ETV Bharat / state

প্ৰধানমন্ত্ৰী আহিলে...কামাখ্যা ক’ৰিড’ৰৰ আধাৰশিলা হ’ব; লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন হ’ব - Kamakhya corridor project

দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি বিভিন্ন দিশৰ পৰামৰ্শ ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে অসমলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনালে মুখ্য়মন্ত্ৰীগৰাকীয়ে ৷

Assam CM meets pm Modi
Assam CM invites PM Modi to Assam
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 5:21 PM IST

Updated : Dec 12, 2023, 6:44 AM IST

গুৱাহাটী, ১১ ডিচেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । সাক্ষাৎ কালত প্ৰধানমন্ত্ৰী মোদীক অসম ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰী শৰ্মাই । নিজৰ X হেণ্ডেলত এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

  • I had the privilege to call upon Hon’ble Prime Minister Shri @narendramodi ji today. Shared Assam's immense gratitude for his continuous guidance & leadership and briefed him on the ongoing pro-people programs during our interaction.

    1/3 pic.twitter.com/srW2SxXIjV

    — Himanta Biswa Sarma (@himantabiswa) December 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ লগত এখন‌ বৈঠকতো মিলিত হয় ।‌ বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বিষয়ে আলোচনা কৰাৰ লগতে আৰু 2024 চনত অসম ব্যৱসায়িক সন্মিলন আয়োজনৰ ক্ষেত্ৰত নিৰ্দেশনা বিচাৰে মুখ্যমন্ত্ৰীয়ে । ড৹ শৰ্মাই X ৰ জৰিয়তে সদৰী কৰা মতে দুয়োগৰাকীৰ মত বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ নিৰন্তৰ নিৰ্দেশনা আৰু নেতৃত্বৰ বাবে অসমৰ অপৰিসীম কৃতজ্ঞতা প্ৰকাশ কৰে ।

  • It was my pleasure to extend an invitation to Hon PM to visit Assam and

    ✅Lay the foundation stone of the Kamakhya Corridor project
    ✅Dedicate the grand statue of Bir Lachit at Jorhat
    ✅ Inaugurate the Tinsukia Medical College &lay the foundation of Sivasagar Medical College
    2/3 pic.twitter.com/hgJkTrHoUf

তেওঁ প্ৰধানমন্ত্ৰীক ৰাজ্যখনত চলি থকা জনসাধাৰণমুখী কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে । প্ৰধানমন্ত্ৰী মোদীক জনোৱা আমন্ত্ৰণৰ মূল বিষয়ৰ ভিতৰত কামাখ্যা ক’ৰিডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন, যোৰহাটত বীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় উদ্বোধন আৰু শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ প্ৰস্তাৱ অন্যতম ।

তেওঁ X ৰ জৰিয়তে কয়, "আজি মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰিলো । তেওঁৰ নিৰন্তৰ নিৰ্দেশনা আৰু নেতৃত্বৰ বাবে অসমৰ অপৰিসীম কৃতজ্ঞতা আগবঢ়াইছো আৰু আমাৰ মত-বিনিময়ৰ সময়ত জন-সমৰ্থক কাৰ্যসূচীসমূহৰ বিষয়ে তেওঁক অৱগত কৰিছো ।’’

  • Furthermore, I took the opportunity to seek the Hon’ble PM’s counsel on organizing the Assam Business Summit in 2024. Our aim is to establish it as a platform to attract private investments and accelerate our economic growth.

    3/3 pic.twitter.com/zqcMZeab5X

উল্লেখযোগ্য যে বৈঠকত সুযোগৰ সদ্ব্যহাৰ কৰি মুখ্যমন্ত্ৰী শৰ্মাই 2024 চনত অসম ব্যৱসায়িক সন্মিলন আয়োজনৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ বিচাৰিছিল । ব্যক্তিগত বিনিয়োগক আকৰ্ষিত কৰা আৰু ৰাজ্যখনত অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ এক মঞ্চ হিচাপে সন্মিলনখনৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শৰ্মাই প্ৰধানমন্ত্ৰীৰ পৰা নিৰ্দেশনা লাভ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ।

উল্লেখ্য যে অসম ব্যৱসায়িক সন্মিলনৰ লক্ষ্য হৈছে ব্যক্তিগত বিনিয়োগ বৃদ্ধিৰ বাবে অনুঘটক হিচাপে কাম কৰা, যি ৰাজ্যখনৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাব । মুখ্যমন্ত্ৰী শৰ্মা আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত হোৱা আলোচনাই অসমক বিকাশৰ গতিপথ আগুৱাই নিয়াৰ দিশত এক সহযোগিতামূলক প্ৰচেষ্টাক চিহ্নিত কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: ৩৭০ অনুচ্ছেদ বাতিলৰ সমৰ্থনত উচ্চতম ন্যায়ালয়ে কৰা ৰায়ক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

Last Updated : Dec 12, 2023, 6:44 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.