ETV Bharat / state

Assam govt 2 years anniversary : কাইলৈ দুবছৰীয়া হ’ব ৰাজ্যৰ বিজেপি চৰকাৰৰ

ৰাজ্য চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্য চৰকাৰৰ ব্যাপক প্ৰস্তুতি ৷ বুধবাৰ অৰ্থাৎ 10 মে’ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সম্পূৰ্ণ কৰিব কাৰ্যকালৰ দুটা বছৰ (two years anniversary of Assam govt)।

author img

By

Published : May 9, 2023, 9:19 AM IST

Updated : May 9, 2023, 9:25 AM IST

Assam govt 2 years anniversary
10 মে’ত ৰাজ্য চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি

নিউজ ডেস্ক, 9 মে’ : বুধবাৰে কাৰ্যকালৰ 2 টা বছৰ সম্পূৰ্ণ কৰিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে ৷ ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৷ ৰাজ্য চৰকাৰখনে ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান 9-11 মে' পৰ্যন্ত উদযাপনৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে (Two years anniversary of Assam govt)।

সোমবাৰে গুৱাহাটীৰ জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ 26 মে'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমলৈ আহিব । ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ড, অসমে সোমবাৰে 5730 টা পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ৷ যাৰ ভিতৰত 5421গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে ।

5730 টা পদৰ ভিতৰত অসম আৰক্ষীত 1407 টা, DGCD & CGHG ত 412 টা, APRO ত 556 টা, F&ES ত 43 টা, কাৰাগাৰ বিভাগত 303 টা পদ, আবকাৰী বিভাগত 222 টা আৰু বন বিভাগত 2787 টা পদ আছিল (Assam to celebrate second anniversary of BJP govt)। 1279 গৰাকী প্ৰাৰ্থীৰ ভিতৰত অসম আৰক্ষীৰ বাবে নিৰ্বাচিত হৈছে 307 গৰাকী প্ৰাৰ্থী লগতে ডিজিচিডি আৰু চিজিএইচজিত নিৰ্বাচিত হৈছে 307 গৰাকী, এপ্ৰ'ত 553 গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে ৷ এফ এণ্ড ই এছত 39 গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বিপৰীতে 301 গৰাকী কাৰাগাৰ বিভাগত নিৰ্বাচিত হৈছে ৷ আবকাৰী বিভাগত 222 জন আৰু বন বিভাগত 2720 গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছে (Assam CM on Assam govt anniversary) ।

ফলাফল ঘোষণা কৰি অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে গুৱাহাটীৰ অসম আৰক্ষী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত 5730 টা পদৰ ভিতৰত 5421 টা প্ৰাৰ্থী নিৰ্বাচিত কৰা হৈছে বুলি সদৰী কৰে ৷ এই পদসমূহৰ বাবে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ড, অসমত 23,78,326 খন আবেদন লাভ কৰিছে । ইয়াৰ পূৰ্বে 3 মে' আৰু 4 মে'ত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে তৃতীয় বৰ্গৰ 11324 টা পদৰ ফলাফল ঘোষণা কৰে ৷ ৰাজ্য চৰকাৰৰ চতুৰ্থ শ্ৰেণীৰ 14281 টা পদৰো ইতমধ্যে ফলাফল ঘোষণা কৰা হয় বুলি সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে (DGP GP Singh press meet)।

লগতে পঢ়ক : Kerala tragedy : পলাতক নাৱৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, ন্যায়িক তদন্তৰ নিৰ্দেশ চৰকাৰৰ

Last Updated : May 9, 2023, 9:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.