নিউজ ডেস্ক, 7 জুলাইঃ অসমত দ্ৰুতভাৱে বৃদ্ধি পায়েই আছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ সোমবাৰে 786 গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰে এই সংক্ৰমণ ৷ টুইট যোগে অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই কথা ৷
বৰ্তমানলৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 12,522 ৷ তাৰে ভিতৰত আৰোগ্য হৈ উঠিছে 7,882 জন ৷ মৃত্যু হৈছে 14 গৰাকী লোকৰ ৷ আনহাতে সক্ৰিয় কেচ আছে 4,623 টা আৰু ৰাজ্যৰ বাহিৰত আছে 3 জন লোক ৷
-
📌Alert ~ 786 new cases detected in Assam today, with 598 cases from Guwahati City alone.
— Himanta Biswa Sarma (@himantabiswa) July 6, 2020 " class="align-text-top noRightClick twitterSection" data="
Please follow #SocialDistancing, wear #mask & maintain hygiene.
↗️Total cases 12522
↗️Recovered 7882
↗️Active cases 4623
↗️Deaths 14
11:40 PM/July 06/ Day's total 786#AssamCovidCount pic.twitter.com/aSkhbjmxb0
">📌Alert ~ 786 new cases detected in Assam today, with 598 cases from Guwahati City alone.
— Himanta Biswa Sarma (@himantabiswa) July 6, 2020
Please follow #SocialDistancing, wear #mask & maintain hygiene.
↗️Total cases 12522
↗️Recovered 7882
↗️Active cases 4623
↗️Deaths 14
11:40 PM/July 06/ Day's total 786#AssamCovidCount pic.twitter.com/aSkhbjmxb0📌Alert ~ 786 new cases detected in Assam today, with 598 cases from Guwahati City alone.
— Himanta Biswa Sarma (@himantabiswa) July 6, 2020
Please follow #SocialDistancing, wear #mask & maintain hygiene.
↗️Total cases 12522
↗️Recovered 7882
↗️Active cases 4623
↗️Deaths 14
11:40 PM/July 06/ Day's total 786#AssamCovidCount pic.twitter.com/aSkhbjmxb0
উল্লেখ্য যে, গুৱাহাটী মহানগৰীত গণসংক্ৰমণে ধাৰণ কৰিছে ভয়াবহ ৰূপ ৷ সোমবাৰে পোৱা 786 গৰাকী আক্ৰান্তৰ 598 গৰাকী আক্ৰান্তই গুৱাহাটী মহানগৰীৰ ৷ ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক লোক কামৰূপ মহানগৰ জিলাতেই আক্ৰান্ত হৈছে ৷ গণ সংক্ৰমণৰ প্ৰতি লক্ষ ৰাখি গুৱাহাটী মহানগৰীত জাৰি হৈ আছে পূৰ্ণ পৰ্যায়ৰ লক ডাউন ৷ অৱশ্যে লক ডাউনৰ মাজতে সোমবাৰ আৰু বুধবাৰে দুঘণ্টাৰ বাবে গেলামাল দোকান তথা দৰৱৰ পাইকাৰী দোকান সমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে ৷
ইপিনে বৃদ্ধি পাই থকা গণ সংক্ৰমণৰ প্ৰতি লক্ষ ৰাখি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰখিব, মাস্ক পৰিধান কৰিব আৰু পৰিস্কাৰকৈ থাকিবলৈ অনুৰোধ জনাইছে ৷
লগতে পঢ়কঃ ২০২১ চনত কংগ্ৰেছৰ নেতৃত্বত কা বিৰোধী শক্তিয়ে লাভ কৰিব এশ আসন: কোনে ক'লে?