ETV Bharat / state

নিশা মহানগৰীৰৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ ভিজিট

author img

By

Published : Jun 5, 2022, 10:47 PM IST

হঠাৎ মহানগৰীৰ ৰাজপথত দেখা গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ খানাপাৰাৰ পৰা জালুকবাৰীলৈ অহা-যোৱা কৰা ৰাজপথত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কেনে সেই সন্দৰ্ভত পৰীক্ষা কৰাৰ বাবে হঠাৎ দেওবাৰে নিশা মহানগৰীৰ ৰাজপথত দেখা গ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক (Assam CM visits Guwahati cites highways)৷ মন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহাল আৰু মেয়ৰ মৃগেন শৰণীয়াই ।

Assam CM visits Guwahati cites highways
মহানগৰীৰৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ ভিজিট

গুৱাহাটী, ৫ জুন : ‘‘আজি ষ্ট্ৰীট লাইটবোৰ চাইছো । আজি দিনটোত ৩০% লাইট বেয়া হৈ আছে । আগন্তুক ২/৩ মাহৰ ভিতৰত ষ্ট্ৰীট লাইটৰ ব্যৱস্থাতো সুচাৰু হৈ পৰিব । আজি মূল পথসমূহ পৰিদৰ্শন কৰিলো । প্ৰায় ১০ দিনৰ পিছত উপপথ পৰিদৰ্শন কৰিম’’ ৷ দেওবাৰে নিশা মহানগৰী পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM news)৷

গুৱাহাটী মহানগৰীৰ সমস্যাৰাজি (Trouble in Guwahati City) বিশেষকৈ ষ্ট্ৰীট লাইটৰ শেহতীয়া অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যৰে দেওবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা, লখৰা, জালুকবাৰী, আদাবাৰী, মালিগাঁও, ভৰলুমুখ, চানমাৰি, বামুণীমৈদাম, নুনমাটি, নাৰেংগী, ভি আই পি ৰোড, ছয়মাইল, গণেশগুৰি, উলুবাৰী তথা ৰাধা গোবিন্দ বৰুৱা পথৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে (Assam CM visits Guwahati cites highways)।

পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে বিভিন্ন পথত থকা ষ্ট্ৰীট লাইটৰ বিষয়টো বুজ লয় । মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহাল আৰু মেয়ৰ মৃগেন শৰণীয়াই ।

মহানগৰীৰৰ ৰাজপথত মুখ্যমন্ত্ৰীৰ ভিজিট

সাংবাদিকে মহানগৰীত কৃত্ৰিম বানপানী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকী প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘এইবাৰ বৰষুণ বহুত হৈছে । আগতে যিটো বৰষুণ ৫ মাহত হয় এইবাৰ এটা মাহত হৈ গৈছে । নিয়মিতভাৱে কাম কৰিলে মানুহৰ সমস্যা সমাধান কৰিব পাৰিম । এইবাৰ নতুন পৌৰ নিগমৰ কমিটিখনে ভাল কাম কৰিব’’ ৷ আনহাতে, গুৱাহাটীৰ নিৰ্মিয়মান উৰণীয়া সেতু সম্পৰ্কে ড৹ শৰ্মাই কয় যে, কালাপাহাৰ নিৰ্মাণ হৈ থকা উৰণীয়া সেতুখনৰ কাম এইবাৰ পূজালৈ সম্পূৰ্ণ হ’ব ।

মালিগাঁও উৰণীয়া সেতু ২০২৩ ৰ পূজাত সম্পূৰ্ণ হ’ব (Maligaon Flyover to be completed in 2023)। জু-ৰোডৰ উৰণীয়া সেতু ২০২৪ ৰ বিহু আগত সম্পূৰ্ণ হ’ব । সকলোকে ২৪/৩৬ মাহ সময় দিয়া হৈছে । সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাম সম্পূৰ্ণ হ’ব । ইপিনে জাৱৰ নিষ্কাশন সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয় যে, জি এম চিৰ চুপাৰ চাকাৰ সম্পৰ্কে কয় যে চুপাৰ চাকাৰ চলালে খৰছ বেছি হয় । ১২ জন মানুহ লাগে । সেইকাৰণে GMC ক প্ৰয়োজনতহে ব্যৱহাৰ কৰি আছে ।

লগতে পঢ়ক : এবছৰত মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিব পৰা নাযায় : অশোক সিংহাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.