গুৱাহাটী,18 ফেব্ৰুৱাৰী : অসমবাসীৰ বাবে সুখবৰ ৷ মহাৰাষ্ট্ৰত প্ৰতিষ্ঠা কৰা হৈছে নামঘৰ ৷ মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ ৰাইজৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ সহযোগত শুকুৰবাৰে গাঁওখনত শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়(Namghar established in Maharashtra) । আধাৰশিলা স্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM lays foundation stone of Namghar) ৷
![Assam CM lays foundation stone of Namghar in Maharashtra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-cm-hbs-lays-foundation-stone-of-namghar-in-maharashtra-7209925_18022022134540_1802f_1645172140_37.jpg)
সামাজিক মাধ্যমত এই কথা সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, "ৰাজ্যৰ বাহিৰত থাকিও নিজৰ শিপা পাহৰি নোযোৱা এইসকলৰ দৰে শ্ৰদ্ধেয় ব্যক্তিৰ প্ৰচেষ্টাতেই যে এদিন অসমীয়া সংস্কৃতিয়ে জগত সভাত স্ব-গৰিমাৰে উজলি উঠিবলৈ সক্ষম হ'ব, সেয়া ধুৰুপ ।"
![Assam CM lays foundation stone of Namghar in Maharashtra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-cm-hbs-lays-foundation-stone-of-namghar-in-maharashtra-7209925_18022022134540_1802f_1645172140_619.jpg)
ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই নামঘৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদানকে ধৰি সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ লগতে নামঘৰৰ সমীপত মা কামাখ্যা দেৱীৰ এটি মন্দিৰ নিৰ্মাণৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক মহেন্দ্ৰ থোৰাৱেৰ লগতে মুম্বাইৰ অসম এছ'চিয়েচন আৰু শ্ৰীময়ী অসমীয়া মহিলা সমাজৰ বিষয়ববীয়াসকল ।
লগতে পঢ়ক : গ্ৰামাঞ্চললৈ সুখবৰঃ পঞ্চদশ বিত্ত আয়োগৰ পুঁজিৰ ৭০ শতাংশ পুঁজিয়েই পাব গাঁও পঞ্চায়তে