ETV Bharat / state

এটা সময়ত অসমত ক্ৰাইম নোহোৱা হৈ যাব : মুখ্যমন্ত্ৰী

author img

By

Published : Feb 22, 2022, 9:03 PM IST

মহানগৰীত ব্যৱসায়ীক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া (Assam CM reaction on guwahati firing incident)। গুৱাহাটীত বিগত ৯ মাহত যিমানকেইটা ক্ৰাইম হৈছে গোটেই কেইটা ধৰা হৈছে আৰু এইটোও ধৰা হ'ব । বিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এই বৰ্ষৰ জানুৱাৰী মাহলৈ অসমত ৩০ শতাংশ ক্ৰাইম কমিছে ।

Guwahati firing incident
এটা সময়ত অসমত ক্ৰাইম নোহোৱা হৈ যাব : মুখ্যমন্ত্ৰী

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীত সোমবাৰে নিশা এজন ব্যৱসায়ীক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Assam CM reaction regarding guwahati firing incident)ই । মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ক্ৰাইম কৰা জনক ধৰিব পৰিলে মানুহে নিজকে সুৰক্ষিত অনুভৱ কৰে । গুৱাহাটীত বিগত ৯ মাহত যিমানকেইটা ক্ৰাইম হৈছে গোটেই কেইটা ধৰা হৈছে আৰু এইটোও ধৰা হ'ব ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, আইনে যেতিয়া অপৰাধীক ধৰিব আৰু ইয়াত ক্ৰাইম কৰিলে সাৰি যাব নোৱাৰে, তেতিয়া বেয়া কাম কৰা মানুহবোৰ নোহোৱা হৈ যায় । বিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এই বৰ্ষৰ জানুৱাৰী মাহলৈ অসমত ৩০ শতাংশ ক্ৰাইম কমিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে । তেওঁ কয় যে, এটা সময়ত অসমত ক্ৰাইম নোহোৱা হৈ যাব ।

ইয়াৰ বাবে এবছৰ-দুবছৰ সময় লাগিব ।

উল্লেখ্য যে, সোমবাৰে নিশা প্ৰায় ৯ বজাত মহানগৰীৰ ছাত্ৰীবাৰীত অৱদেশ যাদৱ নামৰ এজন ব্যৱসায়ীক বাইকত অহা দুজন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে । নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি স্ব-গৃহৰ পদুলিত উপস্থিত হোৱাৰ সময়তে ঘটনাটো সংঘটিত হয় । দুৰ্বৃত্তৰ গুলীত আহত অৱদেশ যাদৱক ততাতৈয়াকৈ মাৰোৱাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷

কিন্তু তেতিয়া চিকিৎসকে আহত অৱদেশ যাদৱক মৃত বুলি ঘোষণা কৰে (Businessman shot dead in Guwahati) । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু মঙলবাৰে তিনিজন লোকক আটক কৰিছে যদিও হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক : Businessman shot dead in Guwahati: মহানগৰীত আততায়ীৰ গুলীচালনাত ব্যৱসায়ীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.