ETV Bharat / state

Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্ৰী পত্নীৰ 10 কোটিৰ ৰাজসাহাৰ্য বিতৰ্ক; অভিযোগ প্ৰমাণিত হ’লে ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে - হিমন্ত বিশ্ব শৰ্মা

টুইটাৰ যুদ্ধ অব্যাহত আছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ৷ অভিযোগ প্ৰমাণিত হ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা টুইটাৰত ৷

Riniki Bhuyan Sarma land scam
টুইটাৰ যুদ্ধ অব্যাহত আছে হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 4:07 PM IST

Updated : Sep 14, 2023, 10:46 PM IST

গুৱাহাটী, 14 ছেপ্টেম্বৰ : পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰিব ৷ টুইটাৰত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি শৰ্মা ভূঞাই কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ 10 কোটি টকাৰ ৰাজ সাহাৰ্য গ্ৰহণ কৰা প্ৰসংগত টুইটাৰ যুদ্ধ অব্যাহত আছে হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ৷ এক কথাত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ টুইটাৰ যুদ্ধৰ দ্বিতীয়টো দিন ৷ বৃহস্পতিবাৰে পুনৰ এবাৰ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি শৰ্মা ভূঞাৰ 10 কোটিৰ ৰাজ সাহাৰ্য প্ৰসংগত টুইটাৰত সমালোচনাত মুখৰ হৈ পৰে ৷

বৃহস্পতিবাৰে টুইটাৰত গৌৰৱ গগৈয়ে উল্লেখ কৰিলে “কালি গোটেই দিনটো হিমন্ত বিশ্ব শৰ্মাই পত্নীৰ ফাৰ্ম সম্পৰ্কে এটা শাৰী ভাটৌৰ দৰে আওঁৰালে ৷ তেওঁৰ সুবিধাৰ বাবে মই সংসদত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ উত্তৰ উল্লেখ কৰিছো ৷ পীয়ুষ গোৱেলৰ উত্তৰে সত্য উদঙাই দিছে আৰু দুয়োজন মন্ত্ৰীয়ে স্পষ্ট কৰাৰ প্ৰয়োজন আছে ৷”

  • The whole day yesterday Himanta Biswa Sarma parroted one line regarding his wife’s firm. For his benefit I am stating the reply of Union Minister of Commerce and Industry Piyush Goyal in Parliament. Piyush Goyal’s reply has exposed the truth and both Ministers need to clarify. https://t.co/JiSBuLHBw9 pic.twitter.com/5SOueOPb11

    — Gaurav Gogoi (@GauravGogoiAsm) September 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত গৌৰৱ গগৈক উত্তৰ দি পীয়ুষ গোৱেলৰ সংসদৰ উত্তৰটোৰ উদ্ধৃতি দি লিখিলে “উত্তৰটোৱে নিজেই এই কথা স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰে উল্লিখিত কোম্পানীটোক কোনো ধৰণৰ ধন মুকলি কৰি দিয়া নাই ৷ মই আকৌ এবাৰ জোৰ দি ক’ব বিচাৰো যে মোৰ পত্নী বা তেওঁৰ লগত জড়িত হৈ থকা কোম্পানীটোৱে ভাৰত চৰকাৰৰ পৰা কোনো ধৰণৰ ধন লাভ বা দাবী কৰা নাই ৷ যদি কোনোবাই ইয়াৰ বিপৰীতে প্ৰমাণ দিব পাৰে তেন্তে ৰাজহুৱা জীৱনৰ পৰা অৱসৰ লোৱাকে ধৰি যিকোনো শাস্তি গ্ৰহণ কৰিবলৈ মই ইচ্ছুক ৷”

  • The reply itself clarifies the fact that the Government of India has not released any funds to the mentioned company. I want to emphasize once again that neither my wife nor the company she is associated with has received or claimed any amount from the Government of India. If… https://t.co/70zQ1DGHTe

    — Himanta Biswa Sarma (@himantabiswa) September 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হ’লে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰাৰ কথা টুইটাৰত ঘোষণা কৰাৰ পিছতে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি টুইটত প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ ওচৰত অভিযোগ কৰিছে নে ? এইটো টুইটত কংগ্ৰেছৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত যুৱনেতা গৌৰৱে লিখিছে যে “মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালৰ ওচৰত অভিযোগ কৰিছে নেকি ? তেওঁ কৈছে যে পীয়ুষ গোৱেলে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক অনুদানৰ অনুমোদনহে দিছে, কিন্তু পুঁজি মুকলি কৰা নাই ৷ পিএমকেএছৱাই আঁচনিখন আৰু কিমানজন বিজেপি ৰাজনীতিবিদে নিজৰ পৰিয়াল চহকী কৰিবলৈ ব্যৱহাৰ কৰিছে ?”

