ(গ্ৰাম্য), শোণিতপুৰ, নলবাৰী আৰু তিনিচুকীয়া জিলাৰ ।
আনহাতে, বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৫৫,৯৩৯ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰোৱা হৈছিল আৰু ইয়াৰ ভিতৰত ৪,৪৮৯ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰিছে । এই পৰিসংখ্যাৰে আক্ৰান্তৰ হাৰ হৈছেগৈ ৮.০২ শতাংশ ।
আক্ৰান্তৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১,৬৪৫ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।
গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰী-বেচৰকাৰী হাস্পতালত ক'ভিড ৰোগীৰ বাবে বিচনাৰ অভাৱ হ'বলৈ ধৰিছে । বিগত ১০ দিনত কামৰূপ মহানগৰ জিলাত ১১,৬৫২ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ।
গুৱাহাটীত ক'ভিড ৰোগীৰ চিকিৎসা কৰা বেচৰকাৰী খণ্ডৰ প্ৰায় প্ৰতিখন হাস্পতালৰে বিচনা প্ৰায় ভৰ্তি হৈ পৰিছে । তেনে পৰিপ্ৰেক্ষিতত আগন্তুক সময়ত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।
বৰ্তমান ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ২৬,৪৭৭ গৰাকী । উল্লেখ্যে যে, ৰাজ্যত এতিয়ালৈকে ২৬,৭৩,৯২৮ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ।
ইয়াৰে ২০,৯৫,৪৩৩ গৰাকী লোকে প্ৰতিষেধকৰ প্ৰথমটো পালি গ্ৰহণ কৰাৰ বিপৰীতে ৫,৭৮,৪৯৫ গৰাকী লোকে দ্বিতীয় পালি গ্ৰহণ কৰিছে । বিগত ২৪ ঘণ্টাত ৮০,৬১১ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ।
চৰকাৰী তথ্য মতে বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত প্ৰতিষেধকৰ ৩,৩৭,২২০ টা পালি মজুত আছে । উল্লেখ্য যে, কৰ'ণাই ইতিমধ্যে ৰাজ্যৰ ১,৩৮৯ গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিলে ।