গুৱাহাটী, ১৪ মাৰ্চ: কাছাৰৰ পাচঁগ্ৰাম কাগজ কল আৰু জাগীৰোডৰ নগাঁও কাগজ কলৰ মাটি ৰাজ্য চৰকাৰলৈ হস্তান্তৰৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে (Land handover of Assam paper mill)। বিধানসভাৰ মজিয়াত সোমবাৰে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ।
বাজেট অধিবেশনৰ প্ৰথম দিনটোত ৰাজ্যৰ উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত উত্থাপন কৰে দ্য আছাম ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্টাকচাৰ ডেভেলপমেন্ট কৰ্প'ৰেছন সংশোধনী বিধেয়ক । বিভাগীয় মন্ত্ৰীগৰাকীয়ে এই বিধেয়কখন সদনত উত্থাপন কৰাৰ পিছতে কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দে' পুৰকায়স্থই কাগজ কল দুটাৰ প্ৰসংগত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে । তেতিয়া মুখ্যমন্ত্ৰীয়ে সদনত কয় যে, হিন্দুস্তান পেপাৰ কৰ্প'ৰেছনে ইতিমধ্যে কাগজ কল দুটাৰ মাটি ৰাজ্য চৰকাৰলৈ হস্তান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
বিধানসভাত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ইতিমধ্যে ৭৫০ কোটি টকা মোকলাই দিয়াৰো ব্যৱস্থা কৰা হৈছে । এই ধনেৰে কল দুটাৰ কৰ্মচাৰীসকলে পাবলগীয়া হৈ থকা দৰমহা, বিদ্যুতৰ বিল আদি পৰিশোধ কৰা হ’ব । আনহাতে, এডভান্টেজ আছামৰ পিছত অসমৰ ঔদ্যোগিক খণ্ডত দ্ৰুত বিকাশ সম্ভৱ হৈছে বুলিও মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিধানসভাত প্ৰকাশ কৰে ।
মনকৰিবলগীয়া যে, জাগীৰোড কাগজ কল আৰু পাচগ্ৰামৰ কাগজ কল দুটা নিলামৰ বাবে ইতিমধ্যে একাধিকবাৰ বিজ্ঞাপন জাৰি কৰাৰ পিছতো এই পৰ্যন্ত কোনেও ক্ৰয় কৰিবলৈ আগবাঢ়ি অহা নাই ।
লগতে পঢ়ক: Assam budget for 2022-23: বিজেপিৰ শাসনত বাজেটৰ ধনতকৈ খৰছৰ পৰিমান কম