  • Is Hon’ble Chief Minister complaining to Union Minister Piyush Goyal ? He is saying that Piyush Goyal has only approved the grant to the wife of Himanta Biswa Sarma but has not released the funds. How many more BJP politicians have used the PMKSY scheme to enrich their families? https://t.co/qO2dHcEqqs pic.twitter.com/lpOfhnEcEW

তাৰ কিছু সময়ৰ পিছতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ গৌৰৱ গগৈক উভতি ধৰি আকৌ কৈছে “গ’ল পোষ্ট সলনি নকৰিব ৷ হয় সকলো বিজেপি নেতাৰে নিজৰ কোম্পানী চলাবৰ বাবে অধিকাৰ আছে আৰু যদিহে যোগ্যতা থাকে তেন্তে ৰাজসাহাৰ্য বিচাৰিব পাৰে ৷ এয়া সকলোৰে ক্ষেত্ৰত সত্য ৷ এই নিৰ্দিষ্ট ঘটনাটোত মই স্পষ্ট কৰিব বিচাৰো যে মোৰ পত্নীয়ে কোনো ৰাজসাহাৰ্য দাবী কৰা নাই ৷”

  • Please do not change the goal post now. Yes, all family members of BJP politicians have the right to run their own companies and seek government subsidies if they are entitled to them. This is true for everyone. However, I would like to clarify that in this particular case, my… https://t.co/4GW6NonRSN

মুখ্যমন্ত্ৰী গৰাকীৰ ওপৰৰ প্ৰত্যুত্তৰৰ পিছতে পুনৰ গৌৰৱ গগৈয়ে আক্ৰমণ কৰি কয় যে এই প্ৰসংগত মুখ্যমন্ত্ৰীৰ হাতত উপযুক্ত উত্তৰৰ অভাৱ ঘটিছে বুলি উল্লেখ কৰি লিখিছে “ টুইটাৰত টাইপ কৰাৰ পৰিৱৰ্তে অসম বিধানসভাত উপস্থিত থাকক আৰু স্পষ্ট কৰি দিব ৷ পুৱা কংগ্ৰেছৰ বিধায়কে সমগ্ৰ প্ৰাইড মিডিয়া-কেএমএছৱাইৰ বিষয়ে আলোচনা কৰিবলৈ সভা স্থগিতৰ প্ৰস্তাৱ আগবঢ়ায় যদিও আপোনাৰ ওচৰত ইয়াৰ উত্তৰৰ অভাৱ ৷”

  • Please be present in Assam Assembly and clarify instead of typing on Twitter. Congress MLAs in the morning have moved an adjournment motion to discuss the entire Pride Media- KMSY but you’re answer is lacking. https://t.co/itoflWqyZE

শেহতীয়াকৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক কয় যে, "অনুগ্ৰহ কৰি মোক কি কৰিব লাগে সেই বিষয়ে বক্তৃতা নিদিব ৷ মই বিধানসভালৈ যোৱাৰ সিদ্ধান্ত লওঁ বা আপোনাৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ, সেই সিদ্ধান্ত মই নিজেই লম ৷

  • Please do not lecture me on what to do. Whether I decide to go to the assembly or a court of law against you, I will make that decision myself. https://t.co/38OAG2xy6T

প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে কয় যে, অনুগ্ৰহ কৰি উত্তেজিত নহ'ব ৷ মই আপোনালৈ বিধানসভাত আপোনাৰ উপস্থিতি বিচৰা বিৰোধী বিধায়কসকলৰ লিংক প্ৰেৰণ কৰিম ৷ মই সুখী হ'ম যদি আপুনি আদালতলৈ যায় তেন্তে সকলো নথি ৰাজহুৱা কৰা হ'ব ৷"

প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, "হয়, মই উত্তেজিত হৈছো ৷ 2010 চনৰ পৰা আপোনাৰ পৰিয়ালৰ বিৰুদ্ধে মোৰ খঙৰ বহুতো কাৰণ আছে ৷ মই নিশ্চিত যে আমি আদালতত লগ পাম, আৰু আকৌ এবাৰ, মই মোৰ কথা প্ৰমাণ কৰিবলৈ সক্ষম হ'ম ৷ মই 2016 আৰু 2021 চনত সফলতাৰে এনে কৰিছো, আৰু মই এইটো পুনৰ কৰিবলৈ সংকল্পবদ্ধ, ৰাইজৰ আদালত আৰু আদালত দুয়োটাতে ৷"

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে অনুমোদন লাভ কৰা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ দহ কোটি টকাৰ ৰাজসাহাৰ্যক লৈ বৃহস্পতিবাৰে সামাজিক মাধ্যমত সৰৱ হৈ পৰিছিল সাংসদ গৌৰৱ গগৈ ৷ সমান্তৰালকৈ ইয়াৰ প্ৰত্যুত্তৰ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, তথ্য অনুসৰি নগাওঁ জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰিগজি গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ক্ৰয় কৰিছে 50 বিঘা 2 কঠা 19 লেচা কৃষিভূমি ৷ যি কৃষিভূমি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, একেটা কোম্পানীয়ে ক্ৰয় কৰিছে ৷ মাত্ৰ 10 মাহৰ ভিতৰতে এই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত 10 কোটি টকাৰ ৰাজসাহাৰ্য ৷

এতিয়া গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ যুদ্ধখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ যুযুধান গৌৰৱ গগৈয়ে প্ৰশ্ন কৰি গৈছে আৰু মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰ দি গৈছে টুইটাৰত ৷

Last Updated : Sep 14, 2023, 10:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.