ETV Bharat / state

CNG bus in Guwahati : CNG বাছৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

নতুন বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন চমক ৷ জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা গুৱাহাটীত চলিব ২০ খন CNG বাছ । এই বাছৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM to Inaugurated First CNG Filling Station in Guwahati) । ইতিমধ্যে গুৱাহাটী পালেহি ১০০ খন CNG বাছ (CNG bus in Guwahati) ।

author img

By

Published : Dec 20, 2022, 8:48 PM IST

CNG bus in Guwahati
নতুন বছৰত মহানগৰবাসীক নতুন চমক দিবলৈ সাজু চৰকাৰ

গুৱাহাটী, ২০ ডিচেম্বৰ : ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নতুন বছৰৰ বাবে আনিছে আন এক নতুন চমক । নতুন বছৰটোৰ আৰম্ভনিতে মহানগৰবাসীক নতুন চমকেৰে উপহাৰ দিবলৈ সাজু হৈছে চৰকাৰখনে । মহানগৰীৰ ৰাজপথত চলিব ১০০ খনকৈ CNG বাছ । ইতিমধ্যে গুৱাহাটী পালেহি এই ১০০ খন CNG বাছ (CNG bus in Guwahati) ।

স্মাৰ্ট চিটিৰ (Smart City) ৰ টকাৰে ASTC য়ে ক্ৰয় কৰিলে গেছ চালিত ১০০ খন বাছ । জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই গুৱাহাটীত চলিব ২০ খন CNG বাছ । এই CNG বাছ সেৱাৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM to Inaugurated CNG Filling Bus in Guwahati) । পৰৱৰ্তী সময়ত সম্পূৰ্ণ ১০০ খন বাছ চলিব গুৱাহাটীৰ ৰাজপথত ।

কোটি কোটি টকাৰ লোকচানত চলা ৰাজহুৱা খণ্ডৰ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ সেৱাৰ পুনৰ চমৎকাৰী প্ৰদৰ্শন । বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে চমক দি অসম ৰাজ্যিক পৰিবহন নিগমে গুৱাহাটীত মহিলা আৰু বয়োজ্যেষ্ঠসকলৰ বাবে মুকলি কৰিছিল ভ্ৰমণ সাৰথিৰ অধীনৰ ২৫ খনকৈ গুলপীয়া বাছ । পিচে বিফল হ’ল সেই অভিলাষী আঁচনিও । সম্প্ৰতি গুৱাহাটীৰ ৰাজপথৰ পৰা অন্তৰ্ধান হৈ পৰিছে সেই গুলপীয়া বাছবোৰ ।

লগতে পঢ়ক : Warning to Drink and Drive : সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ বাৰ্তা অসম আৰক্ষীৰ

মহানগৰীৰ ৰাজপথত পেট্ৰ’ল, ডিজেল অথবা বিদ্যুতৰ নহয়, এইবাৰ চলিব গেছ চালিত বাছ । গুৱাহাটীক প্ৰদূষণমুক্ত কৰাৰ লগতে পৰিবহণ নিগমৰ উপাৰ্জন বৃদ্ধিৰ লগত সংগতি ৰাখি নতুন চিন্তাৰে গেছ চালিত বাছৰ সংযোজন কৰা হৈছে ASTC ত । ২০২৩ বৰ্ষৰ জানুৱাৰীৰ প্ৰথম সপ্তাহত গুৱাহাটীত চলিব প্ৰথম ২০ খন বাছ ।

পৰৱৰ্তী সময়ত সম্পূৰ্ণ ১০০ খন CNG বাছৰ চলাচল হ'ব গুৱাহাটীৰ ৰাজপথত । TATA ৰ পৰা ক্ৰয় কৰা হৈছে এই CNG বাছসমূহ । তথ্য অনুসৰি, প্ৰতিখন বাছৰ মূল্য প্ৰায় ৪০ লাখ টকা । আনহাতে, স্থাপন কৰা হৈছে গেছ যোগানৰ দুটাকৈ পইণ্ট (CNG Filling Station)। সম্প্ৰতি ISBT আৰু ৰূপনগৰ পৰিবহণ নিগমৰ চৌহদত CNG বাছবোৰ ৰখা হৈছে ।

ইফালে সোমবাৰে পূৰ্ব-ভাৰতী গেছ লিমিটেড নামৰ কোম্পানীটোৱে নিবিদা লাভ কৰা পাম্পটো পৰিদৰ্শন কৰি ইয়াৰ কাম-কাজৰ বুজ লয় মন্ত্ৰী বিমল বড়াই ৷ গুৱাহাটী স্মার্ট চিটি প্ৰকল্পৰ (Smart City Project) অধীনত গেছ চালিত বাছসমূহৰ পৰীক্ষা ইতিমধ্যে সমাপ্ত হৈছে (CNG Filling Bus in Guwahati) ৷ এই বাছসমূহ মুকলি হ’লে মহানগৰীৰ ৰাইজৰ যথেষ্ট পৰিমাণে সুবিধা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

উল্লেখ্য যে, বায়ু আৰু শব্দ প্ৰদূষণ ৰোধৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে । গেছ চালিত বাছসমূহত এবাৰ গেছ ভৰালে ২৫০ কিলোমিটাৰ চলিব পাৰিব ৷ তথ্য অনুসৰি, গুৱাহাটীৰ কেইবাটাও স্থানত CNG পাম্প স্থাপনৰ কাম চলি আছে (CNG Filling Station) ৷ পৰৱর্তী সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই গেছ চালিত বাছসমূহ চলিব ৷

লগতে পঢ়ক : CNG Filling Station: শীঘ্ৰে মহানগৰীত মুকলি হ’ব CNG পাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.