ETV Bharat / state

শীঘ্ৰেই প্ৰকাশ পাব ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নৱতম গ্ৰন্থ 'মুখ্যমন্ত্ৰীৰ ডায়েৰী' - গ্ৰন্থমেলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম গ্ৰন্থমেলাত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে অচিৰেই প্ৰকাশ পাব 'মুখ্যমন্ত্ৰীৰ ডায়েৰী' (Assam CM to publish his diary as book) ৷

assam-cm-to-publish-his-diary-as-a-cm-as-book
শীঘ্ৰেই প্ৰকাশ পাব ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নৱতম গ্ৰন্থ 'মুখ্যমন্ত্ৰীৰ ডায়েৰী'
author img

By

Published : Jan 8, 2022, 10:32 PM IST

গুৱাহাটী, ৮ জানুৱাৰী : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত প্ৰথম বাৰৰ বাবে আয়োজন কৰা অসম গ্ৰন্থমেলাত শনিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta in Assam book fair)। অসম গ্ৰন্থমেলাত সংবাদ মাধ্যমক মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, গ্ৰন্থ বিক্ৰীৰ অভিলেখ সৃষ্টি হৈছে (Book selling record in Assam book fair)। ইয়াত এতিয়ালৈ ২০০তকৈ অধিক গ্ৰন্থ উন্মোচন কৰা হৈছে । চাৰে চাৰি কোটি টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে । গ্ৰন্থ মেলাৰ শেষৰ দিনা ডেৰ-দুই কোটি টকাৰ গ্ৰন্থ বিক্ৰী হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা কৰে ।

শীঘ্ৰেই প্ৰকাশ পাব ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নৱতম গ্ৰন্থ 'মুখ্যমন্ত্ৰীৰ ডায়েৰী'

তেওঁ লগতে কয় যে, দৈনিক ২৫ হাজাৰ লোকৰ সমাগম হৈছে গ্ৰন্থমেলাত । এই গ্ৰন্থমেলাই সকলো দিশৰে পৰা অভিলেখ সৃষ্টি কৰিছে । অসমৰ অন্য স্থানতো উদ্যোক্তাই এনে গ্ৰন্থমেলা আয়োজনৰ চিন্তা চৰ্চা কৰিব পৰে । ড° শৰ্মাই গ্ৰন্থমেলাত অসম প্ৰকাশন পৰিষদে পুৰণি সাধু কথাক লৈ উলিওৱা ইউটিউব চেনেলটোৰো উদ্বোধন কৰে ৷ উল্লেখযোগ্য যে অহাবাৰ গ্ৰন্থমেলাত পাঠকৰ হাতত পৰিব 'মুখ্যমন্ত্ৰীৰ ডায়েৰী' (Assam CM to publish his diary as book) ।

এই সন্দৰ্ভত ড° শৰ্মাই কয় যে, তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ দিনাৰে পৰা দৈনন্দিন কাম কাজৰ বিৱৰণ দিনলিপিত লিপিবদ্ধ কৰি গৈছে ।

এই বৰ্ষৰ ১০ মেত তেওঁৰ দিনলিপিৰ এবছৰ সম্পূৰ্ণ হব । এই উপলক্ষে তেওঁ দিনলিপিখন 'মুখ্যমন্ত্ৰীৰ ডায়েৰী' শীৰ্ষক গ্ৰন্থ আকাৰে প্ৰকাশ কৰিব খুজিছে । প্ৰতিবছৰে আৰু পাঁচ বছৰলৈ প্ৰকাশ পাব মুখ্যমন্ত্ৰীৰ ডায়েৰী ৷ অহাবাৰৰ গ্ৰন্থমেলাত মুখ্যমন্ত্ৰী ডায়েৰীখন পঢ়ুৱৈৰ হাতত পৰিব বুলি তেওঁ কয় । এই ডায়েৰীৰ জৰিয়তে জনসাধাৰণে চৰকাৰখনক ওচৰৰ পৰা চোৱাৰ সুযোগ পাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । তেওঁ লগতে কয় গ্ৰাম্যাঞ্চলত গ্ৰন্থ মেলাৰ প্ৰয়োজন আছে , আমাৰ চৰকাৰে এই বিষয়টোৰ ওপৰতো আলোচনা কৰিছে ।

লগতে পঢ়ক : Assam Book Fair at Guwahati : শিশুৰ বাবে উপযোগী গ্ৰন্থৰ বিক্ৰীৰ হাৰ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.