গুৱাহাটী, ১৩ মে’ : কৰ্ণাটকত কংগ্ৰেছে অপ্ৰতিৰোধ্য গতিৰ ইংগিত বহন কৰাৰ লগে লগে দেশজুৰি কংগ্ৰেছ দলৰ মাজত উচাহৰ লহৰ পৰিলক্ষিত হৈছে (Congress Crosses Halfway Mark in Karnataka Election) । কৰ্ণাটক নিৰ্বাচনৰ চলি থকা ভোটগণনাৰ ফলাফলত কংগ্ৰেছ দল বৃহৎ জয়ৰ দিশে গতি কৰাৰ লগে লগে দেশৰ লগতে অসমতো কংগ্ৰেছ নেতা-কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে (Karnataka election result 2023) ।
গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ মুখ্য সদৰ ৰাজীৱ ভৱনত এতিয়া উৎসৱমুখৰ পৰিৱেশ । কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলত কংগ্ৰেছৰ অগ্ৰগতিকলৈ ৰাজীৱ ভৱনত দীৰ্ঘ বিৰতিৰ পাচত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে কৰ্ণাটকৰ জনাদেশকলৈ উৎফুল্লিত হৈ নাচ-গানেৰে মুখৰিত কৰি তোলে ৰাজীৱ ভৱন ।
প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই মিঠাই বিতৰণ কৰি কৰ্ণাটকৰ জয়ৰ আনন্দত মতলীয়া হৈ পৰে । দীৰ্ঘ বিৰতিৰ পাচত যেন কংগ্ৰেছৰ নেতা-কৰ্মীসকলৰ মুখত প্ৰাপ্তিৰ হাঁহি বিৰিঙিছে । সকলোৱে মুক্ত মনেৰে এই মূহুৰ্তক উপভোগ কৰিছে । এক প্ৰকাৰ আজি ৰাজীৱ ভৱন আনন্দৰ বন্যাত উঠি-ভাহি গৈছে ।
লগতে পঢ়ক : Karnataka poll updates: কৰ্ণাটকৰ পৰাই কংগ্ৰেছৰ জয়যাত্রা আৰম্ভ হ'ব; দেৱব্ৰত শইকীয়া
নিজৰ প্ৰতিক্ৰিয়াত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই কৰ্ণাটকৰ জনগণক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই জয় গণতন্ত্ৰ জয়, এই জয় সত্যৰ জয় । অসমতো এই ধুমুহা আহিব বুলি তেওঁ কয় । আনহাতে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় যে কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে কেৱল কংগ্ৰেছৰ জয়েই নহয় গণতন্ত্ৰ জয় কৰিলে । এই ফলাফলে জাত-পাতৰ ৰাজনীতিক বিদায় দিলে । দুৰ্নীতিগ্ৰস্ত চৰকাৰ এখনক বিদায় দিলে । তেওঁ এই জয়ক ভাৰতবাসীৰ জয় আখ্যা দিয়ে ।
তেওঁ লগতে কয় যে দেশৰ পৰা নৰেন্দ্ৰ মোডী তথা বিজেপিৰ 'মেজিক' নোহোৱা হ’ল । কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে আগন্তুক দিনক বিজেপি নিঃশেষ হোৱাৰ ইংগিত বহন কৰিছে বুলি তেওঁ কয় । তেওঁ কৰ্ণাটকবাসীক এই জনাদেশৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷
লগতে পঢ়ক : Karnataka Polls: পৰাজয় স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী বোম্মায়ে, লোকসভাত অধিক শক্তিশালী ৰূপত যুঁজ দিয়াৰ সংকল্প