গুৱাহাটী, 1 আগষ্ট : ‘‘মিছন ভূমিপুত্ৰ’’ৰ অধীনত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতি আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ লোকে এতিয়াৰে পৰা লাভ কৰিব পাৰিব ডিজিটেল জাতিগত প্ৰমাণ পত্ৰ । সোমবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত ‘‘মিছন ভূমিপুত্ৰ’’ পৰ্টেল মুকলি কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Launches Mission Bhumiputra Portal) ৷
উক্ত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজিৰ দিনটো আনন্দ আৰু প্ৰাপ্তিৰ দিন । ৰাইজে চৰকাৰী সেৱাবোৰ সহজভাৱে পাব লাগে । এই বিষয়ত কোনো জটিলতাৰ সৃষ্টি কৰি মানুহক হাৰাশাস্তি কৰিব নালাগে । সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাইজে চৰকাৰী সেৱাবোৰ সহজভাৱে পোৱাৰ বাবে আৰম্ভণিৰ পৰা গুৰুত্ব দি আছে ।
লগতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, পশ্চিমীয়া উন্নত দেশবোৰত চৰকাৰৰ উন্নয়নমূলক কামবোৰ অনলাইন যোগে উপলব্ধ ।
লগতে পঢ়ক : Vineet committed suicide case: দীৰ্ঘ বিৰতিৰ মূৰত অভিযুক্ত সঞ্জয় শৰ্মাৰ আত্মসমৰ্পণ
তাত মানুহে এখন ড্ৰাইভিং লাইচেঞ্জ, প্ৰমাণ পত্ৰ আদি উলিয়াবলৈ হাৰশাস্তি খাব নালাগে । কিন্তু ভাৰতত 75 বছৰে এই ব্যৱস্থা গঢ়ি তোলা হোৱা নাছিল । যাৰ বাবে দেশত এক দালালৰ চক্ৰ গঢ়ি উঠিছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনৰ পিছত এই দালালৰ চক্ৰ ভাঙি দি ৰাইজক চৰকাৰী সেৱাবোৰ সহজভাৱে পোৱাৰ ব্যৱস্থা কৰা হৈছে ।
তেওঁ আৰু কয় যে, ‘‘মিছন ভূমিপুত্ৰ’’ৰ (Mission Bhumiputra Scheme) অধীনত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতি আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ লোকে এতিয়াৰে পৰা লাভ কৰিব পাৰিব ডিজিটেল জাতিগত প্ৰমাণ পত্ৰ । অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতি আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ লোকে জাতিগত প্ৰমাণ পত্ৰ লাভ কৰাৰ বাবে কোনো দালালৰ ওচৰত যাব নালাগে । কোনো কষ্ট খাব নালাগে ।
এতিয়াৰ পৰা Bhumiputra.assam.gov.in জৰিয়তে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতি আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ লোকে জাতিগত প্ৰমাণ পত্ৰ লাভ কৰাৰ আবেদন কৰিব পাৰিব । লগতে তেওঁলোকে এই জাতিগত প্ৰমাণ পত্ৰ অনলাইনযোগে লাভ কৰিব পাৰিব ।
লগতে পঢ়ক : Independence Day Preparations: ৰঙিয়া মহাবিদ্যালয়ত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি
অহা 8 আগষ্টৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতি আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সংশ্লিষ্ট জিলা উপায়ুক্তই শিক্ষানুষ্ঠানৰ মুৰব্বীৰ জৰিয়তে জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰিব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনাই যে, চৰকাৰে শীঘ্ৰে জনজাতিসকলৰ ভূমি অধিকাৰ বিষয়ত গুৰুত্বপূৰ্ণ কাম কৰিব ।
উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, ‘‘মিছন ভূমিপুত্ৰ’’ৰ অধীনত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতি আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ লোকে লাভ কৰিব পাৰিব ডিজিটেল মাধ্যমৰ জৰিয়তে জাতিগত প্ৰমাণ পত্ৰ লাভ কৰিব পৰা ব্যৱস্থাই বহু জটিলতা আঁতৰ কৰিলে ।
আগতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতি আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ লোকে জাতিগত প্ৰমাণ পত্ৰ লাভ কৰাৰ বিষয়ত বহুত কষ্ট কৰিবলগীয়া হৈছিল । উল্লেখ্য যে, উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে দলীয় কৰ্মীসকল ।
লগতে পঢ়ক : Har Ghar Tiranga Abhiyan: কৰিমগঞ্জৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰিছে এগৰাকী যুৱতীয়ে