গুৱাহাটী, ২২ ডিচেম্বৰ: অসম চাহ নিগমৰ অধীনস্থ ৰুগ্ন বাগিচাসমূহ পৰিচালনাৰ ক্ষেত্ৰত আহি পৰা অসুবিধাৰ পৰিপ্ৰেক্ষিতত এই চাহ বাগিচাসমূহ ব্যক্তিগত প্ৰতিষ্ঠানক লীজতহে দিয়া হ’ব । চাহ বাগিচাসমূহ বিক্ৰী কৰা নহয় আৰু বাগিচাসমূহৰ মালিকীস্বত্ত্ব অসম চাহ নিগমৰ হাততে থাকিব (Assam CM meeting regarding tea garden condition) । এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) ।
![Assam CM meeting regarding tea garden condition in Janata Bhawan in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-09-cm-meeting-on-tea-garden-7209925_22122022210633_2212f_1671723393_167.jpg)
বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত আয়োজন কৰা এখন বৈঠকত অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচাসমূহৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বান আৰু অনাগত দিনত ল’বলগীয়া পদক্ষেপৰ বিষয়ে অসম চাহ মজদুৰ সংঘকে (Assam Tea Workers Union) ধৰি অন্যান্য অংশীদাৰসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে (Meeting regarding tea garden condition)।
![Assam CM meeting regarding tea garden condition in Janata Bhawan in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-09-cm-meeting-on-tea-garden-7209925_22122022210633_2212f_1671723393_397.jpg)
এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে কয় যে চাহ বাগিচাসমূহ লীজতহে দিয়া হ’ব, চাহ বাগিচাসমূহ বিক্ৰী কৰা নহয় আৰু বাগিচাসমূহৰ মালিকীস্বত্ত্ব অসম চাহ নিগমৰ হাততে থাকিব (Assam Tea Corporation)। বাগিচাসমূহ লীজত লৈ পৰিচালনাৰ দায়িত্ব লোৱা নতুন কর্তৃপক্ষই যদি বাগিচাসমূহৰ কৰ্মচাৰী তথা কৰ্মীসকলৰ প্ৰাপ্য আদায় দিয়াত ব্যর্থ হয় তেন্তে ৰাজ্য চৰকাৰে তেনে বাগিচাসমূহ পৰিচালনাৰ দায়িত্ব ওভতাই আনিব বুলিও মুখ্যমন্ত্ৰীয়ে উপস্থিত অংশীদাৰসকলক অৱগত কৰে (CM meeting in Janata Bhawan)।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসম চাহ নিগমৰ পৰা ব্যক্তিগত প্ৰতিষ্ঠানক লীজলৈ দিয়াৰ সময়চোৱাত চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ অধিকাৰ আৰু প্ৰাপ্য যাতে সুৰক্ষিত হৈ থাকে সেয়া সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে একোখনকৈ তিনিজনীয়া সমিতি গঠন কৰিব ।
বৈঠকত চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ, অসম চাহ নিগমৰ অধ্যক্ষ তথা বিধায়ক ৰাজদ্বীপ গোৱালা, অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰূপেশ গোৱালাৰ উপৰি ভাৰতীয় চাহ মজদুৰ সংঘ, অসম চাহ কৰ্মচাৰী সংঘ আৰু ভাৰতীয় চাহ কৰ্মচাৰী ইউনিয়ন, বৰাকভেলীৰ প্ৰতিনিধিবৰ্গৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল ।
লগতে পঢ়ক: Attractive tourist destination in Guwahati: ব্ৰহ্মপুত্ৰৰ বালি চাপৰিক লৈ পৰ্যটন বিভাগৰ নতুন পৰিকল্পনা